‘ইংলেণ্ড এটা ভাল দল…’; অ’ভাল টেষ্টৰ সময়তে সুনীল গাভাস্কাৰৰ ডাঙৰ মন্তব্য

সুনীল গাভাস্কাৰৰ ডাঙৰ মন্তব্য

অ’ভেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ভাৰতে পঞ্চমখন টেষ্ট মেচত যুঁজ দি আছে।ইংলেণ্ডৰ জয়ৰ বাবে ভাৰতে ৩৭৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

চতুৰ্থ ইনিংছত ইংলেণ্ডে ৬টা উইকেট হেৰুৱাই ৭৬.২ অভাৰত ৩৩৯ ৰান সংগ্ৰহ কৰে।যদি ভাৰতে এই টেষ্ট মেচত জয়ী হয় তেন্তে ই এক অলৌকিকতাতকৈ কম নহয়।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা অ’ভেল টেষ্টৰ সময়ত ভাৰতীয় প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰে এটা ডাঙৰ বক্তব্য দাঙি ধৰিছে৷

অ’ভাল টেষ্ট মেচৰ পৰিস্থিতি আৰু শৃংখলাত ভাৰতৰ প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গাভাস্কাৰে যি মন্তব্য কৰিছে সেই মন্তব্যই হাহাকাৰ সৃষ্টি কৰিছে। গাভাস্কাৰে টেনিছৰ উদাহৰণ দাঙি ধৰিছে।

তেওঁ কয় যে, “সামগ্ৰিকভাৱে যদি আপুনি সকলো খেলক একত্ৰিত কৰে তেন্তে ইয়াৰ দৰে কিবা এটা হ’ব, যেনেকৈ এটা দলে অধিক খেলত জয়লাভ কৰিছে, আনটো দলে অধিক ছেট জিকিছে।

তেওঁ লগতে কয় যে, ‘আপুনি এনেকৈ ক’ব পাৰে, কিন্তু দিনৰ শেষত ফলাফলটোৱেই গুৰুত্বপূৰ্ণ।’ যদিহে ভাৰতে এই মেচত জয়ী হৈ শৃংখলা সমতা নকৰে,স্বীকাৰ কৰিব লাগিব যে ইংলেণ্ড এটা ভাল দল।ইয়াত সেইটো ডাঙৰ কথা নহয় যে আপুনি কিমান শৃংখলাত জয়ী হৈছে’।

লগতে পঢ়ক: পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ… ডি ভিলিয়াৰ্ছৰ বিস্ফোৰক শতক

“এনেকুৱা এইকাৰণেই হৈছিল কাৰণ IPL ত…”; গিল বনাম ক্ৰ’লি বিতৰ্কক লৈ সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য

সুনীল গাভাস্কাৰৰ ডাঙৰ বক্তব্য

লৰ্ডছ টেষ্ট মেচখনৰ তৃতীয় দিনৰ শেষ মুহূৰ্তত  শুভমান গিল আৰু জেক ক্ৰ’লিৰ মাজত তেতিয়া বিতৰ্কৰ সৃষ্টি হয়, যেতিয়া ক্ৰ’লিয়ে ইচ্ছাকৃতভাৱে সময় নষ্ট কৰিবলৈ চেষ্টা কৰিছিল।

দুয়োৰে মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল, যাৰ ওপৰত এতিয়া প্ৰাক্তন ভাৰতীয় কিংবদন্তি সুনীল গাভাস্কাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সুনীল গাভাস্কাৰে এটা বিবৃতি দিছে যিয়ে অনুৰাগীৰ মাজত শিৰোনাম দখল কৰিছে।এই ঘটনা সন্দৰ্ভত আই পি এলৰ উদাহৰণ দি গাভাস্কাৰে নিজৰ মতামত আগবঢ়াইছে।

