ভেৰা চি ৰুবিন মানৱ নিৰীক্ষণ কেন্দ্ৰত স্থাপন কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰা। এই কেমেৰাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাসমূহ নিৰীক্ষণ কৰা হ’ব।
এই ডিজিটেল কেমেৰাৰ জুম ইমানেই বেছি যে দূৰৈৰ গ্ৰহ আৰু তাৰকাৰাজ্যও দেখা পাব।এই ডিজিটেল কেমেৰাটোক Large Synoptic Survey Telescope (LSST) বুলিও কোৱা হয়।
এইটোৱেই হৈছে এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ ডিজিটেল ইমেজিং ডিভাইচ, যাৰ জৰিয়তে অহা ১০ বছৰলৈ দক্ষিণ মেৰুৰ ফালে আকাশৰ বিশদ পৰ্যবেক্ষণ কৰা হ’ব।
এই বৃহৎ এল এছ এছ টি কেমেৰাটো ছিমনি জৰীপ টেলিস্কোপত সফলতাৰে স্থাপন কৰা হৈছে। অতি সোনকালে ইয়াৰ চূড়ান্ত পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছত মানৱ নিৰীক্ষণ কেন্দ্ৰটোৱে সম্পূৰ্ণৰূপে কাম আৰম্ভ কৰিব পাৰিব।
এই বৃহৎ ডিজিটেল কেমেৰাটো স্থাপনৰ বাবে আমেৰিকাৰ নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যন (এন এছ এফ) আৰু শক্তি বিভাগে (ডি অ’ ই) আৰ্থিকভাৱে সহায় কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বব্ৰহ্মাণ্ডৰ টাইম লেপছ লিপিবদ্ধ কৰা।
ভেৰা চি ৰুবিন মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মতে এই এল এছ এছ টি কেমেৰাই কেইটামান ৰাতিৰ ভিতৰত সমগ্ৰ আকাশখন জৰীপ কৰিব আৰু উচ্চ ৰেজলুশনৰ ছবি তুলি ল’ব।
এই কেমেৰাটোৰ জুম এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ইয়াৰ মাজেৰে লোৱা ছবিখন প্ৰদৰ্শন কৰিবলৈ ৪০০ নিট আল্ট্ৰা এইচডি (ইউএইচডি) টিভিৰ প্ৰয়োজন হ’ব।
এই ক্ষমতাৰে ডিজিটেল কেমেৰাটোৱে ছুপাৰন’ভা, গ্ৰহাণু আৰু স্পন্দনশীল তৰাৰ ছবি ধৰিব পাৰিব। এই কেমেৰাই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা ৰেকৰ্ডিং কৰাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব পাৰে।
উল্লেখ্য যে আমেৰিকাৰ ভেৰা চি ৰুবিন মানৱ নিৰীক্ষণ কেন্দ্ৰৰ নাম জ্যোতিৰ্বিজ্ঞানী ভেৰা ৰুবিনৰ নামেৰে ৰখা হৈছে।
তেওঁৱেই তেওঁৰ সহকৰ্মী কেণ্ট ফৰ্ডৰ সৈতে গৱেষণাৰ জৰিয়তে আৱিষ্কাৰ কৰিছিল যে গেলেষ্কিবোৰ মাধ্যাকৰ্ষণৰ নিয়মে আশা কৰা বেগত ঘূৰি নাথাকে।
ইয়াৰ পৰা বুজা যায় যে কিছুমান ক’লা পদাৰ্থই এই তাৰকাৰাজ্যবোৰক প্ৰভাৱিত কৰে। এই ডিজিটেল কেমেৰাই এই তাৰকাৰাজ্যসমূহত উপস্থিত ডাৰ্ক মেটাৰৰ প্ৰভাৱ জুখিব পৰাতো সহায় কৰিব।