‘পৰ্যটকক আক্ৰমণ কৰাটো ভয়ংকৰ আৰু অক্ষমণীয়…’, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা ৰাষ্ট্ৰপতি মুৰ্মুৰ

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত পৰ্যটকক লক্ষ্য কৰি লোৱা হয় । দুপৰীয়া এই সুন্দৰ উপত্যকা চাবলৈ অহা পৰ্যটকৰ ওপৰত হঠাৎ গুলীচালনা আৰম্ভ কৰে সন্ত্রাসবাদীয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে চৌদিশে বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বহু লোক গুলীৰ আঘাতত বাগৰি পৰে ।

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই আক্ৰমণত দুজন বিদেশীকে ধৰি দুইজনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । আনহাতে এই ঘটনাত কমেও ২০ জন লোক আহত হৈছে । এজন জ্যেষ্ঠ বিষয়াই মৃতকৰ সংখ্যা নিশ্চিত নকৰিলেও সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ইংগিত দিয়ে ।

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণ চাঞ্চল্যকৰ আৰু বেদনাদায়ক বুলি কয় । এইটো এটা নিষ্ঠুৰ আৰু অমানৱীয় কাৰ্য্য যিটোক স্পষ্টভাৱে নিন্দা কৰিব লাগে । নিৰীহ সাধাৰণ নাগৰিক আৰু পৰ্যটকক আক্ৰমণ কৰাটো অত্যন্ত ভয়ংকৰ আৰু অক্ষমনীয় । আপোনজনক হেৰুৱা পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।

এই ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ‘এক্স’ত কয়- জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । নিহতৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।

কোনো সাৰি নাযাব… পহলগাম আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

দক্ষিণ কাশ্মীৰৰ প্ৰধান পৰ্যটনস্থলী পহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে কমেও ২০ জন আহত হয় । এই আক্ৰমণক গৰিহণা দি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ছচিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহত লোকসকল অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো । ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে ।

কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’বঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে– এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলক ন্যায়ৰ কাঠগঢ়ালৈ অনা হ’ব… তেওঁলোকক ৰেহাই দিয়া নহ’ব ! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’ব । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অদম্য আৰু ই আৰু অধিক শক্তিশালী হৈ উঠিব ।

গৃহমন্ত্ৰীৰ পৰা ল’লে তথ্য, কাশ্মীৰ যাবলৈ দিলে নিৰ্দেশ-

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত তথ্য বিচাৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে গৃহমন্ত্ৰীক অতি শীঘ্ৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে য’ত জম্মু-কাশ্মীৰৰ বহু উচ্চপদস্থ বিষয়াক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংযোগ কৰা হয় । তথ্য অনুসৰি এই বৈঠকৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰলৈ ৰাওনা হৈছে ।

জম্মু-কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, তালাচী অভিযান আৰম্ভ নিৰাপত্তা বাহিনীৰ

মঙলবাৰে (২২ এপ্ৰিল, ২০২৫) জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম চহৰৰ এখন পৰ্যটন ৰিজৰ্টত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাত কমেও ৫ জন পৰ্যটক আহত হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰে এজনৰ অৱস্থা সংকটজনক । এই গুলীচালনা পহলগামৰ বৈছাৰণ উপত্যকাৰ ওপৰৰ অঞ্চলত সংঘটিত হয় । সূত্ৰই জনোৱা মতে, এইটো এটা পৰিকল্পিত আক্ৰমণ আৰু ওখ পাহাৰৰ পৰা তললৈ গুলীচালনা কৰা হৈছিল । বিশেষ কথাটো হ’ল জম্মু-কাশ্মীৰৰ কিছুমান অঞ্চলত সন্ত্ৰাসবাদ দেখা নাযায়, পহলগামো তাৰ ভিতৰত আছে । কিন্তু এইবাৰ সন্ত্ৰাসবাদীয়ে এই অঞ্চলকো লক্ষ্য কৰি লৈছে ।

সেই স্থানতে চি আৰ পি এফৰ অতিৰিক্ত এটা দল মোতায়েন কৰা হয় । প্ৰাৰম্ভিক তথ্য অনুসৰি টি আৰ এফ (The Resistance Front) সন্ত্ৰাসবাদী সংগঠন এই ঘটনাৰ সৈতে জড়িত থকাৰ আশংকা কৰা হৈছে । চোৰাংচোৱা নিৰাপত্তা সংস্থাৰ মতে, ২ৰ পৰা তিনিজনীয়া আক্ৰমণকাৰী দলটো আৰক্ষীৰ পোছাক পৰিহিত আছিল । সূত্ৰ অনুসৰি এই পৰ্যটকসকল ৰাজস্থানৰ পৰা অহা বুলি প্ৰকাশ পাইছে । এইখন পৰ্যটন এলেকা আৰু গ্ৰীষ্মকালীন ছুটী আৰম্ভ হোৱাৰ সময়ত ক্ৰমান্বয়ে এই অঞ্চললৈ পৰ্যটকৰ আগমণ ঘটিছে । এই আক্ৰমণৰ আঁৰত পাকিস্তানী সন্ত্ৰাসবাদী আছে বুলি ধাৰণা কৰা হৈছে ।

