জম্মু-কাশ্মীৰে ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ অৰ্জন
প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফী খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে জম্মু-কাশ্মীৰে।যোৱা ৬৭ বছৰ ধৰি জম্মু-কাশ্মীৰ দলটোৱে যি সপোন দেখিছিল, সেই সপোন অৱশেষত পূৰণ হ’ল।
৬৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খিতাপ অৰ্জন জম্মু-কাশ্মীৰৰ।শনিবাৰে কৰ্ণাটকৰ বিৰুদ্ধে ড্ৰ’ ফাইনেলত প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰি জম্মু-কাশ্মীৰে ইতিহাসত নিজৰ নাম খোদিত কৰে।
প্ৰথমে বেটিং কৰি জম্মু-কাশ্মীৰে প্ৰথম ইনিংছত ৫৮৪ ৰান সংগ্ৰহ কৰে, যাৰ উত্তৰত কৰ্ণাটক দলে মাত্ৰ ২৯৩ ৰানহে কৰিবলৈ সক্ষম হয়।
৪১ বছৰীয়া পৰস ডোগ্ৰাৰ অধিনায়কত্বত থকা জম্মু-কাশ্মীৰ দলটোৱে ৰঞ্জি ট্ৰফী খিতাপ দখল কৰি নতুন ইতিহাসৰ সৃষ্টি কৰিছে।
এই দলটোৱে প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী খিতাপ দখল কৰিছে।এই খিতাপ জয় ভাৰতীয় ক্ৰিকেটত শতিকাজুৰি স্মৰণীয় হৈ থাকিব।
খেলখনৰ পঞ্চম আৰু অন্তিম দিনা জম্মু-কাশ্মীৰে যেতিয়া দ্বিতীয় ইনিংছত চাৰি উইকেটত ৩৪২ ৰান সংগ্ৰহ কৰিছিল তেতিয়া দুয়োটা দলৰ অধিনায়কসকলে মেচখন ড্ৰ কৰিবলৈ সন্মত হয়।আৰু এইদৰেই জম্মু-কাশ্মীৰ প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ’ল।
লগতে পঢ়ক: কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন? আগবাঢ়িব পাৰে দুটা দিন