“বহুত বস্তু হেৰুৱালোঁ, ১০ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা ভাবিছো”; মনোজ বাজপেয়ীৰ বিস্ফোৰক স্বীকাৰোক্তি

 

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰে যে তেওঁ বিগত দহ বছৰ ধৰি অভিনয় ত্যাগ কৰাৰ কথা চিন্তা কৰি আহিছে।

বলীউডৰ অন্যতম প্ৰতিভাশালী আৰু প্ৰিয় তাৰকাৰ ভিতৰত এগৰাকী হৈছে মনোজ বাজপেয়ী।মনোজ বাজপেয়ী বলীউডৰ অন্যতম আটাইতকৈ প্ৰতিভাৱান অভিনেতা। তেওঁ এতিয়ালৈকে নিজৰ কেৰিয়াৰত বহুতো উল্লেখনীয় চলচ্চিত্ৰ উপহাৰ দিছে আৰু নিজৰ অভিনয়ৰ দক্ষতাৰ প্ৰমাণ কৰিছে। একে সময়তে, মনোজ বাজপেয়ী অ’টিটি প্লেটফৰ্মৰো ৰজা হৈ পৰিছে। এই সকলোবোৰৰ মাজতে অলপতে অভিনেতাজনে প্ৰকাশ কৰিছে যে বিগত এটা দশকত তেওঁ বহুবাৰ অভিনয় এৰি দিয়াৰ কথা চিন্তা কৰিছে। তেওঁ স্বীকাৰ কৰিছে যে কঠিন চৰিত্ৰসমূহ ৰূপায়ণ কৰাৰ আৱেগিক বোজাই প্ৰায়ে তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।

এটা সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে কয় যে, তেওঁৰ মনলৈ অভিনয় এৰি দিয়াৰ ভাৱ বাৰে বাৰে আহিছে।সঁচা কথা ক’বলৈ গ’লে, বিগত প্ৰায় ১০ বছৰ ধৰি মাজে মাজে মোৰ মন যায় যে মই অভিনয় এৰি দিওঁ। কিন্তু তাৰ পিছত আকৌ কিবা এটা চৰিত্ৰ আহে আৰু সেয়া হৈ উঠে।” অভিনেতাজনে জোৰ দি কয় যে তেওঁ বাধ্যবাধকতাত কাম কৰি থাকিব নিবিচাৰে। তেওঁ কয়, “মই অভিনয়ক বাধ্যবাধকতা হিচাপে কৰিব নিবিচাৰোঁ যে মই ঘৰলৈ দাইল-ভাত লৈ যাব লাগে । মই অভিনয় তেতিয়াহে কৰিব বিচাৰোঁ যেতিয়া কোনোবা এটা চৰিত্ৰ থাকে আৰু তাক ৰূপায়ণ কৰি বৰ আনন্দ পোৱা যায়।”

আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰিছে যে বহু বছৰ ধৰি অত্যন্ত মানসিক চাপযুক্ত আৰু গভীৰ চৰিত্ৰসমূহ কৰাৰ পিছত, এতিয়া তেওঁ পাতল-লঘু, বাণিজ্যিক মনোৰঞ্জনধৰ্মী বোলছবিৰ প্ৰতি আকৰ্ষিত হৈছে। অভিনেতাজনে কয়, “আজিকালি মোৰ বাণিজ্যিক চৰিত্ৰৰ চিনেমা কৰিবলৈ বৰ মন গৈছে.. একেবাৰে সস্তীয়া কমেডী, অৰ্থহীন কমেডী । অলপ গানৰ তালে তালে নাচিব লাগে। ঘৰৰ পৰা একো প্ৰস্তুতি চলাই যাব নালাগে। কেৱল পৰিয়ালক বিদায় দিয়ক আৰু ছেটত এটা ভাল সময় কটাওক।”

অভিনেতা গৰাকীয়ে এইটোও স্বীকাৰ কৰিছে যে ‘গলি গুলিয়াঁ’, ‘আলীগড়’ আৰু ‘ভোঁছলে’ৰ দৰে ছবিৰ কিছু অন্ধকাৰ আজিও তেওঁৰ ভিতৰত বিৰাজমান। অভিনেতাজনে কয়, “কেতিয়াবা মই মোৰ মানসিক অন্ধকাৰ অনুভৱ কৰোঁ। কেতিয়াবা মই ঠিকমতে জানো যে এইয়া ক’ৰ পৰা আহিছে।” তেওঁ লগতে কয় যে এনে চৰিত্ৰসমূহে প্ৰায়ে মেজাজ সলনি হোৱা আৰু আৱেগিক ভাগৰৰ কাৰণ হৈ পৰে, যাৰ বাবে আধ্যাত্মিকতা তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ আশ্ৰয় হৈ পৰিছে।

