লোক সেৱা ভৱনত কিংবদন্তি ক্ৰিকেটাৰগৰাকীক মুখ্যমন্ত্ৰী ড০ শৰ্মাই আদৰণি জনায়
গুৱাহাটীত ক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰ । বিশ্ব বন্দিত ক্ৰিকেটাগৰাকীক অসমলৈ আদৰণি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে গুৱাহাটীৰ লোক সেৱা ভৱনত কিংবদন্তি ক্ৰিকেটাৰগৰাকীক মুখ্যমন্ত্ৰী ড০ শৰ্মাই আদৰণি জনায় আৰু অসমৰ ক্ৰিকেট ব্যৱস্থাক শক্তিশালী কৰাৰ সন্দৰ্ভত দুয়োগৰাকী আলোচনাত মিলিত হয় ।
এই সাক্ষাতত বিশ্বৰ আটাইতকৈ ভয়ংকৰ দ্ৰুত বেগী বলাৰসকলৰ বিৰুদ্ধে নিজৰ অসাধাৰণ দক্ষতাৰ বাবে পৰিচিত এই মহান অ’পেনিং বেটছমেনগৰাকীয়ে টকিঅ’ মাৰাথন ‘২৫-ৰ আৰ্হিত গুৱাহাটীত এখন আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । ক্ৰিকেট কিংবদন্তিগৰাকীৰ এই প্ৰস্তাৱ মুখ্যমন্ত্ৰী ড০ শৰ্মাই আদৰণি জনায় আৰু এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰি পৰিকল্পনাটোক বাস্তবায়িত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স (X)-ত এই বৈঠকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “সুনীল গাভাস্কাৰজীয়ে মোক সাক্ষাৎ কৰি টকিঅ’ মাৰাথন ‘২৫-ৰ আৰ্হিত গুৱাহাটীত এখন আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে । আমি ইয়াৰ আয়োজক হ’বলৈ পাই আনন্দিত হ’ম আৰু এই প্ৰস্তাৱটো নিশ্চিতভাৱে চিন্তা কৰিম । মোৰ প্ৰজন্মৰ বহু লোকৰ দৰেই, ময়ো তেওঁৰ সৈতে সেই ‘ছানি’ ইনিংছবোৰৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰিলোঁ!”
ইয়াৰ উপৰিও তেওঁ কিংবদন্তি ভাৰতীয় বেটছমেনগৰাকীৰ মাষ্টাৰক্লাছ ইনিংছবোৰ চোৱাৰ নিজৰ শৈশৱৰ স্মৃতিও ৰোমন্থন কৰে ।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ গৌৰৱোজ্জ্বল মুহূৰ্তসমূহৰ বিষয়ে চৰ্চা কৰাৰ লগতে তেওঁলোকে ৰেড-বল আৰু হোৱাইট-বল ফৰ্মেটত ক্ৰিকেটৰ বিৱৰ্তন আৰু অসমত ক্ৰিকেটক অধিক শক্তিশালী কৰাৰ ৰোডমেপ সন্দৰ্ভতো আলোচনা কৰে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে গাভাস্কাৰৰ বহুমূলীয়া অন্তদৃষ্টি আৰু অভিজ্ঞতাৰ ভঁৰালে ৰাজ্যখনত ক্ৰিকেটৰ মানদণ্ড উন্নত কৰা আৰু প্ৰতিভাৱান খেলুৱৈক গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাত নিশ্চয়কৈ এক পথ প্ৰদৰ্শক হিচাপে কাম কৰিব ।
এই আলোচনাত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব কে কে দ্বিবেদীও উপস্থিত আছিল ।
লগতে পঢ়ক : বয়স কেৱল এটা সংখ্যা! ফুটবল বিশ্বকাপ ২০২৬-ত ৰাজত্ব কৰিছে এইসকল কিংবদন্তিয়ে









