হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন টি-২০ মেচত মেন ইন ব্লু দলে ৰাণৰ পাহাৰ গঢ়িছে । উইকেটকীপাৰ বেটছমেন সঞ্জু ছেমছন আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বেটিং বিক্ৰমৰ সহায়ত ভাৰতে বাংলাদেশক জয়ৰ বাবে বান্ধি দিলে ২৯৮ ৰাণৰ বৃহৎ লক্ষ্য ।
মেচখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২৯৭ ৰাণৰ বৃহৎ স্ক’ৰ সংগ্ৰহ কৰে ।
অপেনিং বেটছমেন সঞ্জু ছেমছনে মাত্ৰ ৪৭ টা বলতে ১১১ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । ছেমছনে ৮ টা ছয় আৰু ১১ টা চাৰিৰে ১১১ ৰাণৰ এই দু্ৰ্দান্ত ইনিংছ খেলি সমালোচকৰ মুখ বন্ধ কৰে । খেলখনত সঞ্জু ছেমছনে ৰিশাদ হুছেইনৰ একেটা অভাৰত একেৰাহে ৫ টা ছয় কোবাই । সঞ্জুৱে ৪০ টা বলত প্ৰথম টি-২০ আন্তৰ্জাতিক শতক অৰ্জন কৰে, যিটো এজন ভাৰতীয়ৰ দ্বাৰা টি-২০ আন্তৰ্জাতিকত দ্বিতীয় দ্ৰুততম শতক। আনহাতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৩৫ টা বলত ৫ টা ছয় আৰু ৮ টা চাৰিৰে ৭৫ ৰাণৰ বিশ্পোৰক ইনিংছ খেলে ।
ইয়াৰ পিছতে ৰিযান পৰাগেও নিজৰ বিস্ফোৰক প্ৰদৰ্শনেৰে ১৩ টা বলত ৪ টা ছয় আৰু ১ টা চাৰিৰ সহায়ত ৩৪ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে । ইফালে অভিজ্ঞ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই দুৰ্দান্ত প্ৰদৰ্শনেৰে ১৮ টা বলৰ সন্মুখীন হৈ ৪ টা চাৰি আৰু ৪ টা ছয়ৰ সহায়ত ৪৭ ৰাণ সংগ্ৰহ কৰে ।
উল্লেখ্য যে, ভাৰতে তিনিখনীয়া টি-২০ মেচৰ এই শৃংখলা ২-০ ব্যৱধানত ইতিমধ্যেই দখল কৰিছে ।