কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে মুম্বাইত ভাৰতীয় জনতা পাৰ্টিৰ ‘সংকল্প পত্ৰ’ মুকলি কৰে । এই সময়ছোৱাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাজ্যিক বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱনকুলেও উপস্থিত থাকে । মুম্বাইত আয়োজিত এক অনুষ্ঠানত ফাড়নবিছে কয় যে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰখন উন্নত ভাৰতৰ বাবে, উন্নত মহাৰাষ্ট্ৰ গঢ়ি তোলাৰ ৰোডমেপ । বিজেপিৰ ইস্তাহাৰত ২৫ টা প্ৰতিশ্ৰুতি দিয়া হৈছে ।
ইস্তাহাৰ উন্মোচন কৰি অমিত শ্বাহে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু ৰাহুল গান্ধীক লক্ষ্য কৰি লয় । লগতে ৰাহুল গান্ধীয়ে সংবিধান কঢ়িয়াই অনাক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ । অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে যিখন সংবিধান কঢ়িয়াই লৈ ফুৰিছে সেয়া খালী । তাৰ ভিতৰত এটা শব্দও লিখা নাই ।
মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব AI বিশ্ববিদ্যালয়-
অমিত শ্বাহে প্ৰতিশ্ৰুতি দিয়ে যে কেৱল মহাৰাষ্ট্ৰতে ৫০ লাখ লাখপতি দিদী সৃষ্টি হ’ব । লগতে শ্বাহে দেশৰ প্ৰথমখন এ আই বিশ্ববিদ্যালয় পুনে, নাগপুৰ, অহিল্যাবাই নগৰত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । গৃহ মন্ত্ৰীগৰাকীয়ে ২০২৭ চনৰ ভিতৰত ভাৰতক তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ বিজেপিৰ প্ৰতিশ্ৰুতিৰ কথাও পুনৰ দোহাৰে ।
বিজেপিৰ সংকল্প পত্ৰৰ বিশেষ প্ৰতিশ্ৰুতি-
– লাডলী বেহনা যোজনাৰ অধীনত মহিলাক প্ৰতিমাহে ২১০০ টকা
– মহাৰাষ্ট্ৰৰ কৃষকৰ ঋণ ৰেহাই
– দুখীয়াক বিনামূলীয়া ৰেচন
– বৃদ্ধ পেঞ্চন ২১০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি
– ২৫ লাখ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপন
– কৃষকক বিনামূলীয়া বিদ্যুৎ আৰু এম এছ পি ৰূপায়ণ
– মুক্তি পাব ভিজন মহাৰাষ্ট্ৰ @২০২৯
– ৰাজ্যত দক্ষতাৰ লোকপিয়ল কৰা হ’ব
-উদ্যোগপতিসকলক সুযোগ প্ৰদানৰ বাবে নিৰ্মাণ কৰা হ’ব ছাত্ৰপতি শিৱাজী মহাৰাজ আকাংক্ষা কেন্দ্ৰ
– খৰাং মুক্ত মহাৰাষ্ট্ৰ
– মহিলা সবলীকৰণ
– মাৰাথাৱাড় জল গ্ৰিট প্ৰকল্প
– কৃষিৰ বাবে সৌৰশক্তি
– নিয়োগৰ সুযোগ
– সুলভ মূল্যৰ আৱাস আৰু বিশুদ্ধ পানী
– আন্তঃগাঁথনিত বিনিয়োগ
– পথ ৰক্ষণাবেক্ষণ আৰু উন্নয়ন
– ডিজিটেল সংযোগ
– প্ৰকল্পৰ ক্ষতিগ্ৰস্ত লোকৰ পুনৰ্বাসন
– সুলভ স্বাস্থ্যসেৱা
– প্ৰাক্তন সৈনিক আৰু শ্বহীদৰ পৰিয়ালৰ বাবে পুনৰ্বাসন
– জাতীয় নায়কক সন্মান জনোৱা
নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব ?
২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ ২৮৮টা সমষ্টিৰ আটাইকেইটাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা হ’ব । ২০১৯ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৫খন, শিৱসেনাই ৫৬খন আৰু কংগ্ৰেছে ৪৪খন আসন লাভ কৰিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২২খন, শিৱসেনাই ৬৩খন আৰু কংগ্ৰেছে ৪২খন আসন লাভ কৰিছিল ।