চলচ্চিত্ৰ নিৰ্মাতা-অভিনেতা অনুৰাগ কাশ্যপ বৰ্তমান বিশেষ বিতৰ্কৰ বাবে চৰ্চাত আছে । শেহতীয়াকৈ তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিষয়ে কিছু মন্তব্য কৰিছিল, তাৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পিছতে এতিয়া অনুৰাগ কাশ্যপে ক্ষমা বিচাৰিছে । ছচিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট লিখি ক্ষমা বিচাৰিছে চলচ্চিত্ৰ পৰিচালকজনে ।
ক্ষমা বিচাৰিলে অনুৰাগ কাশ্যপে-
অনুৰাগ কাশ্যপে লিখিছে, ‘খঙেৰে কাৰোবাক উত্তৰ দিওঁতে মোৰ মৰ্যদা পাহৰিলোঁ আৰু সমগ্ৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিষয়ে বেয়াকৈ ক’লো । সেই সমাজখন, যাৰ বহু লোক মোৰ জীৱনত আছিল, এতিয়াও আছে আৰু বহুত অৰিহণা যোগাইছে । আজি তেওঁলোক সকলোৱে মোৰ বাবে আঘাত পাইছে । মই সন্মান কৰা বহু বুদ্ধিজীৱীয়ে সেই খঙত কথা কোৱাৰ ধৰণত আঘাত পায় । এনে এটা কথা কৈ মই নিজেই বিষয়টোৰ পৰা বিচ্যুত হ’লোঁ ৷’
অনুৰাগে আৰু লিখিছে, ‘মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছো । এই সমাজখনক মই এই কথা ক’ব বিচৰা নাছিলো, কিন্তু খঙত কাৰোবাৰ বেয়া মন্তব্যৰ প্ৰতি সঁহাৰি জনাই লিখিছিলোঁ । মই ক্ষমা বিচাৰিছোঁ । মোৰ কথা কোৱাৰ ধৰণ আৰু গালি-গালাজৰ বাবে মোৰ সকলো সতীৰ্থ বন্ধুৰ পৰা, মোৰ পৰিয়ালৰ পৰা আৰু সেই সম্প্ৰদায়ৰ পৰা মই ক্ষমা বিচাৰিছো । এতিয়া মই ইয়াৰ ওপৰত কাম কৰিম যাতে পুনৰ এনেকুৱা নহয় । মোৰ খঙৰ ওপৰত কাম কৰিম আৰু যদি বিষয়টোৰ ওপৰত কথা পাতিব লাগে তেন্তে সঠিক শব্দ ব্যৱহাৰ কৰিম । আশাকৰোঁ আপোনালোকে মোক ক্ষমা কৰিব ।’
উল্লেখ্য যে, শেহতীয়াকৈ ফুলে নামৰ এখন হিন্দী ছবি মুক্তি পাবলগীয়া আছিল । কিন্তু এই ছবিখনে জাতিবাদৰ প্ৰচাৰ কৰা বাবে মুক্তি পাব নোৱাৰিলে । ইয়াৰ পিছত অনুৰাগ কাশ্যপে চেন্সৰ ব’ৰ্ড আৰু ব্ৰাহ্মণ সমাজক লৈ ছ’চিয়েল মিডিয়াত বহু আপত্তিজনক মন্তব্য কৰে । ইয়াৰ পিছত অনুৰাগে বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ।