চলমান খানৰ জন্মদিনত অনুৰাগীসকলে লাভ কৰিব এটা ডাঙৰ উপহাৰ; আহি আছে ‘চিকন্দৰ’ৰ টিজাৰ

চুপাৰষ্টাৰ চলমান খানৰ অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।যোৱা ৬ মাহ ধৰি, চলমানে পৰিচালক এ.আৰ. ৰহমানৰ সৈতে একেৰাহে কাম কৰি আছে। তেওঁ মুৰুগাডছৰ ছবি ‘চিকান্দৰ’ৰ দৃশ্যগ্ৰহণ কৰি আছে। ছবিখন চাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰিছে। চলমানৰ অনুৰাগীসকলে এই ছবিখনৰ বিষয়ে অধিক জানিবলৈ অপেক্ষা কৰি

চুপাৰষ্টাৰ চলমান খানৰ অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।যোৱা ৬ মাহ ধৰি, চলমানে পৰিচালক এ.আৰ. ৰহমানৰ সৈতে একেৰাহে কাম কৰি আছে।

তেওঁ মুৰুগাডছৰ ছবি ‘চিকান্দৰ’ৰ দৃশ্যগ্ৰহণ কৰি আছে। ছবিখন চাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰিছে।

চলমানৰ অনুৰাগীসকলে এই ছবিখনৰ বিষয়ে অধিক জানিবলৈ অপেক্ষা কৰি আছে। এতিয়া এই অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ আছে যে ‘চিকন্দৰ’ৰ টিজাৰ শীঘ্ৰেই মুক্তি দিয়া হ’ব।  

প্ৰযোজক চাজিদ নাদিয়াদৱালাই চলমান খানৰ অনুৰাগীসকলৰ বাবে তেওঁৰ ৫৯ তম জন্মদিনত এটা ডাঙৰ উপহাৰ লৈ আহিছে। কোৱা হৈছে যে ‘দাবাং’ খানৰ জন্মদিনত নিৰ্মাতাসকলে ‘চিকন্দৰ’ৰ টিজাৰ মুকলি কৰিব।

চলমানৰ নতুন চলচ্চিত্ৰখনৰ টিজাৰ ২৭ ডিচেম্বৰত অৰ্থাৎ তেওঁৰ জন্মদিনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব। 

জন্মদিনৰ বাবে এটা বিশেষ টিজাৰ মুকলিৰ বাবে সম্পাদনা কৰা হৈছে। চলমানৰ জন্মদিনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই টিজাৰত, ৰাইজে কাহিনী আৰু একচনৰ সৈতে মনোৰঞ্জনও লাভ কৰিব। 

শেহতীয়া প্ৰৱন্ধসমূহ