ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মঙলবাৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কাজানত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ আয়োজন কৰা হৈছে । কাজানত অনুষ্ঠিত হোৱা এই শীৰ্ষ সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত এক বৈঠক অনুষ্ঠিত হয় । এই সময়ত দুয়োজন নেতাই ইজনে সিজনক উষ্মভাৱে সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে হাত মিলাই । ইয়াৰ পিছতে দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বিষয়ত আলোচনা হয় । সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ কথা উল্লেখ কৰে ৷ তেওঁ পুনৰবাৰ পুটিনক শান্তিৰ আহ্বান জনাই ।
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াক তেওঁলোকৰ উষ্ম আতিথ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, “কাজান চহৰৰ ভাৰতৰ সৈতে ঐতিহাসিক সম্পৰ্ক আছে । ইয়াত, ভাৰতে এক নতুন বাণিজ্য অভিযান আৰম্ভ কৰিছে ।” প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “যোৱা কেইমাহমানৰ ভিতৰত মই দ্বিতীয়বাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰিছো । এই বছৰৰ জুলাই মাহত মস্কোত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মোৰ বৈঠক হৈছিল । দুয়োখন দেশৰ মাজত এই উৎসাহে গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰে । ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু গভীৰ হৈ পৰিছে ।”
ৰাছিয়া-ইউক্ৰেইনৰ সংকট আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাত সন্দৰ্ভত মই ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে নিৰন্তৰ যোগাযোগত আছো । মই আগতে কৈছিলো যে ভাৰতে বিশ্বাস কৰে যে যিকোনো সংকট বা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা উচিত । ভাৰতে শান্তি আৰু স্থিৰতাক সম্পূৰ্ণ সমৰ্থন কৰে । আমাৰ প্ৰচেষ্টা মানৱতাৰ প্ৰচাৰৰ ওপৰত কেন্দ্ৰীভূত । ভৱিষ্যতে, ভাৰতে ইয়াৰ বাবে সকলো সম্ভৱ সহায় আগবঢ়াবলৈ সাজু ।”