তেওঁ নিজৰ সপোনৰ পিছত দৌৰোঁতে কৰা ত্যাগসমূহৰ বিষয়েও কথা পাতিছে, বিশেষকৈ মাক-দেউতাকৰ সৈতে অতিবাহিত কৰা সময়খিনিক লৈ। যেতিয়া তেওঁক সোধা হৈছিল যে এই সংগ্ৰাম ইয়াৰ যোগ্য আছিলনে, তেতিয়া তেওঁ কয়, “প্ৰকৃততে, হয়,” তেওঁ লগতে কয়, “কিন্তু মই বহু বস্তু হেৰুৱালোঁ।” মুম্বাই যিয়ে তেওঁ আৰু তেওঁৰ পিতৃ-মাতৃৰ মাজত দূৰত্ব সৃষ্টি কৰিলে। তেওঁ কয়, “কেতিয়াবা মোৰ ভাব হয়, মই মোৰ দেউতাৰ সৈতে আৰু অলপ সময় পালে ভাল আছিল। আমি এজনে আনজনক আৰু ভালদৰে বুজিব পাৰিলোঁহেঁতেন।মোৰ মাৰ সৈতে আমি আমাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিব পাৰিলোঁহেঁতেন। অতীতলৈ চালে এই ত্যাগ সৰ্থক যেন লাগে। বাজপায়ীয়ে কয়, “ভৌতিক প্ৰাপ্তিৰ পিছত যেতিয়া আপুনি পিছলৈ ঘূৰি চায়, তেতিয়া অনুভৱ হয় যে সকলোবোৰ ইয়াৰ যোগ্য নাছিল।”

লগতে পঢ়ক: ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ

‘কোনো পাৰ্টীৰ লগত সম্পৰ্ক নাই’; নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাক লৈ মুখখুলিলে মনোজ বাজপেয়ীয়ে

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাক লৈ মুখখুলিলে মনোজ বাজপেয়ীয়ে

বিহাৰ বিধানসভাৰ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে, নতুন প্ৰাৰ্থীৰ নামো উত্থান ঘটিছে।

কিন্তু শেহতীয়াকৈ অভিনেতা মনোজ বাজপেয়ীৰ নামো পোহৰলৈ আহিছিল, যাৰ বাবেই কোৱা হৈছে যে তেওঁ বিহাৰৰ নিৰ্বাচনত অংশ ল’ব।

অৱশ্যে এতিয়া পদ্মশ্ৰী বঁটা বিজয়ী অভিনেতা মনোজ বাজপেয়ীয়ে এই বাতৰিবোৰক লৈ নিজৰ মৌনতা ভংগ কৰিছে আৰু শেহতীয়াকৈ ৰাষ্ট্ৰীয় জনতা দলৰ আই টি শাখাই সম্পাদনা কৰা এটা নিৰ্বাচনী প্ৰচাৰ ভিডিঅ’ক সমালোচনা কৰিছিল।

চাৰিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে নিৰ্বাচনী লাভৰ বাবে আৰু ভোটাৰক আকৰ্ষণ কৰিবলৈ নিজৰ সন্মতি অবিহনে নিজৰ ব্যক্তিত্ব আৰু ভাবমূৰ্তি অবৈধভাৱে ব্যৱহাৰ কৰাৰ বাবে ভিডিঅ’ নিৰ্মাতাসকলক সমালোচনা কৰিছে।

আৰজেডিৰ সুপ্ৰেমো লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ এক্সত,এতিয়া ডিলিট কৰা ভিডিঅ’টো শ্বেয়াৰ কৰিলে,যাৰ উদ্দেশ্য ৰাষ্ট্ৰীয় জনতা দলৰ সপক্ষে ভোটাৰক আকৰ্ষণ কৰা আছিল।

মনোজে শ্বট কৰা ভিডিঅ’ এটা ষ্ট্ৰীমিং প্লেটফৰ্মৰ বাবে অনৈতিক ব্যৱহাৰৰ বাবে দলটোক সমালোচনা কৰি,অভিনেতাগৰাকীয়ে মহা মিত্ৰযুঁজৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ মূল টুইটৰ উদ্ধৃতি দি এক দীঘলীয়া টোকা লিখিছিল।

তেওঁ লিখিছিল যে, “মই ৰাজহুৱাভাৱে ক’ব বিচাৰো যে মোৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি কোনো সম্পৰ্ক বা আনুগত্য নাই”।

