প্ৰকৃতিৰ কোপদৃষ্টিত ‘দেৱভূমি’: হাহাকাৰ পৰিস্থিতি, ১০ জুলাইলৈ ৰেড এলাৰ্ট জাৰি  

দেৱভূমি উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিস্খলনৰ ফলত উত্তৰকাশীৰ গংগোত্ৰী আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে।

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বৰ্তমান দেৱভূমি উত্তৰাখণ্ডৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে । ৰাজ্যখনত সক্ৰিয় হৈ পৰা প্ৰবল মৌচুমী বায়ুৰ প্ৰভাৱত বিগত ২৪ ঘণ্টাত কেইবাঠাইতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পৰিস্থিতিৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বতৰ বিজ্ঞান বিভাগ-এ ৰাজ্যখনৰ কেইবাখনো জিলাত অহা ১০ জুলাইলৈকে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসাৰ, ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলন, ভৈয়ামত বানপানী আৰু নৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে যোৱাৰ তীব্ৰ আশংকা বৃদ্ধি পাইছে ।

১০ জুলাইলৈকে কোন কোন জিলাত ৰেড আৰু অৰেঞ্জ এলাৰ্ট?

IMD ডেৰাডুনৰ পূৰ্বানুমান অনুসৰি, ৯ আৰু ১০ জুলাইত ৰাজ্যখনৰ আকাশত ডাৱৰৰ গৰ্জন, বিজুলী-ধেৰেকণিৰ লগতে অতি ধাৰাসাৰ বৰষুণ হ’ব পাৰে । জিলা ভিত্তিত বতৰৰ সতৰ্কবাণীসমূহ এনেধৰণৰ :

ৰেড এলাৰ্ট (অত্যন্ত ধাৰাসাৰ বৰষুণ): উধম সিং নগৰ, নৈনীতাল, চম্পাৱত, ডেৰাডুন, পৌডী ।

অৰেঞ্জ এলাৰ্ট (ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণ): টিহৰী, হৰিদ্বাৰকে ধৰি অন্যান্য পাৰ্শ্বৱৰ্তী জিলাসমূহ ।

প্ৰশাসনে এই দিনকেইটাত স্থানীয় ৰাইজ তথা পৰ্যটকসকলক অতি জৰুৰী কাম নাথাকিলে যাত্ৰা নকৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ কঠোৰ নিৰ্দেশনা দিছে ।

প্ৰবল বৰষুণৰ বাবে ডেৰাডুনত শিক্ষানুষ্ঠান বন্ধ

ৰাজধানী ডেৰাডুনত বৰষুণৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ বাবে জিলা প্ৰশাসনে এক জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । বৃহস্পতিবাৰ, ৯ জুলাইৰ পৰা জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী স্কুল আৰু অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ ঘোষণা কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, ডেৰাডুনত অনাগত কেইটামান দিনলৈ বৰষুণৰ এই ধাৰা অব্যাহত থাকিব পাৰে, যাৰ বাবে শিক্ষাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

কোটদ্বাৰত প্ৰলয়ংকাৰী বান পৰিস্থিতি: বিপদাপন্ন জনজীৱন

উত্তৰাখণ্ডৰ কোটদ্বাৰ চহৰত যোৱা নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণে এক প্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি কৰিছে । চহৰখনৰ মুখ্য পথৰ পৰা আৰম্ভ কৰি উপ-পথসমূহ এতিয়া একো একোখন নদীত পৰিণত হৈছে । ঠায়ে ঠায়ে ঘুটমা পানী জমা হোৱাৰ বাবে যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে ।

কোটদ্বাৰৰ বহু ঠাইত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন হাতৰ মুঠিত লৈ ৰাস্তাৰ কাষৰ দেৱালত ধৰি ধৰি স্কুললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসাৰ, পৌৰসভাৰ পানী নিষ্কাষণৰ সুব্যৱস্থা কেৱল কাগজ-পত্ৰতে সীমাবদ্ধ থকাৰ বাবেই সামান্য বৰষুণতে চহৰখন পুখুৰীলৈ ৰূপান্তৰিত হয় । বৰ্তমান SDRF আৰু উদ্ধাৰকাৰী দলসমূহক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সষ্টম কৰি ৰখা হৈছে ।

