‘থু পেলোৱা জেহাদ’ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ধামীৰ কঠোৰ নিৰ্দেশ; লোৱা হ’ব ব্যৱস্থা

মুখ্যমন্ত্ৰী ধামীৰ কঠোৰ নিৰ্দেশ

উত্তৰাখণ্ডত কাঁৱাৰ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।ৰাজ্যখনৰৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বৃহস্পতিবাৰে হৰিদ্বাৰত কানৱাৰ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ধামীয়ে কাঁৱাৰ যাত্ৰাৰ সময়ত পুনৰ থু জেহাদৰ ঘটনা যাতে  সংঘটিত নহয় তাৰ বাবে বিষয়াসকলক কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাঁৱাৰ যাত্ৰাৰ সময়ত যাতে ভক্তক অশুদ্ধ খাদ্য পৰিবেশন নকৰে তাৰ বাবেও কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

থু জেহাদক লৈ কি ক’লে মুখ্যমন্ত্ৰী ধামীয়ে?

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়ে কয়-‘হৰিদ্বাৰলৈ অহা কাঁৱৰীয়াসকল যাতে ভাল অভিজ্ঞতা লৈ ঘূৰি যায় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।ইয়াৰ পূৰ্বেও কাঁৱাৰ যাত্ৰাৰ সময়ত ‘থু জেহাদ’ৰ ঘটনা সংঘটিত হৈছে”।

“কিন্তু এইবাৰ যাতে তেনে কোনো ঘটনাটা সংঘটিত নহয় তাৰ বাবে বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে। আৰু তাৰ বাবে নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছে।”

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

উত্তৰাখণ্ডত হিমস্খলনৰ ফলত ধ্বংসযজ্ঞ;  ৪৭ জন শ্ৰমিক  সমাধিস্থ

উত্তৰাখণ্ডৰ চামোলীত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে।উত্তৰাখণ্ডৰ মানা গাঁৱত হিমস্খলনৰ ফলত এক  ধ্বংস যজ্ঞ সৃষ্টি হৈছে। হিমস্খলনৰ ফলত ৪৭ জন শ্ৰমিক বৰফত সমাধিস্থ হৈছে।

খবৰ অনুসৰি এই ঘটনাত ৫৭ জন শ্ৰমিক ভুক্তভোগী হৈছিল, কিন্তু ১০ জনক উদ্ধাৰ কৰা হৈছে।বাকী ৪৭ জনৰ সন্ধান চলি আছে।

খবৰ অনুসৰি দুৰ্ঘটনাটোৰ সময়ত বহু সংখ্যক ব্যক্তিগত ঠিকাদাৰ কৰ্মীয়ে সেই স্থানত কাম কৰি আছিল।হঠাৎ পাহাৰৰ পৰা বৰফ খহি পৰাৰ ফলত বৰফৰ মাজতে পুত যায়।

জানিব পৰা মতে সকলো বিআৰও চুক্তিত কাম কৰা শ্ৰমিক আছিল।বৰফ কিনি খহি পৰাৰ ফলত শ্ৰমিক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

কিছু সংখ্যক শ্ৰমিকে পলাই যাবলৈ সক্ষম হৈছিল যদিও ৫৭ জন শ্ৰমিক বৰফৰ মাজত আৱদ্ধ হৈ পৰে।  

‘এদিন সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব’…উত্তৰাখণ্ডত ইউ চি চি বলবতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ

আজি উত্তৰাখণ্ডত বলবৎ হৈছে ইউনিফৰ্ম চিভিল কোড । মুখ্য সেৱক সদনত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইউ চি চিৰ পৰ্টেল আৰু নিয়মাৱলী মুকলি কৰে । এই সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ বাবে তেওঁ চৰকাৰক অভিনন্দন জনায় । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এদিন সমগ্ৰ দেশে একেধৰণৰ আইন গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ।

উপ-ৰাষ্ট্ৰপতিৰ প্ৰতিক্ৰিয়া-

উপ-ৰাষ্ট্ৰপতি ধনখড়ে কয়, “ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদ অনুসৰি, ৰাজ্যখনে সমগ্ৰ ভাৰতত নাগৰিকসকলৰ বাবে এক অভিন্ন নাগৰিক সংহিতা সুৰক্ষিত কৰাৰ চেষ্টা কৰিব । আমি সকলোৱে আজি বহুত সুখী । সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ ঠিক পিছতে, দেৱভূমি উত্তৰাখণ্ডে অভিন্ন নাগৰিক বিধি গ্ৰহণ কৰে । মই চৰকাৰৰ দূৰদৰ্শিতাৰ বাবে অভিনন্দন জনাইছো । ৰাজ্যত এক অভিন্ন নাগৰিক বিধি প্ৰণয়ন কৰি, তেওঁলোকে সংবিধান প্ৰস্তুতকৰ্তাসকলৰ দৃষ্টিভংগী পূৰণ কৰে । মই নিশ্চিত যে এইটো সময়ৰ কথা আৰু এদিন সমগ্ৰ দেশতে এক অভিন্ন নাগৰিক সংহিতা থাকিব ।”

ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য-

ইউনিফৰ্ম চিভিল কোড বলবৎ কৰা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাবে ২০২২ চনৰ ২৭ মে’ত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয় । ২০২৪ চনৰ ২ ফেব্ৰুৱাৰীত সমিতিখনে চৰকাৰক প্ৰতিবেদন দাখিল কৰে । ইয়াৰ পিছত ২০২৪ চনৰ ৮ মাৰ্চত বিধানসভাত বিধেয়কখন গৃহীত হয় । বিধানসভাৰ পৰা গৃহীত হোৱাৰ পিছত ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয় । ইয়াৰ পৰাই ২০২৪ চনৰ ১২ মাৰ্চত এই আইনখনে ৰাজ্যপালৰ অনুমোদন লাভ কৰে ।

ইয়াৰ পিছত ইউচিচি বলবতৰ বাবে প্ৰযুক্তি ভিত্তিক ব্যৱস্থা ৰূপায়ণ কৰা হয় । নাগৰিক আৰু বিষয়াসকলৰ বাবে অনলাইন পৰ্টেল প্ৰস্তুত কৰা হয় । ২০ জানুৱাৰীত কেবিনেটে ইউ চি চিৰ নিয়ম চূড়ান্ত কৰি গৃহীত কৰে । হাৰিয়ানা চৰকাৰৰ পৰিবহণ মন্ত্ৰী অনিল বিজে উত্তৰাখণ্ড চৰকাৰৰ এই পদক্ষেপক প্ৰশংসনীয় বুলি অভিহিত কৰে । তেওঁ কয় যে এখন দেশৰ বাবে মাত্ৰ এখন আইন হ’ব লাগে ।

আজিৰে পৰা কাৰ্যকাৰী হ’ব ইউনিফৰ্ম চিভিল ক’ড; বাধ্যতামূলক হ’ব বিবাহ আৰু লিভ-ইন পঞ্জীয়ন

উত্তৰাখণ্ডে আজি ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল কোড (UCC)কাৰ্যকৰী কৰা প্ৰথম খন ৰাজ্য হ’বলৈ গৈ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাখণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে দুপৰীয়া প্ৰায় ১২:৩০ বজাত ঐতিহাসিক আইনখন কাৰ্যকৰী কৰা হ’ব।

বিষয়াসকলৰ মতে, সমগ্ৰ উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী কৰা হ’ব।এই আইনখন ৰাজ্যৰ বাহিৰত বাস কৰা উত্তৰাখণ্ডৰ লোকসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

আজি ৰাজ্যিক সচিবালয়ত ইউচিচি পৰ্টেলটো উন্মোচন কৰা হ’ব।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অনুষ্ঠানটোৰ নেতৃত্ব দিব।

২৬ জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী ধামীয়ে কৈছিল যে ইউচিচি ধৰ্ম, লিংগ, জাতি বা সম্প্ৰদায়ৰ আধাৰত বৈষম্যৰ পৰা মুক্ত এক সুসংগত সমাজৰ ভেটি স্থাপন কৰিব।

মুখ্যমন্ত্ৰী ধামীয়ে লগতে কয়, ‘আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আছো।জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাটো ইয়াৰ এটা উদাহৰণ।

ৰাজ্য চৰকাৰে ইয়াৰ কাম সম্পূৰ্ণ কৰিছে আৰু ২০২৫ চনৰ জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যত ইউনিফৰ্ম চিভিল ক’ড কাৰ্যকৰী কৰাৰ প্ৰস্তুতি কৰা হৈছে।

ইউনিফৰ্ম চিভিল ক’ডৰ অৰ্থ হৈছে দেশত বাস কৰা সকলো নাগৰিকৰ (প্ৰতিটো ধৰ্ম, জাতি, লিংগৰ লোক) বাবে এখনেই আইন হ’ব।

যদি এখন ৰাজ্যত অসামৰিক সংহিতা প্ৰযোজ্য হয়, তেন্তে বিবাহ, বিবাহ বিচ্ছেদ,   সন্তান তুলি লোৱা আৰু সম্পত্তিৰ বিভাজন লগতে লিভ-ইন সম্পৰ্কৰ দৰে সকলো বিষয়ত প্ৰতিজন নাগৰিকৰ বাবে একেই আইন থাকিব।বিবাহৰ লগতে, লিভ-ইনত বাস কৰা দম্পতীসকলৰ বাবে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব।