উত্তৰ-পূর্বাঞ্চলত বিফল সন্ত্ৰাসবাদীৰ বৃহৎ ষড়যন্ত্ৰ… আৰক্ষীৰ জালত ১১ বাংলাদেশী জেহাদী

বাংলাদেশৰ উগ্ৰবাদী সংগঠনৰ সৈতে জড়িত এটা বৃহৎ নেটৱৰ্ক উৎখাত কৰিছে আৰক্ষীয়ে । অভিযানত ১১টাকৈ বাংলাদেশী জেহাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

অসম আৰু ত্ৰিপুৰাৰ নিৰাপত্তা সংস্থাই এক বৃহৎ সফলতা লাভ কৰিছে । বাংলাদেশৰ উগ্ৰবাদী সংগঠনৰ সৈতে জড়িত এটা বৃহৎ নেটৱৰ্ক উৎখাত কৰিছে আৰক্ষীয়ে । এক অভিযানত ১১টাকৈ বাংলাদেশী জেহাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । মঙলবাৰে গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই কয় যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিছে এই বাংলাদেশী জেহাদীকেইটাক ।

আৰক্ষী আয়ুক্তৰ মতে, সোমবাৰে নিশা অসমৰ বৰপেটা, চিৰাং, বাক্সা আৰু দৰং জিলাৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বৃহৎ তালাচী অভিযান চলোৱা হয় । এই অভিযানৰ সময়ত বাংলাদেশৰ উগ্ৰবাদী সংগঠনৰ নিৰ্দেশত পোনপটীয়াকৈ কাম কৰা মুঠ ১১ টা বাংলাদেশী জেহাদীক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ হোৱা জেহাদীৰ ১০ টা অসমৰ বুলি জানিব পৰা গৈছে ।

ইয়াৰে এটা অভিযুক্ত জাগীৰ মিঞাক ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে দাবী কৰিছে যে ধৃত জেহাদী কেইটা “ইমাম মাহমুদ কাফিলা” (IMK) মডিউলৰ সদস্য । তদন্তত প্ৰকাশ পাইছে যে বাংলাদেশী জেহাদী কেইটাৰ প্ৰধান উদ্দেশ্য আছিল অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবক অস্থিৰ কৰি তোলা । এই অভিযুক্ত কেইটাই অঞ্চলটোত “মুছলমান আধিপত্য” প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু “গাজৱাতুল হিন্দ”ৰ মতাদৰ্শ বিয়পাইছিল ।

বাংলাদেশত চৰকাৰ সলনি হোৱাৰ পিছতে সক্ৰিয় সন্ত্ৰাসবাদী-

অভিযানৰ সময়ত আৰক্ষীয়ে কেইবাটাও সন্দেহজনক সামগ্ৰী জব্দ কৰে যদিও কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বা গোলা-বাৰুদ উদ্ধাৰ হোৱা নাই । আৰক্ষী আয়ুক্তগৰাকীয়ে এক প্ৰকাশ কৰি কয় যে ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত চৰকাৰ সলনি হোৱাৰ পিছত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে । ইয়াত কেইবাটাও নতুন আৰু পুৰণি সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হৈ পৰিছে ।

 ‘পূৰ্ব আকাশ’ গোটৰ জৰিয়তে চলি আছিল সমগ্ৰ নিযুক্তি অভিযান-

জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু আল কায়দা (এ কিউ আই এছ)ৰ জ্যেষ্ঠ নেতাসকলে ভাৰতীয় মডিউল সক্ৰিয় কৰাৰ বাবে নিৰ্দেশনা দিছিল । শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত আই এম কেৰ আমিৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়, যাৰ ফলত ভাৰত বিৰোধী ষড়যন্ত্ৰ তীব্ৰতৰ হৈ পৰে । এই সমগ্ৰ ছিণ্ডিকেটটোৱে এটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে কাম কৰিছিল ।

লক্ষ্যত অসম, পশ্চিম বংগ, ত্ৰিপুৰাৰ যুৱক-

“পূৰ্ব আকাশ” নামৰ এটা গোটৰ সহায়ত নতুন সদস্য নিযুক্তি, উগ্ৰবাদ বিয়পাই দিয়া, ধন সংগ্ৰহ কৰা হৈছিল । অসম, পশ্চিম বংগ, ত্ৰিপুৰাৰ যুৱকক লক্ষ্য কৰি লোৱা হৈছিল । বাংলাদেশী নাগৰিক উমৰ আৰু খালিদক বৰপেটাৰ পৰা অহা তামিমৰ নেতৃত্বত চলা অসম কোষৰ সমন্বয়ৰ দায়িত্ব দিয়া হৈছিল । এই জেহাদীটোৰ লগত আন কেইবাটাও সক্ৰিয় আছিল ।

অসমত জেহাদী কাৰ্যকলাপত চোৰাংচোৱাৰ নজৰ-

অসমত গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটা হ’ল নাছিম উদ্দিন ওৰফে তামিম (২৪), জুনব আলী (৩৮), আফ্ৰাহিম হুছেইন (২৪), মিজানুৰ ৰহমান (৪৬), চুলতান মাহমুদ (৪০), মহম্মদ ছিদ্দিক আলী (৪৬), ৰাছিদুল আলম (২৮), মহিবুল খান (২৫), শ্বৰুক হুছেইন (২২), মহম্মদ দিলবৰ ৰাজাক (২৬)। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে অসমত জেহাদী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

লগতে পঢ়ক : বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা… মুছলমান বন্ধুৱে চলালে গুলী

কাশ্মীৰত সন্ত্ৰাসবাদীৰ ওপৰত সেনাৰ প্ৰচণ্ড প্ৰহাৰ… পুনৰ ৩ সন্ত্ৰাসবাদী নিধন

জম্মু-কাশ্মীৰৰ ত্ৰালত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰাত সফল হৈছে । ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে । অব্যাহত আছে অনুসন্ধান অভিযান ।

সীমান্তত গুলীচালনা বন্ধ হোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত মঙলবাৰে পুৱা ৮ বজাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । এই সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষ সেনাধ্যক্ষ শ্বাহিদ কুট্টে আৰু আদনান শ্বাফীকে ধৰি তিনিটা সন্ত্ৰাসবাদী নিহত হয় ।

তৃতীয়টো সন্ত্ৰাসবাদী মুৰাণ (পুলৱামা)ৰ বাসিন্দা আহছান-উল হক শ্বেখ বুলি চিনাক্ত কৰা হৈছে । নিহত সন্ত্ৰাসবাদী কেইটাৰ হাতৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । ইয়াৰ ভিতৰত আছে AK 47 ৰাইফল, মেগজিন, গ্ৰেনেড আৰু অন্যান্য সামগ্ৰী ।

জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত তিনি লস্কৰ সন্ত্ৰাসবাদী… সেনাবাহিনীৰ ডাঙৰ সফলতা

পহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে আন এক বৃহৎ সফলতা লাভ কৰিছে । অপাৰেচন সিন্দুৰৰ পিছত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তিনি লস্কৰ সন্ত্ৰাসবাদীক হত্যা কৰিছে । মঙলবাৰে শ্বোপিয়াত সেনাই বৃহৎ অভিযান আৰম্ভ কৰি এই সফলতা অৰ্জন কৰে ।

তথ্য অনুসৰি মঙলবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়াৰ শুক্ৰু কেলৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । মঙলবাৰে পুৱাৰ ভাগত শ্বোপিয়ান জিলাত তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী কেইটাক ঘেৰাও কৰে ।

এই অভিযানত দুয়ো পক্ষৰ পৰা গুলীচালনাৰ সূত্ৰপাত হয় । প্ৰথম সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদীক হত্যা কৰে । কিছু সময়ৰ পাছত আৰু দুটা সন্ত্ৰাসবাদীক হত্যা কৰি সফলতা লাভ কৰে সেনাবাহিনীয়ে । উল্লেখ্য যে পহলগাম আক্ৰমণৰ লগত জড়িত পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে অভিযান চলাই আহিছে ।