লগতে পঢ়ক: বৰষুণ-কৃত্ৰিম বানত বিপৰ্যস্ত ৰাজধানীৰ জনজীৱন, ‘ৰেড’ আৰু ‘অৰেঞ্জ’ এলাৰ্ট জাৰি

বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ…

আজিৰে পৰা ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ। কেদাৰ বাবাৰ দৰ্শনৰ বাবে ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়েও ভক্তসকললৈ শুভেচ্ছা জনাই।

সম্পূৰ্ণ বিধি-বিধান আৰু বৈদিক মন্ত্ৰৰ জপৰ মাজত আজি ভক্তৰ বাবে মুকলি হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ।মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে “হৰ হৰ মহাদেৱ” আৰু “জয় বাবা কেদাৰ”ৰ ধ্বনি প্ৰতিধ্বনিত হয়। ইফালে, কেদাৰনাথ ধামৰ দৰ্শনৰ বাবে পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে।

বহু ভক্তই মঙলবাৰৰ নিশাৰ পৰাই অপেক্ষা কৰি আছিল। মন্দিৰটো ৫১ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে।ইয়াৰ লগতে কেদাৰনাথ ধামৰ দুৱাৰ খোলাৰ সময়ত হেলিকপ্টাৰৰ দ্বাৰা পুষ্পবৃষ্টিও কৰা হয়।  

এই উপলক্ষে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও কেদাৰনাথ ধামত উপস্থিত থাকে।তেওঁ বাবা কেদাৰৰ দৰ্শন কৰি নন্দী বাবাৰ পৰাও আশীৰ্বাদ বিচাৰিছিল। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দৰ্শনৰ বাবে অহা ভক্তসকলক আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্স হেণ্ডেলত টুইট কৰি লিখিছে যে, দেৱভূমি উত্তৰাখণ্ডৰ পবিত্ৰ মাটিত আজি শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ সম্পূৰ্ণ বিধি-বিধানেৰে মুকলি কৰা হৈছে। কেদাৰনাথ ধাম আৰু চাৰ ধামৰ এই তীৰ্থযাত্ৰা আমাৰ বিশ্বাস, ঐক্য, চহকী পৰম্পৰাৰ এক ঐশ্বৰিক উদযাপন। এই যাত্ৰাবোৰৰ মাজেৰে আমি ভাৰতৰ সনাতন সংস্কৃতিৰ আভাসো পাওঁ।বাবা কেদাৰে সকলোৰে ওপৰত আশীৰ্বাদ কৰক।  আপোনালোকৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰিলোঁ।হৰ হৰ মহাদেৱ।

লগতে পঢ়ক: ভাৰতে নাপাহৰে… অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে ভাৰতীয় সেনাৰ বিশেষ বাৰ্তা

ভয়ংকৰ পথ দুৰ্ঘটনা… গভীৰ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

এটা খাৱৈত যাত্ৰীবাহী বাছখন বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে ৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাছ এটা খাৱৈত বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত নিহত হয় ৭ জন লোক । আনহাতে দুগৰাকী মহিলাসহ ১২ জন যাত্ৰী আঙত হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

খবৰ অনুসৰি আলমোৰাৰ ভিকিয়াছাইন অঞ্চলৰ শিলাপানীত সংঘটিত হয় এই পথ দুৰ্ঘটনা । বাছখন খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত নিহত হয় ৭ জন লোক । আনহাতে আহত হয় আন ১২ জন যাত্ৰী ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল । আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

জিলাখনৰ ভিকিয়াছাইন অঞ্চলৰ শিলাপানীৰ সমীপত নিয়ন্ত্রণহীন হৈ বাছখন বাগৰি পৰে ৷ দুৰ্ঘটনাত ৭ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে দুগৰাকী মহিলাকে ধৰি ১২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, প্ৰশাসন আৰু সাহায্য আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয় ।

বিষয়াসকলৰ মতে, বাছখনত মুঠ ১৯জন যাত্ৰী আছিল । চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই পথ দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে । নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী পুৰুষ আৰু দুগৰাকী মহিলা ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । তেওঁ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । আহতসকলক তাৎক্ষণিক আৰু উপযুক্ত চিকিৎসা সেৱা আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : ‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

এঞ্জেল চাকমা হত্যাকাণ্ড… মুখ্যমন্ত্রী ধামীক ব্যৱস্থা গ্ৰহণৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমা হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে ।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীক ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ ওপৰত সংঘটিত হোৱা এই বৰ্বৰ আক্ৰমণ তথা হত্যাৰ গোচৰৰ ক্ষিপ্ৰতাৰে তদন্ত চলোৱাৰ লগতে ভুক্তভোগীৰ পৰিয়ালক ন্যায় সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে । লগতে এঞ্জেলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

পশ্চিম ত্ৰিপুৰাৰ নন্দনগৰৰ বাসিন্দা তথা এম বি এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ এঞ্জেল চাকমা (২৪)ক যোৱা ৯ ডিচেম্বৰত ডেৰাডুনত বৰ্ণবাদী বা জাতিগতভাৱে গালি-গালাজ কৰি ছয়জনীয়া এটা দলে আক্ৰমণ কৰিছিল । ২৬ ডিচেম্বৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ছাত্ৰজনৰ । আৰক্ষীয়ে জনোৱা মতে, ছয়জন অভিযুক্তৰ ভিতৰত পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে, আনহাতে ঘটনাৰ মাষ্টাৰমাইণ্ড এতিয়াও পলাতক হৈ আছে ।

মুখ্যমন্ত্ৰী ধামীক অনুৰোধ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ-

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “ডেৰাডুনত হোৱা নিৰ্মম বৰ্ণবাদী গালি-গালাজৰ প্ৰতিবাদ কৰা এঞ্জেল চাকমাৰ কৰুণ মৃত্যু হৃদয়বিদাৰক । এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় । উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ন্যায় সুনিশ্চিত কৰি লাগে ।”

৫ জনক গ্ৰেপ্তাৰ-

উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা মতে, এই গোচৰত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে অভিযুক্তসকলৰ এজন নেপালৰ বাসিন্দা যি নিজৰ দেশলৈ পলায়ন কৰাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাকো টেগ কৰি শোক প্ৰকাশ কৰে ড০ শৰ্মাই । এই ঘটনাই সমগ্ৰ দেশতে বৰ্ণবাদ আৰু হিংসাৰ বিৰুদ্ধে গভীৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে ।

ঘটনাটো কি ?

ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ মাইকেলক পথত একাংশ লোকে আক্ৰমণ কৰে । প্ৰত্যক্ষদৰ্শীৰ মতে অভিযুক্তই দুয়োজন ভাতৃক “চীনা” বুলি অভিহিত কৰি অপমান কৰিছিল । এঞ্জেলে শান্ত হৈ উত্তেজিত লোকসকলক বুজাইছিল, “আমি ভাৰতীয়, ইয়াক প্ৰমাণ কৰিবলৈ আমি কি চাৰ্টিফিকেট দেখাব লাগে ?” কিছু মুহূৰ্তৰ পিছত পৰিস্থিতি অধিত উত্তপ্ত হৈ পৰে আৰু অভিযুক্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । এই আক্ৰমণত এঞ্জেল ডিঙি আৰু হাড়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

এই আক্ৰমণত মাইকেলো আহত হোৱাৰ লগতে তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । শনিবাৰে আগৰতলালৈ অনা হয় এঞ্জেলৰ মৃতদেহ । এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ত্ৰিপুৰাৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে । ঘটনাৰ পিছতে ছাত্ৰ সংগঠনসমূহে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ডেৰাডুনকে ধৰি সমগ্ৰ দেশতে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু সন্মানৰ দাবী বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অসমতেই নহয় সমগ্ৰ দেশতে আমি বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিম… বটদ্ৰৱাৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ; পাঁজনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা

উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে । ৰাজ্যখনৰ তেহৰী জিলাৰ নৰেন্দ্ৰনগৰ কুঞ্জাপুৰী মন্দিৰৰ ওচৰত বাছখন দুৰ্ঘটনাত পতিত হয় । বাছখনত ২৯ জন যাত্ৰী আছিল, যিসকল গুজৰাটৰ পৰা কুঞ্জাপুৰী মন্দিৰ চাবলৈ আহিছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় ।

নৰেন্দ্ৰনগৰ আৰক্ষী থানা এলেকাৰ কুঞ্জাপুৰী-হিন্দোলাখালৰ ওচৰৰ প্ৰায় ৭০ মিটাৰ দ খাৱৈত বাছখন পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । স্থানীয় লোকসকলেও ঘটনাৰ পিছতে উদ্ধাৰৰ কাম আৰম্ভ কৰে । আৰক্ষী-প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই কয় যে এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে, য’ত চাৰিজন পুৰুষ আৰু এগৰাকী মহিলাও আছে । তিনিজন আহতক এইমছ ঋষিকেশ আৰু চাৰিজন আহতক শ্ৰীদেৱ সুমন উপ জিলা হাস্পতাল নৰেন্দ্ৰনগৰক ভৰ্তি কৰা হৈছে । ১৭ গৰাকী যাত্ৰীৰ আঘাত সামান্য ।

লগতে পঢ়ক : সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন… তেহৰী-ৰুদ্ৰপ্ৰয়াগত প্ৰচণ্ড ক্ষতি

ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন

উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন বেয়াকৈ প্ৰভাৱিত হৈছে । যমুনাত্ৰী আৰু বদ্ৰীনাথ ঘাইপথৰ বহু ঠাইত ধ্বংসাৱশেষৰ ফলত যাতায়ত ব্যাহত হৈছে । স্যানচট্টি অঞ্চলৰ যমুনা নদীৰ জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি পাইছে । মটৰ দলঙৰ ওপৰেৰে বাঢ়নী পানী বৈ যোৱাত দলংখন বিপদজনক অৱস্থাত উপনীত হৈছে ।

বৰষুণৰ পানী বহু হোটেলত প্ৰৱেশ কৰিছে । বহু হোটেলৰ প্ৰথম মহলা ডুব যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।

ধ্বংসাৱশেষৰ বাবে বহু ঠাইত বন্ধ হৈ গ’ল পথ-

শেহতীয়াকৈ উত্তৰাখণ্ডত বৰষুণ বন্ধ হৈছে যদিও কিন্তু বিপদ এতিয়াও শেষ হোৱা নাই । বদ্ৰীনাথ ঘাইপথৰ গৌচাৰৰ সমীপৰ পাগলনালা, ভানেৰপানী, নন্দপ্ৰয়াগ আৰু কামেডা অঞ্চলত প্ৰচণ্ড ধ্বংসাৱশেষৰ বাবে পথ বন্ধ হৈ পৰিছে । ঘাইপথৰ দুয়োকাষে যান-বাহনৰ দিঘলীয়া শাৰী দেখা গৈছে, তীৰ্থযাত্ৰীসকলে পথটো খোলাৰ বাবে অপেক্ষা কৰি আছে ।

প্ৰশাসনে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে আৰু কিছু ঠাইত চলাচল আৰম্ভ হৈছে যদিও পাহাৰৰ ফালে এতিয়াও ধ্বংসাৱশেষ জমা হৈ আছে, যাৰ বাবে যিকোনো সময়তে পুনৰ পথটো বন্ধ হোৱাৰ সম্ভাৱনা আছে । তীৰ্থযাত্ৰীসকলে জনোৱা মতে, শ্ৰীনগৰৰ পৰা পিপালকোটিলৈকে দূৰত্ব অতিক্ৰম কৰিবলৈ ১৬ ঘণ্টা সময় প্ৰয়োজন হৈছে, কাৰণ বদ্ৰীনাথ পথৰ অৱস্থা অতি বিপদজনক ।