গাভাস্কাৰে প্ৰত্যক্ষভাৱে বিশ্বাস কৰে যে ইংলেণ্ডৰ বেছিভাগ খেলুৱৈয়ে আই পি এল খেলা নাই। যাৰ বাবে ইংলেণ্ড আৰু ভাৰতৰ খেলুৱৈৰ মাজত প্ৰতিযোগিতা আৰু স্লেজিং শীৰ্ষত আছে।

ধাৰাভাষ্যৰ সময়ত গাভাস্কাৰে কয়, “এইটো হোৱাৰ কাৰণ আছে। ইয়াৰ কাৰণ হ’ল ইংলেণ্ডৰ বহু খেলুৱৈয়ে আই পি এলত খেলা নাই”।এয়া মোৰ চিন্তাধাৰা।ইংলেণ্ড দলৰ  জো ৰুটে খেলা নাছিল, বেন ষ্ট’কছে খেলা নাছিল”।

“আন দলৰ ক্ষেত্ৰতো এইটো হৈছে যে তেওঁলোকৰ বহু খেলুৱৈ আই পি এলত আছে। ভাৰতীয় খেলুৱৈৰ লগত মিলি গৈছে, তেওঁলোকৰ লগত ভ্ৰমণ কৰিছে। চেঞ্জিং ৰুম শ্বেয়াৰ কৰিছে।”

নিজৰ কথাটো আৰু আগুৱাই লৈ গৈ গাভাস্কাৰে কয়, ‘মই কৈ আহিছো যে আই পি এলৰ আগতে কিছুমান খেলুৱৈৰ মাজত বহুত শত্ৰুতা আছিল, যিসকলে স্লেজিঙৰ সীমা অতিক্ৰম কৰিব।’

“সেই তীব্ৰতা এতিয়াও আছে।ভাৰতীয় আৰু ইংৰাজী খেলুৱৈয়ে আই পি এলত খেলা নাই বাবেই সংঘাতৰ সৃষ্টি হৈছে। যদি তেওঁ লোকেও আইপিএলত খেলিলে হয় তেতিয়া হয়টো এই বিতৰ্ক সৃষ্টি নহলে হয়”।

লগতে পঢ়ক: লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কে এল ৰাহুলৰ;  ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই কৃতিত্ব

সুনীল গাভাস্কৰৰ ভৱিষ্যদ্বাণীত স্তম্ভিত দেশ! ক’লে আই পি এল ২০২৫ত কোনে নিব ট্ৰফী

ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন তথা ক্ৰিকেট কমেন্টেটৰ সুনীল গাভাস্কাৰে আই পি এল ২০২৫ৰ বিজয়ীক লৈ এক ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে।

কোন দলে আই পি এল ২০২৫ৰ ট্ৰফী হাতত তুলি ল’ব সেই কথা জনাইছে সুনীল গাভাস্কাৰে।আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি) দলৰ প্ৰদৰ্শন অতি উত্তম।

আই পি এল ২০২৫ৰ ১০খন মেচৰ ভিতৰত ৭খন খেলত এতিয়ালৈকে জয়লাভ কৰি ১৪ পইণ্ট লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে।আই পি এল ২০২৫ৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দল।

এটা সাক্ষাৎকাৰত সুনীল গাভাস্কাৰে কয় যে আই পি এল ২০২৫ৰ খিতাপ দখল কৰিবলৈ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু হৈছে আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে এই ছিজনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে আৰু  এতিয়ালৈকে বেছিভাগ মেচতে জয়ী হৈছো।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সফলতাত বিৰাট কোহলি, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, দেৱদত্ত পদিকল, জোছ হেজলউডৰ দৰে তাৰকা খেলুৱৈয়ে ডাঙৰ ভূমিকা পালন কৰিছে।

সুনীল গাভাস্কাৰৰ মতে, ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অল ৰাউণ্ড শক্তিৰ ওচৰ চাপিছে কেৱল মুম্বাই ইণ্ডিয়ানছ । অৱশ্যে খিতাপৰ দৌৰত ৰজত পাটিদাৰৰ দল সামান্য আগবাঢ়ি আছে বুলিও তেওঁ কয়।