এই অভিযানৰ অধীনত শ্বোপিয়ানৰ শুক্ৰু কেলৰ অঞ্চলত সন্ত্রাসবাদীক বিচাৰি অভিযান চলোৱা হৈছিল । এই সময়ছোৱাত নিৰাপত্তাৰক্ষীৰ লস্কৰ সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয় । অৱশ্যে এই এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী পহলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদী নহয় ।

ইতিমধ্যে নিহত দুটা সন্ত্ৰাসবাদীক শ্বাহিদ কুট্টাই আৰু আদনান শ্বাফি দাৰ বুলি চিনাক্ত কৰা হৈছে । শ্বাহিদ কুট্টাই ৮ এপ্ৰিলত ডেনিছ ৰিজ’ৰ্টত সংঘটিত হোৱা গুলীচালনাৰ কাণ্ডত জড়িত আছিল । ১৮ মে’ত শ্বোপিয়ানৰ হীৰপোৰাত বিজেপিৰ সৰ্পঞ্চক হত্যা কৰা ঘটনাৰ লগত জড়িত আছিল শ্বাহিদ কুট্টাই । আদনান শ্বাফি দাৰ ১৮ অক্টোবৰত শ্বোপিয়ানৰ ৱাচিত শ্ৰমিকক হত্যাৰ সৈতে জড়িত আছিল । বৰ্তমানেও ১টা সন্ত্ৰাসবাদী পৰিচয় উদ্ধাৰ হোৱা নাই ।

বিমান আক্ৰমণত নিঃশেষ হ’ল সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়াল…

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানত নিঃশেষ হ’ল পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়াল । ভাৰতৰ বিমান আক্ৰমণত জয়ছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী আজহাৰৰ পৰিয়ালৰ ১০ সদস্য নিহত হোৱাৰ বিপৰীতে কুখ্যাত সন্ত্ৰাসবাদীটোৰ চাৰিটা সহযোগীও নিহত হৈছে ।

পাকিস্তানৰ বাহাৱালপুৰত ভাৰতৰ বিমান আক্ৰমণত নিঃশেষ হৈছে আজহাৰৰ পৰিয়াল । জইছ-ই-মহম্মদে এক বিবৃতি জাৰি কৰি এই ঘটনা নিশ্চিত কৰিছে । বিমান আক্ৰমণত নিহত আজহাৰৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ লোকক আজি সমাধিস্থ কৰা হ’ব ।

সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে মৌলানা মাছুদ আজহাৰৰ জ্যেষ্ঠ ভগ্নী আৰু মৌলানা কাছাফৰ সমগ্ৰ পৰিয়াল, মুফতি আব্দুল ৰাউফৰ নাতি-নাতিনী নিহত হোৱাৰ বিপৰীতে পৰিয়ালৰ কেইবাজনো সদস্য আহত হয় ।

উল্লেখ্য যে, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ নাম অপাৰেচন সিন্দুৰ ৰাখিছিল । যোৱা এসপ্তাহ ধৰি অবিৰতভাৱে অনুষ্ঠিত হোৱা বৈঠকসমূহত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কৈছিল যে পহলগাম আক্ৰমণত সন্ত্ৰাসবাদীয়ে হিন্দু পুৰুষক লক্ষ্য কৰি লৈছিল, যাৰ বাবে তেওঁলোকৰ পত্নীসকল বিধৱা হৈছিল । এনে পৰিস্থিতিত ভাৰতে এটা শক্তিশালী বাৰ্তা দিব লগা হৈছে যে সন্ত্ৰাসবাদীক এনেদৰে পলাবলৈ দিব নোৱাৰি ।

এই আক্ৰমণত এতিয়ালৈকে ৯০ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । ভাৰতীয় চোৰাংচোৱা সংস্থা RAW এ বিমান আক্ৰমণৰ সকলো লক্ষ্য চিনাক্ত কৰিছিল, তাৰ পিছত লস্কৰ আৰু জৈছৰ ঘাটিত আক্ৰমণ কৰা হৈছিল ।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ লগতে ১৭ জন আহত হয় । এই আক্ৰমণ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হয়, য’ত সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে লোকক লক্ষ্য কৰি লৈছিল ।

বেলুচিস্তানৰ বোলানত পাকিস্তানী সেনাৰ বাহনত আক্ৰমণ, এজন বিষয়াসহ ৬ জোৱান নিহত

বেলুচিস্তানৰ বোলান অঞ্চলত পাকিস্তানী সেনাৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈছে । এই বিস্ফোৰণত এজন বিষয়াসহ ৬ জন জোৱান নিহত হোৱাৰ বিপৰীতে ৫ জন জোৱান আহত হৈছে । সেনাৰ বাহনখন ৰুটিন পেট্ৰ’লত থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় । স্থানীয় খবৰ অনুসৰি বিস্ফোৰণটো অতি শক্তিশালী হোৱাৰ বাবে গাড়ীখনৰ সম্পূৰ্ণৰূপে ক্ষতিসাধন হয় ।

আহতসকলক ওচৰৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কোনো সংগঠনে এতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এই অঞ্চলটো ইয়াৰ পূৰ্বেও বহুবাৰ উগ্ৰপন্থী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

উল্লেখ্য যে মাত্ৰ ১০ দিন পূৰ্বে শুকুৰবাৰে বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ মাৰ্গাট অঞ্চলত বেলুচ লিবাৰেচন আৰ্মীয়ে এক বৃহৎ আক্ৰমণ চলাইছিল, য’ত ১০ জন পাকিস্তানী সেনা জোৱান নিহত হৈছিল । ইয়াৰ পূৰ্বেও IED  ব্যৱহাৰ কৰি সেনাবাহিনীৰ কনভয়ক লক্ষ্য কৰি লোৱা হৈছিল । ৰিম’ট কণ্ট্ৰ’লড ডিভাইচ ব্যৱহাৰ কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছে বুলি বি এল এই নিশ্চিত কৰিছে ।

বি এল এৰ মুখপাত্ৰ জিয়ান্দ বালোচে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আমাৰ যোদ্ধাই ৰিম’ট কণ্ট্ৰ’লড আই ই ডিৰ জৰিয়তে শত্ৰুৰ কনভয়ক লক্ষ্য কৰি লৈছিল । বিস্ফোৰণত সেনাবাহিনীৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে তাত থকা ১০ জন জোৱানৰ আটাইকেইজন জোৱান নিহত হয় ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ডাঙৰ সিদ্ধান্ত, বন্ধ কৰি দিয়া হ’ল ৪৮ টা পৰ্যটনস্থলী

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰৰ বহু পৰ্যটনস্থলী বন্ধ হৈ পৰিছে । তথ্য অনুসৰি জম্মু-কাশ্মীৰ চৰকাৰে নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । কাশ্মীৰৰ ৮৭ খন পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত চোৰাংচোৱাৰ সতৰ্কবাণীৰ বাবে বন্ধ কৰি দিয়া হৈছে ।

পহলগাম আক্ৰমণৰ পিছত উপত্যকাত সক্ৰিয় সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিয়াৰ প্ৰতিশোধ ল’বলৈ টি আৰ টিয়ে এক বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ চেষ্টাৰ লগতে একাংশ লক্ষ্যভিত্তিক হত্যাকাণ্ডৰ সন্দৰ্ভত অহৰহ চোৰাংচোৱা সতৰ্কবাণী প্ৰকাশ পাইছে । গুলমাৰ্গ, সোণামাৰ্গ আৰু হ্ৰদ অঞ্চলকে ধৰি কেইবাটাও স্পৰ্শকাতৰ পৰ্যটন স্থানত নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ স্পেচিয়েল অপ্ছ গ্ৰুপৰ এণ্টি ফিডাইন স্কোৱাড মোতায়েন কৰিছে । উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ পিছত সাধাৰণভাৱে নিৰাপত্তাও বৃদ্ধি কৰা হৈছে ।

আক্ৰমণৰ ফলত গভীৰভাৱে প্ৰভাৱিত হ’ব এই খণ্ডসমূহ !

এই আক্ৰমণে কাশ্মীৰৰ সকলো খণ্ডকে প্ৰভাৱিত কৰিব পাৰে । বিশেষকৈ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ বেছি হ’ব পাৰে । হোটেল, কোম্পানী আৰু ফলৰ ব্যৱসায় কৰাৰ মন থকা বিনিয়োগকাৰীৰ আত্মবিশ্বাস কমি যাব পাৰে । ইয়াৰ ফলত বছৰ বছৰ ধৰি কষ্টৰ অন্তত সুস্থিৰ হোৱা কাশ্মীৰৰ অৰ্থনৈতিক অগ্ৰগতি লক্ষ্যৰ বিচ্যুত হ’ব পাৰে । কেৱল এয়াই নহয়, কাশ্মীৰৰ জনসাধাৰণৰ আয়ৰ ওপৰতো গভীৰ প্ৰভাৱ পৰিব পাৰে ।

পৰ্যটকৰ বাবে কি পৰামৰ্শ-

কাশ্মীৰ উপত্যকা ভ্ৰমণৰ পৰিকল্পনা কৰা পৰ্যটকসকলক নতুন ভ্ৰমণ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । নিৰাপত্তা বাহিনীৰ অভিযান চলি থকা অঞ্চলৰ পৰা আঁতৰি থকাৰ লগতে স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিযা হৈছে । ২২ এপ্ৰিলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন নেপালৰ নাগৰিককে ধৰি কমেও ২৬ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰা হৈছে ।

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘন্টাও পাৰ নহওতেই বাৰামুল্লাত অনুপ্ৰৱেশৰ চেষ্টা কৰে সন্ত্ৰাসবাদীয়ে । কিন্তু ভাৰতীয় সেনাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰি অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে কয় যে বাৰামুল্লাৰ অ’ পি টিক্কাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় য’ত দুটা সন্ত্ৰাসবাদী নিহত হয় । চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছে । সন্ত্ৰাসবাদীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে । এতিয়াও অব্যাহত আছে সেনাৰ অভিযান ।

ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছৰ এক্স হেণ্ডেলৰ পৰা খবৰ পোৱা গৈছিল যে বাৰামুল্লাৰ উৰি নল্লাৰ সাধাৰণ এলেকা চাৰ্জিৱানৰ মাজেৰে প্ৰায় ২-৩টা অচিনাক্ত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । কিন্তু নিয়ন্ত্ৰণ ৰেখাত থকা সতৰ্ক টি পি এছে প্ৰত্যাহ্বান জনাই এই প্ৰচেষ্টা ব্যৰ্থ কৰে । ইয়াৰ পিছত দুয়ো পক্ষৰ মাজত গুলীচালনা হয় । এতিয়া এটা নতুন টুইটত সেনাই এই হেণ্ডেলৰ জৰিয়তে জনাইছে যে এই গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছে ।

উল্লেখযোগ্য যে পহলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু অঞ্চলক হাই এলাৰ্টত ৰখা হৈছে । আক্ৰমণৰ লগে লগে ভাৰতীয় সেনাই সন্ত্রাসবাদীক বিচাৰি উলিয়াবলৈ আৰু নিঃশেষ কৰিবলৈ সক্ৰিয় হৈ পৰে । পৰ্যটকৰ ওপৰত কৰা নৃশংস আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ অনন্তনাগৰ পহলগামৰ বৈশ্ৰণত যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ বলীউডত ক্ষোভ আৰু দুখৰ জোৱাৰ…