ইয়াৰ বাহিৰেও গৌচাৰৰ সমীপৰ কামেডা আৰু নৌলি, চিমলি-গ্ৱাল্ডাম-আলমোৰা ঘাইপথৰ মিং গাডেৰা আৰু কাল জাবৰ আদি অঞ্চলত ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । ধাৰাবাহিক বৰষুণৰ ফলত পাহাৰ খহি যোৱাৰ লগতে পথত জমা হৈছে বৃহৎ বৃহৎ ধ্বংসাৱশেষ ।

জিলা দণ্ডাধীশে কয় যে ক্ষতিগ্ৰস্ত সকলো অঞ্চলতে ধ্বংসাৱশেষ আঁতৰোৱা আৰু পথ মুকলি কৰাৰ কাম যুদ্ধকালীন গতিত চলি আছে । শীঘ্ৰেই স্বাভাৱিক যাতায়ত পুনৰ ঘূৰাই অনাৰ চেষ্টা চলাইছে প্ৰশাসনে ।

এই অঞ্চলসমূহত প্ৰচণ্ড ক্ষতি-

উত্তৰাখণ্ডৰ স্বাভাৱিক জীৱনত যথেষ্ট ক্ষতিসাধন কৰিছে বতৰে । টেহৰী, ৰুদ্ৰপ্ৰয়াগৰ দৰে পাহাৰীয়া জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ বিপৰীতে বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে উত্তৰাখণ্ডই শীঘ্ৰেই বৰষুণৰ পৰা কোনো ধৰণৰ সকাহ লাভ নকৰে ।

আগষ্ট মাহত সমগ্ৰ ৰাজ্যখনত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত বহু অঞ্চলত দুৰ্যোগ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৩০ আগষ্টত ডেৰাডুন, উত্তৰকাশী আৰু বাগেশ্বৰ জিলাত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে ।

এই জিলাকেইখনত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট-

বতৰ বিজ্ঞান বিভাগে এই তিনিখন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । একে সময়তে তেহৰী গড়োৱাল, ৰুদ্ৰপ্ৰয়াগ, চামোলি, পিথোৰাগড় আৰু পৌৰী গড়োৱাল জিলাৰ একাংশ ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।

৩১ আগষ্টত ডেৰাডুন আৰু বাগেশ্বৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে বাকী ১১খন জিলাৰ বাবে য়েল্লো এলাৰ্ট অব্যাহত থাকিব । ১ ছেপ্টেম্বৰত ডেৰাডুন, পিথোৰাগড়, নৈনিতাল আৰু বাগেশ্বৰ জিলাত কমলা সতৰ্কতা থকাৰ বিপৰীতে বাকী জিলাসমূহৰ বাবে য়েল্ল এলাৰ্ট অব্যাহত থাকিব । ২ ছেপ্টেম্বৰত চামোলী, বাগেশ্বৰ আৰু ডেৰাডুনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : ‘চুৰি হৈছে ৰাহুল গান্ধীৰ মগজু…!’; মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ ডাঙৰ মন্তব্য

উত্তৰাখণ্ডৰ চামোলীত মাজনিশা ডাৱৰ বিস্ফোৰণ; ধ্বংসাৱশেষৰ তলত শ শ বাসগৃহ

উত্তৰাখণ্ডৰ চামোলীত মাজনিশা ডাৱৰ বিস্ফোৰণ

দেৱভূমি উত্তৰাখণ্ডৰ চামোলী জিলাৰ থাৰালী অঞ্চলত শুকুৰবাৰে মাজনিশা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে।