সুনীল গাভাস্কৰে কয়, ‘ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু… তেওঁলোকে বেটিং আৰু লগতে ফিল্ডিংও যথেষ্ট ভাল কৰিছে।মুম্বাই ইণ্ডিয়ানৰ ওচৰত আছে, কিন্তু তেওঁলোকে মাত্ৰ অগ্ৰগতি লাভ কৰিছে।

প্ৰশ্ন হয়, তেওঁলোকে ইয়াক আগুৱাই লৈ যাব পাৰিবনে,কাৰণ তেওঁলোকে শীৰ্ষ দলৰ বিৰুদ্ধে তিনিখন কঠিন মেচ খেলিব লাগিব।অৱশ্যে আৰ চি বি নিশ্চিতভাৱে খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী।

যশস্বী জয়ছোৱালৰ উইকেটক লৈ বিতৰ্ক…বাংলাদেশী আম্পায়াৰৰ ভুল ! সুনীল গাভাস্কাৰৰ উঠিল খং

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন খেল মেলবৰ্ণত অনুষ্ঠিত হয় । এই মেচখনৰ অন্তিম দিনটোত (৩০ ডিচেম্বৰ) ভাৰতীয় দলটোৱে জয়ৰ বাবে লাভ কৰে ৩৪০ ৰানৰ লক্ষ্য । এই লক্ষ্যৰ অনুসৰণ কৰা অৱস্থাত ভাৰতৰ শীৰ্ষ বেটছমেনসকল ব্যৰ্থ হয় যদিও যশস্বীয়ে এক ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয় ।

যশস্বীৰ উইকেটক লৈ বিতৰ্ক-

যশস্বীয়ে ২০৮টা বলৰ মুখামুখি হৈ ৮৪ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰিও আছিল । পেট কামিন্সৰ বলত উইকেটৰক্ষক এলেক্স কেৰীৰ হাতত কেচ তুলি আউট হয় যশস্বী । কিন্তু যশস্বী যিদৰে আউট হৈছিল সেয়া কিছু দুৰ্ভাগ্যজনক আছিল । যশস্বীক অন-ফিল্ড আম্পায়াৰে আউট দিয়া নাছিল । কিন্তু অষ্ট্ৰেলিয়াই ডি আৰ এছ লোৱাৰ পাছত থাৰ্ড আম্পায়াৰ শ্বাৰফুদ্দৌলাই (বাংলাদেশ) এই সিদ্ধান্ত বাতিল কৰে ।

ৰিপ্লেত স্নিকো মিটাৰত কোনো স্পাইক দেখা নগ’ল যদিও ডিফ্লেকচনৰ ভিত্তিত বাংলাদেশী আম্পায়াৰ শ্বাৰফুদ্দৌলাই এই সিদ্ধান্ত বাতিল কৰে । এতিয়া প্ৰশ্ন হয় যে যেতিয়া থাৰ্ড আম্পায়াৰ সম্পূৰ্ণ নিশ্চিত নাছিল, তেতিয়া তেওঁ অন-ফিল্ড আম্পায়াৰৰ সৈতে যাব লাগিছিল । থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তক লৈ সুনীল গাভাস্কাৰক উত্তেজিত যেন লাগিছিল । গাভাস্কাৰে কয় যে যদি প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে তেন্তে এনে সিদ্ধান্ত কিয় লোৱা হয় ।

এই সিদ্ধান্তত অসন্তুষ্ট দেখা গৈছে বি চি চি আইৰ উপ সভাপতি ৰাজীৱ শুক্লাক । ৰাজীৱ শুক্লাই টুইট কৰি কয় যে যশস্বী জয়ছোৱাল স্পষ্টভাৱে আউট হোৱা নাছিল । তৃতীয় আম্পায়াৰে এই প্ৰযুক্তিয়ে কি ইংগিত দিছে সেই বিষয়ে গুৰুত্ব দিব লাগিছিল । ফিল্ড আম্পায়াৰৰ সিদ্ধান্ত উলংঘা কৰাৰ সময়ত তৃতীয় আম্পায়াৰৰ জোৰদাৰ কাৰণ থাকিব লাগিব ।