জম্মু-কাশ্মীৰৰ পহলগামৰ ভয়াবহ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে । মঙলবাৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে । এই আক্ৰমণৰ বিৰুদ্ধে দুখ আৰু ক্ষোভত ফাটি পৰিছে বলীউডৰ চেলিব্ৰিটিসকলো । সঞ্জয় দত্ত, অক্ষয় কুমাৰ, অনুপম খেৰ আৰু বিকি কৌশলে পোষ্ট কৰি নিজৰ অনুভৱ ব্যক্ত কৰিছে । তেওঁলোকে এই ভয়াবহ ঘটনাক লৈ শংকা প্ৰকাশ কৰিছে ।

অক্ষয়ে কৰিলে প্ৰাৰ্থনা –

অক্ষয় কুমাৰে লিখিছে যে পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ শুনি তেওঁ স্তম্ভিত হৈ পৰিছে । এনেদৰে নিৰীহ মানুহক হত্যা কৰাটো বৰ্বৰতা । ভুক্তভোগীৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছে বুলি কয় অভিনেতাজনে ।

সঞ্জয় দত্তৰ আবেদন-

ক্ষোভ প্ৰকাশ কৰি সঞ্জয় দত্তই লিখিছে – তেওঁলোকে আমাৰ মানুহক নিৰ্মমভাৱে হত্যা কৰিলে । এই কথা ক্ষমা কৰিব নোৱাৰি । এই সন্ত্ৰাসবাদীসকলে জনাটো প্ৰয়োজন যে আমি মনে মনে নাথাকো । ইয়াৰ উপযুক্ত উত্তৰ আমি দিব লাগিব । আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংজীক তেওঁৰ কৰ্মৰ বাবে উপযুক্ত শাস্তি দিবলৈ অনুৰোধ জনালোঁ ।

অনুপম খেৰৰ শোক প্ৰকাশ-

অনুপম খেৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । তেওঁ আৱেগিক হৈ ক’লে – ভুল, ভুল, ভুল! পহলগাম হত্যাকাণ্ড! শব্দ আজি নপুংসক! ইয়াৰ সমান্তৰালকৈ তেওঁ ভিডিঅ’টোত কৈছে- আজি পহলগামত হিন্দুৰ লগত সংঘটিত হোৱা গণহত্যা, য’ত ২৭ জন হিন্দুক নিৰ্বাচিতভাৱে হত্যা কৰা হ’ল, সেই হত্যাকাণ্ডই নিশ্চয় হৃদয়ত দুখ কঢ়িয়াই আনিছে, কিন্তু খং আৰু ক্ষোভৰ কোনো সীমা নাই ।

অজয় দেৱগনৰ প্ৰতিক্ৰিয়া-

অজয় দেৱগনেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰি লিখিছে- পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই মই অতি দুখী আৰু স্তম্ভিত হৈছো । ইয়াৰ বলি হোৱা লোকসকল আৰু তেওঁলোকৰ পৰিয়াল, তেওঁলোক সকলো নিৰীহ আছিল । যি হ’ল সেয়া হৃদয়বিদাৰক আৰু সম্পূৰ্ণ অমানৱীয় । মোৰ সমবেদনা আৰু প্ৰাৰ্থনা তেখেতসকলৰ লগত আছে ।

অমানৱীয় কাণ্ড বুলি অভিহিত কৰে বিকি কৌশলে-

অভিনেতা বিকি কৌশলে নিজৰ ইনষ্টাগ্ৰামত এটা ষ্টৰী শ্বেয়াৰ কৰি লিখিছে, ‘পহলগামত সন্ত্রাসবাদীৰ অমানৱীয় কার্যৰ ফলত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালৰ বেদনা মই কল্পনা কৰিব নোৱাৰো ৷ মোৰ গভীৰ সমবেদনা তেওঁলোকৰ প্ৰতি । লগতে এই জঘন্য অপৰাধৰ দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলি আশা কৰা হৈছে ।

ভাৰতক সমৰ্থন আমেৰিকা-ইজৰাইল-ৰাছিয়া-জাৰ্মানী-ইটালীৰ দৰে দেশৰ; বিশ্ব নেতাসকলৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে বিশ্ব নেতাসকলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰকে ধৰি বহুতে শোক প্ৰকাশ কৰিছে ।

ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা- ট্ৰাম্প

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত লিখিছে- ‘কাশ্মীৰৰ পৰা আহিছে অতি দুখজনক খবৰ । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিছে । নিহতসকলৰ আত্মাৰ শান্তি আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছো ।’

জে ডি ভান্সৰ শোক প্ৰকাশ-

ইফালে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এই ঘটনাত শোক প্ৰকাশ কৰি ইনষ্টাগ্ৰামত লিখিছে, ‘ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি উষা আৰু মই সমবেদনা জ্ঞাপন কৰিছো । যোৱা কেইদিনমানৰ পৰা আমি এই দেশ আৰু ইয়াৰ জনসাধাৰণৰ সৌন্দৰ্যত আপ্লুত হৈ পৰিছো । এই ভয়ংকৰ আক্ৰমণৰ বাবে আমি শোক প্ৰকাশ কৰাৰ সময়ত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা তেওঁলোকৰ লগত আছে ।’

সন্ত্ৰাসবাদী আক্ৰমণক লৈ হোৱাইট হাউছৰ প্ৰতিক্ৰিয়া-

হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে, ‘ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে অৱগত কৰিছে আৰু অধিক তথ্য ওলাই অহাৰ লগে লগে তেওঁক আপডেট কৰা হৈছে । আমি ইতিমধ্যে জানো যে দক্ষিণ কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটনস্থলীত সংঘটিত হোৱা এক নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত কেইবা ডজন লোক নিহত হোৱাৰ লগতে বহু আহত হয় । ৰাষ্ট্ৰপতি ট্ৰাম্পে অতি সোনকালে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিব আৰু যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিব আৰু আমাৰ প্ৰাৰ্থনা আহতসকলৰ লগত আৰু আমাৰ ৰাষ্ট্ৰৰ সমৰ্থন আমাৰ বন্ধু ভাৰতৰ সৈতে ।‘

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুৰ্মুলৈ শোক বাৰ্তা পুটিনৰ-

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শোক প্ৰকাশ কৰে । ৰাছিয়াৰ দূতাবাসে ৰাষ্ট্ৰপতি পুটিনৰ উদ্ধৃতি দি কয় যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কৰুণ পৰিণতিৰ বাবে মোৰ শোক প্ৰকাশ কৰিছো, যাৰ বলি হৈছিল সাধাৰণ নাগৰিক- কেইবাখনো দেশৰ নাগৰিক । এই নৃশংস অপৰাধৰ কোনো ন্যায্যতা নাই । আমি আশা কৰিছো যে দায়ী আৰু অপৰাধীয়ে উপযুক্ত শাস্তি পাব । সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিব বিচাৰিছো । মৃতকৰ ওচৰৰ আৰু প্ৰিয়জনৰ প্ৰতি সহানুভূতি আৰু সমৰ্থন প্ৰকাশ কৰাৰ লগতে সকলো আহতৰ আশু আৰোগ্য কামনা কৰিলোঁ ।’

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা ইৰাণৰ-

ভাৰতত থকা ইৰাণৰ দূতাবাসে টুইট কৰি কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত বহু সংখ্যক নিৰীহ লোকৰ মৃত্যু আৰু আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ দূতাবাসে । ভাৰত চৰকাৰ আৰু ভাৰতবাসীলৈ, বিশেষকৈ এই আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো ।’

ইজৰাইলে দিছে তীব্ৰ গৰিহণা-

ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাআৰে কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত গভীৰভাৱে দুখী । আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ইজৰাইল ভাৰতৰ সৈতে একত্ৰিত হৈ থিয় দিছে ।‘

ইফালে সংযুক্ত আৰব আমিৰশ্বাহী, ইটালী, ফ্ৰান্স, ইউক্ৰেইন, আৰ্জেন্টিনাৰ দৰে দেশেও এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তাব্ৰ গৰিহণা দিয়াৰ লগতে এই সময়ত ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।