জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘন্টাও পাৰ নহওতেই বাৰামুল্লাত অনুপ্ৰৱেশৰ চেষ্টা কৰে সন্ত্ৰাসবাদীয়ে । কিন্তু ভাৰতীয় সেনাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰি অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে কয় যে বাৰামুল্লাৰ অ’ পি টিক্কাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় য’ত দুটা সন্ত্ৰাসবাদী নিহত হয় । চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছে । সন্ত্ৰাসবাদীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে । এতিয়াও অব্যাহত আছে সেনাৰ অভিযান ।
OP TIKKA, Baramulla
— Chinar Corps🍁 – Indian Army (@ChinarcorpsIA) April 23, 2025
On 23 Apr 2025, approximately 2-3 UI terrorists tried to infiltrate through general area Sarjeevan at Uri Nala, Baramulla, the alert tps on LC challenged and intercepted them resulting in a firefight.
Operation is in progress.#Kashmir@adgpi… pic.twitter.com/FOTXiTNYSf
ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছৰ এক্স হেণ্ডেলৰ পৰা খবৰ পোৱা গৈছিল যে বাৰামুল্লাৰ উৰি নল্লাৰ সাধাৰণ এলেকা চাৰ্জিৱানৰ মাজেৰে প্ৰায় ২-৩টা অচিনাক্ত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । কিন্তু নিয়ন্ত্ৰণ ৰেখাত থকা সতৰ্ক টি পি এছে প্ৰত্যাহ্বান জনাই এই প্ৰচেষ্টা ব্যৰ্থ কৰে । ইয়াৰ পিছত দুয়ো পক্ষৰ মাজত গুলীচালনা হয় । এতিয়া এটা নতুন টুইটত সেনাই এই হেণ্ডেলৰ জৰিয়তে জনাইছে যে এই গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছে ।
উল্লেখযোগ্য যে পহলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু অঞ্চলক হাই এলাৰ্টত ৰখা হৈছে । আক্ৰমণৰ লগে লগে ভাৰতীয় সেনাই সন্ত্রাসবাদীক বিচাৰি উলিয়াবলৈ আৰু নিঃশেষ কৰিবলৈ সক্ৰিয় হৈ পৰে । পৰ্যটকৰ ওপৰত কৰা নৃশংস আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ অনন্তনাগৰ পহলগামৰ বৈশ্ৰণত যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে ।