অসমতেই নহয় সমগ্ৰ দেশতে আমি বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিম... বটদ্ৰৱাৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

অসমতেই নহয় সমগ্ৰ দেশতে আমি বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিম… বটদ্ৰৱাৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

বটদ্ৰৱাত গৃহমন্ত্ৰী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰে । তেওঁ কয়- কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক আমি চিনাক্ত কৰিম । প্ৰতিকূল বতৰকো নেওচি সোমবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহ । বিমানবন্দৰত গৃহমন্ত্ৰীগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত

বটদ্ৰৱাত গৃহমন্ত্ৰী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰে । তেওঁ কয়- কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক আমি চিনাক্ত কৰিম ।

প্ৰতিকূল বতৰকো নেওচি সোমবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহ । বিমানবন্দৰত গৃহমন্ত্ৰীগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় । অ,মত উপস্থিতহোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰথমে বটদ্ৰৱালৈ যায় । বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰে । ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অভিলাষী প্ৰকল্প । এই সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে ।

শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পুনৰ উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ-

বটাদ্ৰৱত উপস্থিত হোৱাৰ লগে লগে গৃহমন্ত্ৰীগৰাকীক ‘গায়ন-বায়ন’ৰে আদৰণি জনোৱা হয় । শ্বাহে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ পুনৰ উন্নয়ন প্ৰসল্পৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানৰ পাছত শ্বাহে ‘গুৰু আসন থকা কেন্দ্ৰীয় ভৱনো পৰিদৰ্শন কৰে । ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ’ নামেৰে এই স্থানৰ পুনৰ উন্নয়নৰ সিদ্ধান্ত প্ৰথমে ২০২১-২২ চনৰ ৰাজ্যৰ বাজেটত প্ৰস্তাৱ কৰা হৈছিল ।

এই প্ৰকল্পটো কেৱল ঐতিহাসিক স্থান নহয়, পৰ্যটনৰ এক প্ৰধান স্থান হিচাপেও গঢ়ি তোলা হৈছে । ইয়াত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কলাত্মক ঐতিহ্যৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক পৰম্পৰাও প্ৰদৰ্শন কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই প্ৰকল্পটোৱে শংকৰদেৱৰ আদৰ্শক সন্মান জনোৱাৰ লগতে “অসমৰ সত্ৰ, নামঘৰ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰিছে ।”

বেদখলৰ পৰা মুক্ত এক লাখ বিঘা মাটি-

শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰাৰ পিছতে এখন বিশাল ৰাজহুৱা সভাত ভাষণ দিয়ে অমিত শ্বাহে । সভাত ৰাইজক সম্বোধন কৰি শ্বাহে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বেদখলৰ পৰা মুক্ত হৈছে । শ্ৰীমন্ত শংকৰদেৱে ‘এক ভাৰত’ৰ আহ্বান জনাইছিল, যাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক অনুসৰণ কৰিছে । অমিত শ্বাহে দাবী কৰে যে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা ১ লাখ বিঘাৰো অধিক মাটি মুকলি কৰিছে । তেওঁ কয়- কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক আমি চিনাক্ত কৰিম । শ্বাহে লগতে কয় আমি উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছো; এই চুক্তিৰ ৯২% চৰ্ত পূৰণ হৈছে ।”

সমগ্ৰ দেশতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হ’ব-

শ্বাহে কয়, “বিজেপিয়ে সমগ্ৰ দেশৰ পৰা সকলো অনুপ্ৰৱেশকাৰীক আঁতৰাৰ সংকল্প লৈছে । শংকৰদেৱৰ এই স্থানত বাংলাদেশী অনুপ্ৰৱেশকাৰী উপস্থিত থকাটো সঁচা আছিল নেকি ?  ইয়াৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাই নামঘৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছো । এক লাখতকৈয়ো অধিক বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হৈছে । কংগ্ৰেছে ইমান বছৰে শাসন কৰিছিল, কিন্তু অসম আন্দোলনত নিজৰ প্ৰাণ আহুতি দিয়াসকলৰ বাবে তেওঁলোকে একোৱেই কৰা নাছিল । কংগ্ৰেছ দলে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰিছিল আৰু ১৯৮৩ চনত আই এম ডি টি আইন প্ৰৱৰ্তন কৰি অনুপ্ৰৱেশকাৰীসকলৰ বাবে ইয়াত বসতি স্থাপনৰ এক আইনী উপায় সৃষ্টি কৰিছিল ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “আজি পণ্ডিত জৱাহৰলাল নেহৰুক অসমক ভাৰতৰ ভিতৰত ৰাখিবলৈ বাধ্য কৰা ভাৰত ৰত্ন গোপীনাথজীক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছো । গোপীনাথজী নথকা হেতেন অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল হয়তো আজি ভাৰতৰ অংশ নহ’লহেঁতেন ।”

লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, অসম এতিয়া আন্দোলনৰ ভূমি নহয়, উন্নয়নৰ ভূমিলৈ ৰূপান্তৰিত হৈছে । অসম উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ দেশৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হৈ পৰিছে ।

লগতে পঢ়ক : ফ্ৰান্স-আমেৰিকাৰ পৰা ওমানলৈকে… ২০২৫ বৰ্ষত কোন কোন দেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

শেহতীয়া প্ৰৱন্ধসমূহ