ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ৰ প্ৰিমিয়াৰ ৰেডবল ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীক অগ্ৰাধিকাৰ নিদিয়াৰ বাবে সমালোচনা কৰিছে । ৰঞ্জী ট্ৰফীৰ ৯০ সংখ্যক সংস্কৰণৰ বাবে অনেক যুৱ খেলুৱৈয়ে নিজৰ নাম উজলাই তুলিবলৈ চেষ্টা চলাই আছে । এই প্ৰতিযোগিতাখনৰ প্ৰতি বি চি চি আইৰ মনোভাৱ সন্দৰ্ভত গাভাস্কাৰে নিজৰ মতামত প্ৰকাশ কৰিছে ।
ভাৰতে নৱেম্বৰৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখনীয়া মেচৰ টি-২০ শৃংখলা খেলিব লাগিব, যাৰ বাবে ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰিব নোৱাৰিব । গাভাস্কাৰে লগতে কয় যে কিছুমান খেলুৱৈয়ে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব য’ত তেওঁলোক ইণ্ডিয়া এ দলৰ অংশ হ’ব, যাৰ বাবে তেওঁলোক এই প্ৰতিযোগিতাখনৰ বাবে উপলব্ধ নহ’ব ।
‘আই পি এলৰ আগমনৰ লগে লগে প্ৰভাৱ কমি গ’ল’-
গাভাস্কাৰে এটা স্তম্ভত লিখিছে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে অহা মাহত দক্ষিণ আফ্ৰিকা যোৱাতো অপ্ৰয়োজনীয় ভ্ৰমণ হ’ব য’ত দলটোৱে চাৰিখনীয়া মেচৰ টি-২০ শৃংখলা খেলিব । ইয়াৰ উপৰিও ভাৰতৰ এ টিমেও অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব । ইয়াৰ বাবে ৰঞ্জী ট্ৰফীৰ বাবে নিজৰ ৰাজ্যিক দলত ৫০-৬০ গৰাকী খেলুৱৈ উপলব্ধ নহ’ব । ভাৰতৰ দৰে আন কোনো ডাঙৰ দেশেই নিজৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাক এইদৰে নলয় । ঘৰুৱা প্ৰতিযোগিতাৰ সময়ত ইংলেণ্ড বা অষ্ট্ৰেলিয়াৰ এ টিম ট্যুৰ বা আন কোনো টুৰ্ণামেণ্ট হোৱা দেখিছেনে ? আই পি এল অহাৰ পিছৰে পৰা ৰঞ্জী ট্ৰফীৰ প্ৰভাৱ কমি আহিছে । আশা কৰোঁ অহা ছিজনত এইটো সলনি হ’ব, নে আমি বেছি আশা কৰিছো ।
ভাৰতে অহা ৮ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাৰিখনীয়া মেচৰ টি-২০ শৃংখলা খেলিব লাগিব । ইয়াৰ বাবে বহু যুৱ খেলুৱৈয়ে ৰঞ্জী ট্ৰফীত নিজৰ ৰাজ্যিক দল এৰিব লাগিব । ইয়াৰ পিছত দলটোৱে ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ বোৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলা খেলিব য’ত জ্যেষ্ঠ খেলুৱৈসকলক অন্তৰ্ভুক্ত কৰা হ’ব ।