“প্ৰচাৰিত হৈ থকা ভিডিঅ’টো মই @PrimeVideoIN ৰ বাবে কৰা এটা বিজ্ঞাপনৰ ভুৱা, সম্পাদিত সংস্কৰণ।এইখিনি শ্বেয়াৰ কৰা সকলোকে মই আন্তৰিকতাৰে আহ্বান জনাইছো যে এনে বিকৃত বিষয়বস্তু বিয়পোৱা বন্ধ কৰক আৰু মই মানুহক আহ্বান জনাইছো যে এনে বিভ্ৰান্তিকৰ বিষয়বস্তুৰ সৈতে জড়িত নহ’ব বা উৎসাহিত নকৰিব।”

লগতে পঢ়ক: ‘মোৰ ফালৰ পৰা ভুল বুজাবুজি আছিল’; অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ

শীঘ্ৰেই মুক্তি পাব ‘দ্য ফেমিলি মেন’ৰ নতুন ছিজন ; কৰা হ’ল ঘোষণা

শীঘ্ৰেই মুক্তি পাব ‘দ্য ফেমিলি মেন’ৰ নতুন ছিজন

বলীউড অভিনেতা মনোজ বাজপেয়ীৰ হিট ছিৰিজ ‘দ্য ফেমিলি মেন’ৰ নতুন ছিজন ঘোষণা কৰা হৈছে । এই শ্ব’টোৰ জৰিয়তে আপুনি আকৌ এবাৰ চাব পাৰিব আণ্ডাৰকাভাৰ এজেণ্ট শ্ৰীকান্ত তিৱাৰীৰ কাহিনী । ইফালে মঙলবাৰে প্ৰাইম ভিডিঅ’ৰ আন এখন হিট ছিৰিজ ‘পঞ্চায়ত’ৰ ছিজন ৪ মুক্তি লাভ কৰে । ইয়াৰ লগে লগে অনুৰাগীসকলে লাভ কৰিছে আন এক ভাল খবৰ ।

ঘোষণা কৰা হ’ল দ্য ফেমিলি মেনৰ নতুন ছিজন-

প্ৰাইম ভিডিঅ’ ইণ্ডিয়া আৰু মনোজ বাজপেয়ীয়ে ইনষ্টাগ্ৰামত ‘দ্য ফেমিলি মেন’ৰ নতুন পোষ্ট শ্বেয়াৰ কৰিছে । ইয়াত মনোজ বাজপেয়ীৰ চৰিত্ৰ শ্ৰীকান্ত চিন্তিত হৈ থিয় হৈ থকা দেখা গৈছে । তেওঁৰ চাৰিওফালে বন্দুকধাৰী থিয় হৈ আছে । পোষ্টাৰত লিখা আছে- ফেমিলী মেন ঘূৰি আহিছে । আনহাতে পোষ্টটোৰ কেপচনত লিখা আছে- সকলোৰে চকু আমাৰ Family Man ৰ ওপৰত । অতি সোনকালে আহি আছে The Family Manৰ নতুন ছিজন ।

এই জনপ্ৰিয় ছিৰিজৰ নতুন ছিজনৰ জৰিয়তে পুনৰবাৰ নিজৰ পৰিচালনাৰ দক্ষতা প্ৰদৰ্শন কৰিব পৰিচালক যুটি ৰাজ আৰু ডিকে । পোষ্টটোত টেগ কৰা অভিনেতাৰ তালিকাখন চালে দেখা যায় যে, এই ছিৰিজৰ নতুন ছিজনত প্ৰৱেশ কৰিবলৈ ওলাইছে কিছুমান নতুন চৰিত্ৰ । এই ছিজনত অভিনয় কৰিবলৈ গৈ আছে অভিনেতা যুগল হংসৰাজ, সীমা বিশ্বাস, হৰমন সিং আৰু তামিল অভিনেতা সন্দীপ কিষাণ । লাইনআপৰ পৰা স্পষ্ট যে এইবাৰ শ্ব’টোত অধিক মনোৰঞ্জক হ’ব ।

শ্ব’টোৰ নতুন ছিজন ঘোষণা কৰা হৈছে যদিও মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই । এতিয়া ‘দ্য ফেমিলি মেন’ৰ ছিজন ৩ক লৈ অনুৰাগীৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে । উল্লেখ্য যে, মনোজ বাজপেয়ীৰ ‘দ্য ফেমিলি মেন’ত প্ৰিয়ামণি আৰু শ্বৰীব হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : ‘অনুপমা’ৰ শ্বুটিং স্থলীত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ছাই হ’ল ষ্টুডিঅ’

২০২৫ত চাব পাৰিব চাচপেন্স, থ্ৰিলাৰ আৰু ড্ৰামাৰে ভৰা ৱেব ছিৰিজ…জানি লওক কেতিয়া মুক্তি পাব অ’ টি টিত