আজি বিয়লি দিল্লীলৈ অনা হ’ব মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহবুৰ ৰানাক…

আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰা ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তাহাবুৰ হুছেইন ৰানাক আজি আমেৰিকাৰ পৰা এখন বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছে । বৃহস্পতিবাৰে বিয়লি দিল্লীত উপস্থিত হোৱাৰ পিছত ৰানাক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । ইয়াৰ পিছত ৰানাক ৰাজধানীৰ তিহাৰ কাৰাগাৰত ৰখা হ’ব, য’ত নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পূৰ্বে ৰানাক দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ কৰোৱা হ’ব, য’ত এন আই এয়ে অভিযুক্তক জিম্মাত ৰখাৰ দাবী কৰিব ।

তথ্য অনুসৰি নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন আই এৰ বিশেষ ন্যায়াধীশৰ সন্মুখত ৰানাক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি যদি ভাৰ্চুৱেল হাজিৰ সম্ভৱ নহয় তেন্তে মহাবীৰ জয়ন্তীৰ বাবে আদালত বন্ধ হৈ থকাৰ বাবে বিশেষ ন্যায়াধীশৰ বাসগৃহত অভিযুক্তটোক শাৰীৰিকভাৱে হাজিৰ কৰাৰ সম্ভাৱনা আছে ।

আদালতৰ প্ৰস্তুতি আৰু গোচৰ হস্তান্তৰ-

এই হাই-প্ৰফাইল গোচৰৰ শুনানি হ’ব দিল্লীৰ বিশেষ NIA আদালতত । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পাটিয়ালা হাউছ ক’ৰ্টে মুম্বাই আক্ৰমণৰ সৈতে জড়িত বিচাৰৰ ৰেকৰ্ড চমন কৰিছিল । এই সিদ্ধান্ত NIAৰ আবেদনৰ ওপৰত লোৱা হৈছে য’ত মুম্বাইৰ পৰা দিল্লীলৈ সকলো গোচৰৰ ৰেকৰ্ড হস্তান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল । এতিয়া যিহেতু এই গোচৰৰ শুনানি দিল্লীত হ’ব, গতিকে ৰানাক মুম্বাইলৈ লৈ যোৱা নহ’ব ।

তহবুৰ ৰানা পাকিস্তান সেনাৰ প্ৰাক্তন অধিনায়ক আৰু কানাডাৰ এজন ব্যৱসায়ী । আমেৰিকাত থকা নিজৰ ইমিগ্ৰেচন ফাৰ্মৰ অপব্যৱহাৰ কৰি ২৬/১১ আক্ৰমণৰ সহ-ষড়যন্ত্ৰকাৰী ডেভিদ হেডলীক ভুৱা নথি-পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । ২০০৮ চনৰ নৱেম্বৰ মাহত ৰানাই নিজেই মুম্বাই ভ্ৰমণ কৰিছিল । পৱাইৰ ৰেনেছাঁ হোটেলত থাকি ৰানাই আক্ৰমণৰ বাবে লজিষ্টিক প্ৰস্তুতিৰ পৰ্যালোচনা কৰা বুলি কোৱা হয় ।

প্ৰত্যাৰ্পণৰ দীঘলীয়া যুদ্ধ-

ভাৰতে ২০১৮ চনত ৰানাক প্ৰত্যাৰ্পণৰ দাবী কৰিছিল । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে ৰানাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ কথা ঘোষণা কৰিছিল । যদিও ৰানাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত এই বিষয়ত স্থগিতাদেশ বিচাৰিছিল, তথাপিও এই আবেদন নাকচ কৰা হৈছিল । এতিয়া ৰানাৰ ওপৰত এন আই এৰ বিশেষ আদালতত বিচাৰ চলিব আৰু ২০০৮ চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ন্যায়ৰ কঠগড়াত থিয় কৰোৱা হ’ব, য’ত ১৬৬ জন নিৰীহ লোকৰ প্ৰাণ গৈছিল ।