২০২৫ চনটো ভাৰতীয় চিনেমাৰ বাবে এক বিশেষ বছৰ হ’ব, কাৰণ এইবাৰ বহু প্ৰত্যাশিত কেইবাখনো ছবিয়ে মুক্তি পাব যিয়ে সমগ্ৰ বিশ্বৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ গৈ আছে ।
এই ছবিবোৰৰ কিছুমান ছিকুৱেল, আনহাতে কিছুমান নতুন আৰু অনন্য কাহিনী যিয়ে কাহিনী কোৱাৰ ধৰণ সলনি কৰি ভাৰতীয় ছবিৰ বিশ্বব্যাপী জিলিকনি আৰু অধিক শক্তিশালী কৰিব । নতুন বছৰ ওচৰ চাপি অহাৰ লগে লগে এই বহু প্ৰত্যাশিত শিৰোনামবোৰলৈ এবাৰ চকু ফুৰাওক ।
১/ কান্তৰা: চেপ্টাৰ ১-
২০২২ চনৰ সৰ্ববৃহৎ ছবি ‘কান্তৰা’ৰ সফলতাৰ পিছত এতিয়া ইয়াৰ প্ৰিক্যুৱেল ‘কান্তৰা: চেপ্টাৰ ১’ দৰ্শকৰ বাবে আৰু অধিক ৰোমাঞ্চকৰ হ’বলৈ গৈ আছে যিখন হ’ব কল্পনা আৰু লোককথাৰ মিশ্ৰণ । অভিনেতা ঋষভ শেট্টীৰ পৰিচালিত এই ছবিখনে এক সুন্দৰ দৃশ্য আৰু আৱেগিক অভিজ্ঞতা প্ৰদান কৰিব । এই ছবিখন ২০২৫ চনৰ ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব ।
২/ দেৱা-
দক্ষিণৰ পৰিচালক ৰোশন এণ্ড্ৰুজে অতি সোনকালেই এখন থ্ৰিলাৰ ছবি ‘দেৱা’ৰ জৰিয়তে আহি আছে, য’ত অভিনেতা শ্বাহিদ কাপুৰক এজন আৰক্ষী বিষয়াৰ সাহসী আৰু বিদ্ৰোহী চৰিত্ৰত দেখা যাব । জনপ্ৰিয় অভিনেত্ৰী পূজা হেগড়েও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ছবিখনে দৰ্শকক এক তীব্ৰ চিনেমেটিক অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । অনুমান কৰা হৈছে যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ছবিখন মুক্তি পাব । ছবিখনৰ নিৰ্মাতাসকলে অতি সোনকালে ইয়াৰ টিজাৰ মুকলি কৰিব ।
৩/ ৱাৰ ২-
য়শ ৰাজ ফিল্মছৰ ‘স্পাই ইউনিভাৰ্ছ’ৰ ‘ৱাৰ ২’ ২০২৫ চনত মুক্তিৰ বাবে সাজু হৈছে, য’ত ছুপাৰষ্টাৰ হৃতিক ৰোশন আৰু চাউথৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰৰ যুটি দেখা যাব । একচন ভৰ্তি এই ছিকুৱেলখন পৰিচালনা কৰিছে অয়ন মুখাৰ্জীয়ে আৰু কিয়াৰা আদৱানীয়েও ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব । এই ছবিখন ১৪ আগষ্ট ২০২৫ তাৰিখে অৰ্থাৎ মুক্তি পাব ।
৪/ চিকন্দৰ-
‘চিকন্দৰ’ ছবিৰে ঈদ ২০২৫ত ধুমুহা সৃষ্টি কৰিবলৈ সাজু হৈছে ছলমান খান । গজিনী খ্যাতি পৰিচালক এ আৰ মুৰুগাডোছৰ এই একচন ভৰ্তি ছবিখনত ৰশ্মিকা মন্দনা, শ্বৰ্মান যোশী আৰু সত্যৰাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । যিয়ে ইয়াক এটা ডাঙৰ ব্লকবাষ্টাৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে । ছবিখনৰ প্ৰযোজক সাজিদ নাদিয়াদৱালা ।
৫/ ১২০ বাহাদুৰ-
‘এক্সেল এণ্টাৰটেইনমেণ্ট’ আৰু ‘ট্ৰিগাৰ হেপি ষ্টুডিঅ’ৰ ছবি ‘১২০ বাহাদুৰ’ ২০২৫ চনৰ ২১ নৱেম্বৰত মুক্তি পাবলৈ ওলাইছে । এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ফাৰহান আখতাৰ । ছবিখনে মেজৰ শৈতন সিং পিভিচি আৰু ১৯৬২ চনৰ ৰেজাং লাৰ নায়কসকলৰ অতুলনীয় বীৰত্বক সন্মান জনাইছে ।
৬/ হাউছফুল ৫-
হাউছফুল ফ্ৰেঞ্চাইজি পুনৰবাৰ দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে ইয়াৰ পৰৱৰ্তী ছবি ‘হাউছফুল ৫’ৰ জৰিয়তে, য’ত অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, অভিষেক বচ্চন, সঞ্জয় দত্তৰ দৰে তাৰকাই অভিনয় কৰিব । তৰুণ মানসুখানীৰ পৰিচালনা আৰু সাজিদ নাদিয়াদৱালাৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন সম্পূৰ্ণ কমেডীৰ পেকেজ হ’বলৈ গৈ আছে । জুন মাহত মুক্তি পাব ছবিখন ।
৭. লাহোৰ ১৯৪৭-
‘গদৰ ২’ ছবিখনৰ প্ৰচণ্ড সফলতাৰ পিছত ছানী দেউলে তেওঁৰ পৰৱৰ্তী ডাঙৰ ছবি ‘লাহোৰ ১৯৪৭’ৰ জৰিয়তে আহি আছে । এই ছবিখন ৰাজকুমাৰ সন্তোষীৰ পৰিচালনা আৰু আমিৰ খানে তেওঁৰ প্ৰডাকচন কোম্পানী ‘আমীৰ খান প্ৰডাকচন’ৰ অধীনত প্ৰযোজনা কৰিছে । বহুদিনৰ মূৰত ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তন কৰা ছানীৰ সৈতে প্ৰীতি জিন্টাকো দেখা যাব । ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও ২০২৫ চনতেই ছবিখন মুক্তি পাব বুলি ধাৰণা কৰা হৈছে ।