অসমবাসীৰ বাবে পুনৰ এক গৌৰৱৰ খবৰ । অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা । অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদানত বৃহস্পতিবাৰে অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ লগে লগে অন্ত পৰিল দিৰ্ঘদিনীয়া এক প্ৰতীক্ষাৰ । এই খবৰে আনন্দিত কৰি তুলিছে ৰাজ্যবাসীক । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত অসমীয়া ভাষাই লাভ কৰা এই বিৰল প্ৰাপ্তিৰ খবৰ ৰাজ্যবাসীক অৱগত কৰিছে ।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে “প্ৰাণৰ ‘অসমীয়া ভাষাটিলৈ ‘ ধ্ৰুপদী ভাষাৰ মৰ্যদা । কথাটিয়েই মনটো ভৰাই তুলিছে । হয়টো একে অনুভৱেৰে আপুনিও মহীয়ান হৈছে… ।“
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে অসমীয়াৰ লগতে মাৰাঠী, পালি বাংলা আৰু প্ৰাকৃত ভাষাকো ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছে । ভাৰত চৰকাৰে ২০০৪ চনৰ ১২ অক্টোবৰত তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰি “ধ্ৰুপদী ভাষা” হিচাপে নতুন শ্ৰেণীৰ ভাষা সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ পিছত সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু ওড়িয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে । এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি পোৱা ভাষাৰ সংখ্যা ১১ টা হ’লগৈ ।
ইফালে আজিৰ এই ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে । তেওঁ কয় “আমাৰ চৰকাৰে ভাৰতৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতিক আদৰণি জনাইছে আৰু উদযাপন কৰিছে। আঞ্চলিক ভাষাসমূহক জনপ্ৰিয় কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আমি অটল আছো। অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীসভাই সিদ্ধান্ত লোৱাত মই অত্যন্ত আনন্দিত হৈছো। সেইবোৰৰ প্ৰত্যেকেই সুন্দৰ ভাষা, যি আমাৰ জীৱন্ত বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। সকলোকে অভিনন্দন” ।