এই ডাৱৰ বিস্ফোৰণৰ বাবে থাৰালী চহৰ, আশে-পাশে থকা গাঁও আৰু বজাৰৰ জীৱন ব্যাহত হৈ পৰে।ধাৰাসাৰ বৰষুণ আৰু ধ্বংসাৱশেষৰ ফলত কেইবাটাও ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু পথৰ ক্ষতিসাধন হৈছে।প্ৰশাসন আৰু এছডিআৰএফৰ দলসমূহে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

এই ঘটনাৰ সৰ্বোচ্চ প্ৰভাৱ থাৰালী বজাৰ, কোটদীপ আৰু তহচিল চৌহদত দেখা গৈছে। অঞ্চলটোত শ শ বাসগৃহ এতিয়া ধ্বংসাৱশেষ তলত আছে।

বহু বাহন ধ্বংসাৱশেষৰ তলত পুতি গৈছে। সগোৱাৰা গাঁৱত ধ্বংসাৱশেষৰ তলত পুত যোৱাৰ ফলত এগৰাকী কণমানিৰ মৃত্যু হয়।

এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে স্থানীয় লোক সকল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।  

লগতে পঢ়ক: ‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’;প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

দেৱভূমি উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ… ধৰালীত ডাৱৰ বিস্ফোৰণত ব্যাপক ধ্বংসলীলা

ধৰালীত ডাৱৰ বিস্ফোৰণত ব্যাপক ধ্বংসলীলা

দেৱভূমি উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ । উত্তৰকাশী জিলাৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত খীৰগংগাত প্ৰৱল বানপানীৰ সৃষ্টি হয় । পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে নামনি অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ধৰালী দুৰ্যোগত চাৰিজন লোকৰ মৃত্যু হৈছে । আনহাতে বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । বহু হোটেলত পানী আৰু ধ্বংসাৱশেষ প্ৰৱেশ কৰিছে । সম্পূৰ্ণৰূপে ধ্বংস হৈছে ধৰালী বজাৰ । বহু হোটেল আৰু দোকান ধ্বংসপ্ৰাপ্ত হৈছে । সেনা, আৰক্ষী, এছ ডি আৰ এফৰ দল উদ্ধাৰ কাৰ্যৰ বাবে ৰাওনা হৈছে ।

ধাৰাসাৰ বৰষুণে উত্তৰাখণ্ডত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । মঙলবাৰে পুৱা উত্তৰকাশী বদকোটত এলেকাৰ বানাল পট্টিত প্ৰচণ্ড বৰষুণে প্ৰায় ডেৰ ডজন ছাগলী উটুৱাই লৈ যায় । কুড গাডেৰা উফন্দি উঠাৰ লগে লগে চৌদিশে আতংকৰ সৃষ্টি হয় । বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৰোহিত থাপলিয়ালে কয় যে, ১০ আগষ্টলৈকে সমগ্ৰ ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । বিশেষকৈ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । একে সময়তে বৰষুণৰ বাবে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰেও ডেৰাডুন, পৌৰী, তেহৰী আৰু হৰিদ্বাৰত বিদ্যালয় বন্ধ থাকিব ।

শোক প্ৰকাশ মুখ্যমন্ত্ৰী ধামীৰ-

ধৰালী উত্তৰকাশী অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড ক্ষতিক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ধামীয়ে । তেওঁ কয় যে এছ ডি আৰ এফ, এন ডি আৰ এফ, জিলা প্ৰশাসন আৰু অন্যান্য আনুষংগিক দলসমূহ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে যুদ্ধকালীন গতিত সাজু হৈছে । এই সন্দৰ্ভত তেওঁ অহৰহ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত আছে বুলি মন্তব্য কৰে ।

উত্তৰকাশীত ডাৱৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰাথমিক তথ্য লাভ কৰিছে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই । উত্তৰাখণ্ড দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভাৰত চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে দুখন এম আই আৰু এখন চিনুক হেলিকপ্টাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

