ইজৰাইলে লেবাননত ব্যাপক প্রত্যাক্রমণ আৰম্ভ কৰিছে ৷ শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা বিমান আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলী সেনাই দক্ষিণ লেবাননৰ কেইবাটাও স্থানত তীব্ৰ আক্ৰমণ চলাইছে । ইয়াৰ ফলত বহু লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে সীমান্তৰ সিপাৰৰ পৰা নিক্ষেপ কৰা ৰকেটৰ প্ৰতিক্ৰিয়া স্বৰূপে কেইবা ডজন সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণৰ নিৰ্দেশ দিছিল ।
ইজৰাইলী সেনাই এক বিবৃতিত কয় যে, “শনিবাৰে পুৱা ইজৰাইলত সংঘটিত ৰকেটৰ আক্ৰমণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে লেবাননৰ কেইবা ডজন সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । ইজৰাইলে নিজৰ নাগৰিক আৰু সাৰ্বভৌমত্বৰ কোনো ধৰণৰ ক্ষতি কৰিবলৈ নিদিয়ে । আমি আমাৰ নিৰাপত্তা কেনেকৈ নিশ্চিত কৰিব লাগে জানো ।”
ইয়াৰ পূৰ্বে ইজৰাইলৰ জেৰুজালেম চহৰতো য়েমেনৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল । ইজৰাইলে নিজৰ ভূখণ্ডত উপনীত হোৱাৰ আগতেই ইয়াক প্ৰতিহত কৰা বুলি দাবী কৰিছিল । এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে য়েমেনৰ হুথী বিদ্ৰোহীয়ে । ইজৰাইলৰ ৰাজধানী জেৰুজালেমত ছাইৰেনৰ তীব্ৰ শব্দ প্ৰতিধ্বনিত হৈছিল । ছাইৰেন বজাৰ লগে লগে মানুহে ৰাস্তা আৰু দোকানৰ পৰা নিৰাপদ ঠাই বিচাৰি দৌৰিবলৈ আৰম্ভ কৰে ।
ইজৰাইলী সেনাই নিজৰ ভূখণ্ডত উপনীত হোৱাৰ আগতেই ক্ষেপণাস্ত্ৰ আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰে । চলিত সপ্তাহৰ আৰম্ভণিতে আমেৰিকাই হুথীৰ বিৰুদ্ধে বিমান আক্ৰমণৰ নতুন অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা য়েমেনে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে আৰু ইজৰাইলী বাহিনীয়ে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে, য’ত প্ৰায় ৫০০ পেলেষ্টাইনী নিহত হৈছে ।
আনহাতে, গাজাত যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয় ঘেৰাও কৰিছিল । বৰষুণৰ মাজতে জেৰুজালেমৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে পণবন্দী সংকট চম্ভালি লোৱা আৰু দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰক্ষীৰ মুৰব্বীক বৰ্খাস্ত কৰাৰ পৰিকল্পনাৰ প্ৰতিবাদত সমবেত হয় ।
ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে গাজাত বোমা বৰ্ষণ তৎকালীনভাৱে বন্ধ কৰিবলৈ আৰু ইজৰাইল চৰকাৰক যুদ্ধবিৰতি অনুসৰণ কৰিবলৈ আবেদন জনাইছিল । তেওঁলোকে বিচাৰে যে বাকী থকা পণবন্দীসকলক হামাছৰ বন্দীত্বৰ পৰা নিৰাপদে মুকলি কৰি দিয়া হওক । ৰাজপথলৈ ওলাই অহা লোকসকলে আশংকা কৰিছিল যে ইজৰাইলী বোমা বিস্ফোৰণৰ প্ৰতিশোধ ল’বলৈ হামাছে পণবন্দীসকলক হত্যা কৰিব পাৰে । বৰ্তমান তিনি ডজন লোক কাৰাগাৰত আছে ।
উল্লেখ্য যে কেইদিনমান শান্তিৰ অন্তত ইজৰাইলে পুনৰ গাজাত বোমা বৰ্ষণ আৰম্ভ কৰিছে । চলিত সপ্তাহৰ আৰম্ভণিৰে পৰা এই বোমা আক্ৰমণত শ শ পেলেষ্টাইনী নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে । ইজৰাইলে দাবী কৰিছে যে হামাছে যুদ্ধবিৰতি চুক্তি মানি চলা নাই । ইয়াৰ বাবেই তেওঁ গাজাত সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছে ।