ধোনীৰ ডাঙৰ অনুৰাগী হৈছে চলমান খান; কেপ্টেইন ধোনীৰ প্ৰশংসাত হ’ল পঞ্চমুখ

আই পি এল ২০২৫ ৰ যাদুয়ে সকলোকে আকৰ্ষিত কৰিছে। ২২ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হ’বলৈ সাজু হোৱাৰ লগে লগে, উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে। চলচ্চিত্ৰ তাৰকাসকলেও ইয়াৰ বাবে অপেক্ষা কৰি আছে।

তেওঁলোকে নিজৰ নিজৰ প্ৰিয় খেলুৱৈৰ খেল চাবলৈ নিশ্চিতভাৱে ষ্টেডিয়ামলৈ যায়। বলীউডৰ ভাইজান চলমান খানেও আই পি এলৰ বাবে অপেক্ষা কৰি আছে।

শেহতীয়াকৈ ভাইজানে তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ গৰাকীৰ বিষয়ে উল্লেখ কৰিছে। এম এছ ধোনীৰ কিছুমান বিশেষ বস্তু চলমান খানে ভাল পায়, আৰু সেয়েহে ভাইজানৰ প্ৰিয় খেলুৱৈ হৈছে ধোনী।   

চলমান খান আৰু এম এছ ধোনীৰ মাজত এক বিশেষ বন্ধন আছে। যোৱা বছৰ, ধোনীয়ে চলমান খানৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিছিল।

চলমান খানেও জন্মদিন উদযাপনৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল। এতিয়া চলমান খানে ধোনীৰ প্ৰশংসা কৰিছে।

চলমানৰ এটা ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ আছে। য’ত তেওঁ কৈছিল যে- মই ধোনীৰ অনুৰাগী। মই সঁচাকৈয়ে ধোনীৰ ব্যক্তিত্ব ভাল পাওঁ।তেওঁ খেলখন কেনেকৈ ঘূৰাব লাগে সেই কথা ভালকৈয়ে জানে।

তেওঁ আজিলৈকে আক্ৰমণাত্মক বা অহংকাৰ মনোভাৱ প্ৰদৰ্শন কৰা নাই।  তেওঁ কুল হয় , তেওঁ উইকেটো লয় কিন্তু বেছি চিঞৰ-বাখৰো নকৰে। তেওঁ আনক অপমানো নকৰে। যাৰ বাবে মই ধোনীক ভালপাওঁ।  

ব্ৰেকআপৰ পিছত অকলে কোঠাত সোমাই কান্দে চলমান খানে;  ভতিজা আৰহানে উদঙালে সত্য  

বলীউডৰ ‘ভাইজান’ চলমান খানক চিনি নোপোৱা হয়টো কোনো নোলাব। শেহতীয়াকৈ, অভিনেতা গৰাকী তেওঁৰ ভতিজা আৰহান খানৰ পডকাষ্টত উপস্থিত হৈছিল। সেই পডকাষ্টত, চলমানে তেওঁৰ বিষয়ে বহুটো কথা কোৱা দেখা গৈছিল।

চলমানে আৰহান আৰু তেওঁৰ বন্ধুবৰ্গক 'প্ৰেম' আৰু 'ব্ৰেকআপ' সম্পৰ্কে পৰামৰ্শ দিছিল।এজন খুৰাক হিচাপে, তেওঁ তেওঁৰ ভতিজাকক ব্ৰেকআপৰ পিছত সম্পৰ্কৰ পৰা সোনকালে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছিল।

ছুপাৰষ্টাৰগৰাকীয়ে কৈছিল যে , ‘আপোনাৰ প্ৰেমিকাৰ লগত যদি ব্ৰেকআপ হৈছে, তেন্তে তেওঁক এৰি দিয়ক।
নিজৰ কোঠালৈ যাওক, ভালদৰে কান্দিব আৰু সেই বিষয়টো তাতে সমাপ্ত কৰিব।বাহিৰলৈ ওলাই আহি সকলোৰে লগতে সাধাৰণ ভাৱে কথা পাতিব।  
অৱশ্যে, তেওঁ এই সময়ছোৱাত এইটোও বৰ্ণনা কৰিছিল যে এজন ব্যক্তিয়ে তেওঁলোকৰ ভুল তৎক্ষণাৎ স্বীকাৰ কৰিব লাগে।তেওঁ কয় যে,'সদায় সকলো লোকেই নিজৰ ভুল স্বীকাৰ কৰা উচিত।

'চলমানে আৰহানক প্ৰবঞ্চনাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে আৰু প্ৰৱঞ্চক মানুহৰ পৰা কেনেদৰে আতৰি থাকিব লাগে সেই বিষয়েও পৰামৰ্শ দিছিল।

তেওঁ ক’লে, ‘আপুনি এটা ৰিলেচনত থকাৰ সময়ত, তাত কিমান দিন থাকিল,  সেয়া কোনো কথা নাই।আপুনি ইয়াত ৪০-৫০বছৰ থাকিব পাৰে আৰু তাৰ পিছত আপুনি অনুভৱ কৰিব পাৰে যে ই মোৰ পিঠিত চুৰি মাৰিছে।
চলমানে আৰু কৈছিল, 'সেই সময়ত, ৩০ ছেকেণ্ডৰ ভিতৰত সেই পৰিস্থিতিৰ পৰা ওলাই যাবলৈ আপোনাৰ পৰ্যাপ্ত শক্তি থাকিব লাগিব।'

আপুনি এনেদৰে আচৰণ কৰা উচিত যে এইটো ঘটাৰ ৬ মাহ হ'ল।আৰু এইটো এটা সম্পৰ্ক বা বন্ধুত্বতো হ'ব পাৰে।
 

দেৱাৰ পৰা চিকন্দৰলৈ: প্ৰচণ্ড একচনৰ বাবে সাজু ২০২৫, বক্স অফিচত ভংগ হ’ব বহু অভিলেখ…

২০২৫ চনটো ভাৰতীয় চিনেমাৰ বাবে এক বিশেষ বছৰ হ’ব, কাৰণ এইবাৰ বহু প্ৰত্যাশিত কেইবাখনো ছবিয়ে মুক্তি পাব যিয়ে সমগ্ৰ বিশ্বৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ গৈ আছে ।

এই ছবিবোৰৰ কিছুমান ছিকুৱেল, আনহাতে কিছুমান নতুন আৰু অনন্য কাহিনী যিয়ে কাহিনী কোৱাৰ ধৰণ সলনি কৰি ভাৰতীয় ছবিৰ বিশ্বব্যাপী জিলিকনি আৰু অধিক শক্তিশালী কৰিব । নতুন বছৰ ওচৰ চাপি অহাৰ লগে লগে এই বহু প্ৰত্যাশিত শিৰোনামবোৰলৈ এবাৰ চকু ফুৰাওক ।

১/ কান্তৰা: চেপ্টাৰ ১-

২০২২ চনৰ সৰ্ববৃহৎ ছবি ‘কান্তৰা’ৰ সফলতাৰ পিছত এতিয়া ইয়াৰ প্ৰিক্যুৱেল ‘কান্তৰা: চেপ্টাৰ ১’ দৰ্শকৰ বাবে আৰু অধিক ৰোমাঞ্চকৰ হ’বলৈ গৈ আছে যিখন হ’ব কল্পনা আৰু লোককথাৰ মিশ্ৰণ । অভিনেতা ঋষভ শেট্টীৰ পৰিচালিত এই ছবিখনে এক সুন্দৰ দৃশ্য আৰু আৱেগিক অভিজ্ঞতা প্ৰদান কৰিব । এই ছবিখন ২০২৫ চনৰ ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব ।

২/ দেৱা-

দক্ষিণৰ পৰিচালক ৰোশন এণ্ড্ৰুজে অতি সোনকালেই এখন থ্ৰিলাৰ ছবি ‘দেৱা’ৰ জৰিয়তে আহি আছে,  য’ত অভিনেতা শ্বাহিদ কাপুৰক এজন আৰক্ষী বিষয়াৰ সাহসী আৰু বিদ্ৰোহী চৰিত্ৰত দেখা যাব । জনপ্ৰিয় অভিনেত্ৰী পূজা হেগড়েও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ছবিখনে দৰ্শকক এক তীব্ৰ চিনেমেটিক অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । অনুমান কৰা হৈছে যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ছবিখন মুক্তি পাব । ছবিখনৰ নিৰ্মাতাসকলে অতি সোনকালে ইয়াৰ টিজাৰ মুকলি কৰিব ।

৩/ ৱাৰ ২-

য়শ ৰাজ ফিল্মছৰ ‘স্পাই ইউনিভাৰ্ছ’ৰ ‘ৱাৰ ২’ ২০২৫ চনত মুক্তিৰ বাবে সাজু হৈছে, য’ত ছুপাৰষ্টাৰ হৃতিক ৰোশন আৰু চাউথৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰৰ যুটি দেখা যাব । একচন ভৰ্তি এই ছিকুৱেলখন পৰিচালনা কৰিছে অয়ন মুখাৰ্জীয়ে  আৰু কিয়াৰা আদৱানীয়েও ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব । এই ছবিখন ১৪ আগষ্ট ২০২৫ তাৰিখে অৰ্থাৎ মুক্তি পাব ।

৪/ চিকন্দৰ-

‘চিকন্দৰ’ ছবিৰে ঈদ ২০২৫ত ধুমুহা সৃষ্টি কৰিবলৈ সাজু হৈছে ছলমান খান । গজিনী খ্যাতি পৰিচালক এ আৰ মুৰুগাডোছৰ এই একচন ভৰ্তি ছবিখনত ৰশ্মিকা মন্দনা, শ্বৰ্মান যোশী আৰু সত্যৰাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । যিয়ে ইয়াক এটা ডাঙৰ ব্লকবাষ্টাৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে । ছবিখনৰ প্ৰযোজক সাজিদ নাদিয়াদৱালা ।

৫/ ১২০ বাহাদুৰ-

‘এক্সেল এণ্টাৰটেইনমেণ্ট’ আৰু ‘ট্ৰিগাৰ হেপি ষ্টুডিঅ’ৰ ছবি ‘১২০ বাহাদুৰ’ ২০২৫ চনৰ ২১ নৱেম্বৰত মুক্তি পাবলৈ ওলাইছে । এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ফাৰহান আখতাৰ । ছবিখনে মেজৰ শৈতন সিং পিভিচি আৰু ১৯৬২ চনৰ ৰেজাং লাৰ নায়কসকলৰ অতুলনীয় বীৰত্বক সন্মান জনাইছে ।

৬/ হাউছফুল ৫-

হাউছফুল ফ্ৰেঞ্চাইজি পুনৰবাৰ দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে ইয়াৰ পৰৱৰ্তী ছবি ‘হাউছফুল ৫’ৰ জৰিয়তে, য’ত অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, অভিষেক বচ্চন, সঞ্জয় দত্তৰ দৰে তাৰকাই অভিনয় কৰিব । তৰুণ মানসুখানীৰ পৰিচালনা আৰু সাজিদ নাদিয়াদৱালাৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন সম্পূৰ্ণ কমেডীৰ পেকেজ হ’বলৈ গৈ আছে । জুন মাহত মুক্তি পাব ছবিখন ।

৭. লাহোৰ ১৯৪৭-

‘গদৰ ২’ ছবিখনৰ প্ৰচণ্ড সফলতাৰ পিছত ছানী দেউলে তেওঁৰ পৰৱৰ্তী ডাঙৰ ছবি ‘লাহোৰ ১৯৪৭’ৰ জৰিয়তে আহি আছে । এই ছবিখন ৰাজকুমাৰ সন্তোষীৰ পৰিচালনা আৰু আমিৰ খানে তেওঁৰ প্ৰডাকচন কোম্পানী ‘আমীৰ খান প্ৰডাকচন’ৰ অধীনত প্ৰযোজনা কৰিছে । বহুদিনৰ মূৰত ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তন কৰা ছানীৰ সৈতে প্ৰীতি জিন্টাকো দেখা যাব । ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও ২০২৫ চনতেই ছবিখন মুক্তি পাব বুলি ধাৰণা কৰা হৈছে ।

চলমান খানৰ জন্মদিনত অনুৰাগীসকলে লাভ কৰিব এটা ডাঙৰ উপহাৰ; আহি আছে ‘চিকন্দৰ’ৰ টিজাৰ

চুপাৰষ্টাৰ চলমান খানৰ অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।যোৱা ৬ মাহ ধৰি, চলমানে পৰিচালক এ.আৰ. ৰহমানৰ সৈতে একেৰাহে কাম কৰি আছে।

তেওঁ মুৰুগাডছৰ ছবি ‘চিকান্দৰ’ৰ দৃশ্যগ্ৰহণ কৰি আছে। ছবিখন চাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰিছে।

চলমানৰ অনুৰাগীসকলে এই ছবিখনৰ বিষয়ে অধিক জানিবলৈ অপেক্ষা কৰি আছে। এতিয়া এই অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ আছে যে ‘চিকন্দৰ’ৰ টিজাৰ শীঘ্ৰেই মুক্তি দিয়া হ’ব।  

প্ৰযোজক চাজিদ নাদিয়াদৱালাই চলমান খানৰ অনুৰাগীসকলৰ বাবে তেওঁৰ ৫৯ তম জন্মদিনত এটা ডাঙৰ উপহাৰ লৈ আহিছে। কোৱা হৈছে যে ‘দাবাং’ খানৰ জন্মদিনত নিৰ্মাতাসকলে ‘চিকন্দৰ’ৰ টিজাৰ মুকলি কৰিব।

চলমানৰ নতুন চলচ্চিত্ৰখনৰ টিজাৰ ২৭ ডিচেম্বৰত অৰ্থাৎ তেওঁৰ জন্মদিনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব। 

জন্মদিনৰ বাবে এটা বিশেষ টিজাৰ মুকলিৰ বাবে সম্পাদনা কৰা হৈছে। চলমানৰ জন্মদিনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই টিজাৰত, ৰাইজে কাহিনী আৰু একচনৰ সৈতে মনোৰঞ্জনও লাভ কৰিব। 

“বাবা ছিদ্দিকিৰ পূৰ্বে ছলমান খানক হত্যা কৰাৰ পৰিকল্পনা আছিল” , হত্যাকাৰীৰ বিস্ফোৰক মন্তব্য

বলীউডৰ অভিনেতা চলমান খানৰ বিষয়ে এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।অভিনেতাজনৰ সমস্যাবোৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে।

কেইমাহমান পূৰ্বে, এনচিপি নেতা আৰু চলমানৰ ঘনিষ্ঠ বন্ধু বাবা চিদ্দিকীক হত্যা কৰা হৈছিল।এতিয়া বাবা চিদ্দিকী হত্যাকাণ্ডৰ গোচৰত, এইটো প্ৰকাশ পাইছে যে চলমান খানক বাবা ছিদ্দিকিৰ পূৰ্বে হত্যা কৰাৰ পৰিকল্পনা আছিল। 

আৰক্ষীৰ জেৰাত অভিযুক্তজনে কৈছিল যে চলমান খানৰ নাম গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ হিটলিষ্টত আছিল।অভিযুক্তসকলেও এই কথাও প্ৰকাশ কৰিছে যে , বাবা ছিদ্দিকিৰ পূৰ্বে হত্যা কৰাৰ কথা আছিল চলমান খানক।

কিন্তু চলমানৰ কঠোৰ নিৰাপত্তাৰ বাবে, শ্বুটাৰসকল চলমানৰ ওচৰ লৈ যাব নোৱাৰিলে।দৰাচলতে চলমানে লাভ কৰা নিৰন্তৰ ভাবুকিৰ বাবে, তেওঁক উচ্চ নিৰাপত্তা প্ৰদান কৰা হৈছে।অভিনেতাসকল সদায় নিৰাপত্তাৰক্ষীৰ লগত হে যিকোনো ঠাইলৈ অহা যোৱা কৰিছিল।

কিছুদিন পূৰ্বে খবৰ পোৱা গৈছিল যে এজন অজ্ঞাত ব্যক্তিয়ে অবৈধভাৱে চলমানৰ শ্বুটিঙৰ স্থলীত  প্ৰৱেশ কৰিছিল। সন্দেহজনক ব্যক্তি গৰাকীক পিছত আৰক্ষীয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে “মই মাত্ৰ চলমান খনক লগ পাবৰ বাবেহে বিষ্ণোই গ্ৰুপৰ নাম লৈছিলো।  

উল্লেখ্য যে বাবা চিদ্দিকীক ১২ অক্টোবৰত হত্যা কৰা হৈছিল। চলমান খানৰ সৈতে বন্ধুত্বই ইয়াৰ কাৰণ বুলি কোৱা হৈছিল।হত্যাৰ ঘটনাটোত, আৰক্ষীয়ে দুজন শ্বুটাৰ ধৰ্মৰাজ কাশ্যপ আৰু গুৰাম সিঙক অপৰাধস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল।

পিছত মুখ্য শ্বুটাৰ শিৱ কুমাৰ গৌতমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰু সেই শিৱই আৰক্ষীৰ জিম্মাত এতিয়া বহুটো গোপন তথ্য পোহৰলৈ আনিছে।