যমুনোত্ৰী ঘাইপথঃ স্যানাচট্টীৰ সমীপত ২৫ মিটাৰ পথ ভাঙি পৰিল

দেওবাৰে নিশাৰ পৰা জিলাখনত হোৱা বৰষুণৰ বাবে স্যানাচট্টীৰ সমীপৰ যমুনোত্ৰী ঘাইপথৰ প্ৰায় ২৫ মিটাৰ ভাঙি গৈছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে । একে সময়তে শ্যানচট্টীৰ এফালে পাহাৰৰ পৰা শিলগুটি বাগৰি পৰিছে । আনহাতে, পুৱাৰে পৰা বিয়লিলৈকে বহু ঠাইত গংগোত্ৰী ঘাইপথ আৱদ্ধ হৈ থাকে । এইবাৰৰ বাৰিষাৰ বৰষুণৰ বাবে যমুনোত্ৰী ঘাইপথৰ সমস্যাই বন্ধ হোৱাৰ নাম লোৱা নাই । দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ বাবে স্যানাচট্টীৰ ওজৰি ডাবৰকোটৰ সমীপত ধ্বংসাৱশেষ আৰু শিলগুটি বাগৰি পৰাৰ বাবে পথটোৰ চলাচল বন্ধ হৈ পৰে । একে সময়তে স্যানচট্টীৰ সিটো পাৰে কুপডা মটৰ পথৰ সমীপত প্ৰায় ২৫ মিটাৰ পথ ভাঙি যোৱাৰ ফলত সমস্যা অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অশান্তজৰ্জৰ মণিপুৰত এডিজি বিএছএফ ইষ্টাৰ্ণ কমাণ্ডৰ মহেশ কুমাৰ আগৰৱাল…

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত ভয়ংকৰ অঘটন; এই পৰ্যন্ত ৬ জনৰ মৃত্যু

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত ভয়ংকৰ অঘটন

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ব্যাপক ভিৰত হোৱা দৌৰা দৌৰিত ৬জন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে বহুকেইজন গুৰুতৰভাৱে আহত হৈছে । ঘটনাস্থলীত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই অনাৰ কাম অব্যাহত আছে । বৰ্তমান আৰক্ষীয়ে আহতসকলক উলিয়াই নিৰাপদে চিকিৎসালয়লৈ নিয়াৰ কামত ব্যস্ত হৈ আছে ।

প্ৰাথমিক তথ্য অনুসৰি মন্দিৰৰ পথত হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ ছিঙি পৰাৰ বাতৰি বিয়পি পৰে আৰু ইয়াৰ হোৱা দৌৰা দৌৰিত এই ঘটনা সংঘটিত হয় । বহু সংখ্যক ভক্ত দৰ্শনৰ বাবে মন্দিৰত উপস্থিত হৈছিল । তাঁৰ ছিঙি যোৱাৰ ফলত হঠাতে সৃষ্টি হোৱা আতংকৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ।

তথ্য অনুসৰি দেওবাৰে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰৰ পথত হঠাৎ হাই ভল্টেজৰ বৈদ্যুতিক তাঁৰ বাগৰি পৰাত বিশৃংখলতাৰ সৃষ্টি হয় । এই ঘটনাৰ পিছত তাত উপস্থিত ভক্তসকলৰ মাজত দৌৰা দৌৰিৰ সৃষ্টি হয় । এই ঘটনাত৬ জন লোকৰ মৃত্যু হয় ।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰে । আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও দুৰ্ঘটনাটোৰ বাবে অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

ইফালে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । তেওঁ লিখিছে যে হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰ পথত হোৱা ভয়াবহ ঘটনাক লৈ অতি দুখজনক খবৰ পোৱা গৈছে । SDRF, স্থানীয় আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে । এই ক্ষেত্ৰত মই স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত আছো আৰু পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছো । সকলো ভক্তৰ সুৰক্ষাৰ বাবে মাতা ৰাণীৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।

লগতে পঢ়ক : তামিলনাডুৰ অভূতপূৰ্ব অগ্ৰগতি বিকশিত ভাৰতৰ চালিকা শক্তি… ৪,৯০০ কোটি টকাৰ উপহাৰ দি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