বলিউড অভিনেতা মনোজ বাজপেয়ীয়ে অভিনয়ৰ জৰিয়তে নিজৰ পৰিচয় গঢ়াৰ লগতে কোটি কোটি দৰ্শকৰ হৃদয়ো জয় কৰিছে। শেহতীয়া মনোজ বাজপেয়ী উত্তৰাখণ্ডৰ আলমোৰাত এডোখৰ মাটি ক্ৰয় কৰিছিল। কিন্তু এই মাটি ক্ৰয় কৰি এতিয়া আইনী মেৰপেছত সোমাই পৰিছে মনোজ বাজপেয়ী।
দৰাচলতে উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলত, বাহিৰৰ লোকৰ দ্বাৰা ভূমি ক্ৰয়ৰ ঘটনা সন্মুখলৈ আহিছে।এনে পৰিস্থিতিত, ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ভূমিবোৰৰ তদন্ত কৰাইছিল।
আলমোৰা জিলাৰ হাৱালবাগ, লামগাদা, ৰণিখেত, নিমখ, চিয়াল্ডে, দ্বাৰহাট খণ্ডত ভূমি কেলেংকাৰী সংঘটিত হৈছিল ।যাৰ ওপৰত জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱা আৰম্ভ কৰিছে। আলমোৰাত ভূমি ক্ৰয় আৰু বিক্ৰীৰ ঘটনাৰ তদন্ত কৰাৰ পিছত, জিলাখনত ২৩ টা ঘটনা সন্মুখলৈ আহিছে।
ইয়াৰ ভিতৰত, ১১ টা গোচৰত জাননী জাৰি কৰা হৈছে আৰু ৫ টা গোচৰৰ তদন্তৰ পিছত ভূমি জব্দ কৰা হৈছে আৰু ৰাজহ বিভাগৰ ওচৰত ন্যস্ত কৰা হৈছে।একে সময়তে, আদালতত ৮ খন ভূমিৰ গোচৰ বিবেচনাধীন হৈ আছে।
অভিনেতা মনোজ বাজপেয়ীৰ নামও এই ক্ষেত্ৰত পোহৰলৈ আহিছে।দৰাচলতে, মনোজ বাজপেয়ীয়ে ২০২১ চনত আলমোৰা জিলাৰ লামগাদা খণ্ডত ১৫ নলা মাটি ক্ৰয় কৰিছিল। তেওঁ যোগ কেন্দ্ৰ এটা খুলিবলৈ সেই মাটিখিনি কিনিছিল।কিন্তু তেওঁ এতিয়ালৈকে প্ৰকল্পটো আৰম্ভ কৰা নাই, যাৰ বাবে তেওঁলৈ জাননী প্ৰেৰণ কৰা হৈছে।