যোৱা কেইদিনমানৰ পৰা ছবি পুনৰ মুক্তিৰ ধাৰা দেখা গৈছে । ইয়াত নতুন ছবিবোৰে আশা কৰা ধৰণে সঁহাৰি পোৱা নাই । কিন্তু আনফালে পুনৰ মুক্তি পোৱা ছবিবোৰ জনপ্ৰিয় হৈ পৰিছে । যোৱা কেইমাহমানৰ পৰা বহু ডাঙৰ ডাঙৰ ছবিয়ে পুনৰ মুক্তি লাভ কৰিছে । এতিয়া শ্বাহৰুখ খান আৰু ছলমানৰ চিনেমাৰ নামো এই তালিকাত দেখা গৈছে ।
১৯৯৫ চনৰ কাল্ট ক্লাছিক ছবি ‘কৰণ অৰ্জুন’ মুক্তিৰ পৰিকল্পনা কৰা হৈছে । পুনৰ মুক্তি পোৱা ছবিকেইখনৰ প্ৰতি সঁহাৰি পোৱাৰ পিছতে ছলমান খান আৰু শ্বাহৰুখ খানৰ ছবি কৰণ-অৰ্জুনক পুনৰ ডাঙৰ পৰ্দাত দেখুওৱাৰ পৰিকল্পনা কৰা হৈছে । যদি এনেকুৱা হয় তেন্তে অনুৰাগীৰ বাবে ই এক ডাঙৰ উপহাৰ হ’ব ।
পুনৰ মুক্তি পাবনে কৰণ-অৰ্জুনে ?
শেহতীয়াকৈ বক্স অফিচ ৱৰ্ল্ড ৱাইডত এটা খবৰ প্ৰকাশ পাইছিল । এই খবৰ অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহত ছবিখনৰ ৩০ বছৰ সম্পূৰ্ণ হ’ব । এনে পৰিস্থিতিত সেই সময়ত ছবিখন পুনৰ মুক্তি পাব বুলি আশা কৰা হৈছে । ছবিখনৰ পৰিচালক ৰাকেশ ৰোশনেও ছবিখন পুনৰ মুক্তিৰ ইংগিত দিছিল ।
ছলমান খানে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰিছে-
ছলমান খানে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ছলমান খান আৰু শ্বাহৰুখ খানৰ ছবিখনৰ নতুন টিজাৰ শ্বেয়াৰ কৰিছে । এই কথা শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘ৰাখী জীয়ে সঠিক কৈছিল, মোৰ কৰণ অৰ্জুন আহিব, ২২ নৱেম্বৰত বিশ্বজুৰি ছবিগৃহত ।’ ইফালে ছলমান খান আৰু শ্বাহৰুখ খানৰ অনুৰাগীসকলো ছবিখন চাবলৈ উৎসাহিত হৈ পৰিছে ।
হিট ছবি আছিল ‘কৰণ অৰ্জুন’ –
ছলমান আৰু শ্বাহৰুখ খানৰ সৈতে কাজল, ৰাখী, মমতা কুলকাৰ্ণী আৰু অমৃশ পুৰীয়ে ছবিখনত অভিনয় কৰিছিল । ছবিখনৰ পৰিচালনা কৰিছিল ৰাকেশ ৰোশনে । ১৯৯৫ চনত মুক্তি পোৱা এই ছবিখনক প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দালৈ অনা হৈছিল । শ্বাহৰুখ খান আৰু ছলমান খানক একেলগে দেখা গৈছিল ছবিখনত । ৭৬ সপ্তাহ ধৰি ছবিখনে চিনেমাগৃহত সফল প্ৰদৰ্শন আগবঢ়াইছিল ।