ভাৰতীয় ইনিংছৰ ৭১ নং অভাৰৰ পঞ্চম বলত সংঘটিত হয় এই সমগ্ৰ হুলস্থুল । পেট কামিন্সে সেই বলটো লেগ ষ্টাম্পৰ ওচৰত কৰিছিল । জয়ছোৱালে বল পুল কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু বলটো উইকেটকীপাৰ এলেক্স কেৰীৰ ওচৰলৈ যায় আৰু তেওঁ আগলৈ ডাইভ মাৰি বলটো ধৰে । জয়ছোৱাল আউট বুলি কামিন্সৰ আত্মবিশ্বাস আছিল, সেয়েহে তেওঁ ডি আৰ এছ লৈছিল । যশস্বীৰ সম্পূৰ্ণ আত্মবিশ্বাস আছিল যে তেওঁ আউট নহয় । তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ পিছত ফিল্ড আম্পায়াৰৰ সৈতে তৰ্ক-বিতৰ্ক কৰাও দেখা গ’ল ।

সুনীল গাভাস্কাৰক লগ পোৱাৰ পিছত আৱেগিক হৈ পৰিল নীতিশ ৰেড্ডীৰ পিতৃ; আঠুকাঢ়ি জনালে ধন্যবাদ

২১ বছৰীয়া নীতিশ কুমাৰ ৰেড্ডীয়ে মেলবৰ্ণ টেষ্টত শতক অৰ্জন কৰি ভাৰতীয় ক্ৰিকেটৰ তাৰকা হৈ পৰিছে। ক্ৰিকেট বিশেষজ্ঞৰ পৰা অনুৰাগীলৈকে, সকলোৱে তেওঁৰ বিষয়েই এতিয়া চৰ্চা কৰিছে।

ৰেড্ডীয়ে কঠিন পৰিস্থিতিত টীম ইণ্ডিয়াৰ ইনিংছ ধৰিছিল আৰু ১১৪ ৰাণ সংগ্ৰহ কৰিছিল।সেই সময়ত ষ্টেডিয়ামত উপস্থিত থকা তেওঁৰ পিতৃ মুতিয়ালা ৰেড্ডীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পুত্ৰই শতক অৰ্জন কৰাৰ পিছত আৱেগিক হৈ পৰিছিল পিতৃ।

মেলবৰ্ণত বক্সিং ডে টেষ্ট খেলৰ সময়ত নীতিশৰ পৰিয়ালে সুনীল গাভাস্কাৰক সাক্ষাৎকাৰ কৰিছিল। লগ পোৱাৰ পিছতেই পিতৃ মুতিয়ালাই কিংবদন্তি বেটছমেনজনৰ ভৰি স্পৰ্শ কৰিছিল।

এই বৈঠকৰ পিছত গাভাস্কাৰ আৱেগিক হৈ পৰিছিল।নীতিশ ৰেড্ডীৰ পিতৃয়ে গাভাস্কাৰৰ ভৰি স্পৰ্শ কৰাত চকুত চকুপানীৰে উপচি পৰিছিল সুনীল ভাগাস্কাৰৰ। তেওঁ কয় যে মুতিয়ালাৰ বলিদানৰ বাবে ভাৰতে নীতিশ ৰেড্ডী নামৰ হীৰা লাভ কৰিছে।

গাভাস্কাৰে বৈঠকৰ সময়ত কৈছিল, “আমি জানো তেওঁ কিমান ত্যাগ কৰিছে। তেওঁ বহুত সংগ্ৰাম কৰিছে। মই তোমাৰ কাৰণে কান্দি আছো। আপোনাৰ বাবে, ভাৰতে এটা হীৰা পাইছে, ভাৰতীয় ক্ৰিকেটত এটা হীৰা আছে।এমচিজিৰ পিছফালৰ কোঠাৰ মানুহে এই আৱেগিক মুহূৰ্তটো বন্দী কৰিছিল।