মূৰৰ বিষে আমনি কৰিছে নেকি আপোনাক? পেইন কিলাৰৰ পৰিৱৰ্তে ঘৰতে কৰক এই কাম

দীৰ্ঘসময় ধৰি লেপটপ, ম’বাইল ব্যৱহাৰ বা একেটা কামতে লাগি থকাৰ ফলত কেতিয়াবা আমি যথেষ্ট মূৰৰ বিষৰ সন্মুখীন হ’বলগীয়া হয়। বহুসময়ত এই বিষ বাঢ়ি গৈ সহ্যৰ সীমা অতিক্ৰম কৰে। বৰ্তমানৰ জীৱনশৈলীত কামৰ ব্যস্ততা, চিন্তা, মানসিক অশান্তি আদিৰ বাবে মূৰৰ বিষ হোৱাটো এটা তেনেই সাধাৰণ সমস্যা হৈ

দীৰ্ঘসময় ধৰি লেপটপ, ম’বাইল ব্যৱহাৰ বা একেটা কামতে লাগি থকাৰ ফলত কেতিয়াবা আমি যথেষ্ট মূৰৰ বিষৰ সন্মুখীন হ’বলগীয়া হয়। বহুসময়ত এই বিষ বাঢ়ি গৈ সহ্যৰ সীমা অতিক্ৰম কৰে।

বৰ্তমানৰ জীৱনশৈলীত কামৰ ব্যস্ততা, চিন্তা, মানসিক অশান্তি আদিৰ বাবে মূৰৰ বিষ হোৱাটো এটা তেনেই সাধাৰণ সমস্যা হৈ পৰিছে ৷ যিকোনো বয়সতে এনে হ’ব পাৰে আৰু ই দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলাব পাৰে ৷

মূৰৰ বিষৰ বহু কাৰণ হ’ব পাৰে ৷ যেনে মানসিক চাপ, উদ্বেগ বৃদ্ধি, ভাগৰুৱা, কামৰ অতিৰিক্ত বোজা বা যিকোনো বদ অভ্যাস ৷

এনে অহস্য মূৰৰ বিষ সোনকালে দূৰ কৰিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে।আটাইতকৈ ভাল কথা এয়ে যে, এই প্ৰতিকাৰবোৰৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

মুৰৰ বিষৰ পৰা সকাহ পাবলৈ আপুনি নেমুৰ পৰা প্ৰস্তুত কৰা চাহ খাব পাৰে।আপুনি প্ৰথমে চাহখিনি বনাই লৈ তাত অলপ নেমু চেপি দিব। এই চাহ খোৱাৰ পাছত আপুনি  মূৰৰ বিষৰ পৰা যথেষ্ট সকাহ পাব।

মূৰৰ বিষৰ এটা সাধাৰণ কাৰণ হ’ব পাৰে শৰীৰত পানীৰ অভাৱ ৷ দৈনিক কমেও ৮-১০ গিলাচ পানী খালে পানীলগা হোৱাৰ সম্ভাৱনা কম হয় আৰু মূৰৰ বিষ কম হ’ব পাৰে ৷

ধ্যান কৰাটো মানসিক স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়, স্বাভাৱিক দিনতো কৰিব লাগে ৷ দৈনিক ইয়াৰ অভ্যাস কৰিলে মানসিক চাপ হ্ৰাস আৰু মূৰৰ বিষ দূৰ কৰাত সহায়ক হ’ব পাৰে ৷

(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)

শেহতীয়া প্ৰৱন্ধসমূহ