২০২৫ বৰ্ষত মুক্তি পাব বহু প্ৰত্যাশিত ৱেব ছিৰিজ, য’ত ড্ৰামা, ছাচপেন্স, থ্ৰিলাৰ, কমেডী আৰু আন বহুতো থাকিব । এই তালিকাত আৰিয়ান খানৰ পৰা মনোজ বাজপেয়ীলৈকে ৱেব চিৰিজ মুক্তি পাব ।

আৰিয়ান খান নিৰ্দেশিত প্ৰথমখন ছবি-

প্ৰথমে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ আগন্তুক ৱেব ছিৰিজৰ কথা জানক । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ছিৰিজত আৰিয়ানে অভিনয় নকৰে যদিও তেওঁ পৰিচালনা কৰিছে । এই ছিৰিজটো ২০২৫ চনত মুক্তি পাব । এই ছিৰিজটো প্ৰযোজনা কৰিব গৌৰী খানে । শেহতীয়াকৈ নেটফ্লিক্সে ঘোষণা কৰিছে যে ২০২৫ চনত নেটফ্লিক্স আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে গৌৰী খানৰ দ্বাৰা প্ৰযোজিত আৰু আৰিয়ান খানৰ পৰিচালিত বলীউডৰ এক অনন্য ছিৰিজৰ সৈতে আহি আছে ।

পাতল লোক ছিজন ২-

জয়দীপ আহলাৱত আৰু গুল পানাগ অভিনীত বহু প্ৰত্যাশিত অপৰাধমূলক ড্ৰামা ‘পাতল লোক’ৰ দ্বিতীয় ছিজনো ২০২৫ চনত মুক্তি পাব । শেহতীয়াকৈ প্ৰাইম ভিডিঅ’ই ইয়াৰ পোষ্টাৰ মুকলি কৰি ঘোষণা কৰিছে যে এই ক্ৰাইম ড্ৰামা ১৭ জানুৱাৰীত মুক্তি পাব । ২০২০ চনত মুক্তি পাইছিল ইয়াৰ প্ৰথম ছিজন । ইয়াৰ সফলতাই ব্ৰেকআউট পাৰফৰ্মাৰ হিচাপে আত্মপ্ৰকাশ কৰা আহলাৱতৰ বাবে দেশজুৰি খ্যাতি কঢ়িয়াই আনিছিল ।

দ্য ফেমিলী মেন ৩-

মনোজ বাজপেয়ী, প্ৰিয়ামণি আৰু শ্বৰীব হাছমী অভিনীত জনপ্ৰিয় ৱেব ছিৰিজ দ্য ফেমিলি মেন অহা বছৰ ষ্ট্ৰীম হ’ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডিচেম্বৰৰ ভিতৰত ইয়াৰ প্ৰডাকশ্যন সম্পূৰ্ণ হ’ব, আনহাতে পোষ্ট প্ৰডাকচনৰ কাম ৯-১২ মাহলৈকে চলিব । ২০২৫ চনত মুক্তি পাব পাৰে ইয়াৰ তৃতীয় ছিজন ।

দ্য ৰৌশনছ-

হৃতিক ৰোশন, ৰাকেশ ৰোশন আৰু ৰাজেশ ৰোশনক দেখা যাব The Roshans ছিৰিজত । এই তথ্যচিত্ৰ-ছিৰিজটো ২০২৫ চনৰ ১৭ জানুৱাৰীত নেটফ্লিক্সত মুক্তি পাব । ছিৰিজটোৱে দৰ্শকক লৈ যাব ৰোশন পৰিয়ালৰ জীৱন, সংগ্ৰাম আৰু বিজয়ৰ যাত্ৰালৈ ।

ব্লেক ৱাৰেণ্ট

ছেক্ৰেড গেমছ আৰু চি টি আৰ এলৰ বাবে সুপৰিচিত বিক্ৰমাদিত্য মটৱানে এতিয়া তেওঁৰ আগন্তুক ৱেব ছিৰিজ ব্লেক ৱাৰেণ্টৰ জৰিয়তে অনুৰাগীক ভাৰতৰ আটাইতকৈ কুখ্যাত কাৰাগাৰ তিহাৰ জেলৰ কঠোৰ বাস্তৱতাৰ ভিতৰলৈ লৈ যাবলৈ সাজু হৈছে । এই ছিৰিজত শশী কাপুৰৰ নাতি জাহান কাপুৰে অভিনয় কৰিছে । ইয়াৰ প্ৰিমিয়াৰ হ’ব নেটফ্লিক্সত ২০২৫ চনৰ ১০ জানুৱাৰীত । এই ছিৰিজত পৰমবীৰ সিং চিমা, অনুৰাগ ঠাকুৰ আৰু সিদ্ধান্ত গুপ্তাক মূল চৰিত্ৰত দেখা যাব ।