ভাৰতৰ ভয়ত পাকিস্তানে এৰি দিলে বি এছ এফ জোৱানক… ২০ দিনৰ পাছত স্বদেশলৈ উভতিল পূৰ্ণম কুমাৰ

পাকিস্তানে ভাৰতৰ বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’ক ঘূৰাই দিছে । পাকিস্তানী ৰেঞ্জাৰে আট্টাৰী ৱাগাহ সীমান্তৰ মাজেৰে বি এছ এফৰ কনিষ্টবলজনক দেশলৈ উভতাই পঠিয়াইছে । বিগত বিশ দিন তেওঁ পাকিস্তানৰ জিম্মাত আছিল । পুৱা ১০:৩০ বজাত স্বদেশলৈ উভতি আহে কনিষ্টবল পূৰ্ণম কুমাৰ । ইতিমধ্যে জোলানজনক সোধ-পোছ অব্যাহত আছে ।

কেনেকৈ পাকিস্তানৰ হাতত বন্দী হ’ল পূৰ্ণম কুমাৰ ?

ভুলবশতঃ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ পূৰ্ণম কুমাৰ পাকিস্তানত উপস্থিত হোৱাৰ পিছতে তেওঁক পাকিস্তান ৰেঞ্জাৰে জিম্মাত লয় । তেওঁ পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত পোষ্ট আছিল । ভাৰতে ৭ মে’ত ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদী আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলাইছিল । ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি ব্যৰ্থ আক্ৰমণ চলাই ।  যাৰ ফলত দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি পায় । এনে পৰিস্থিতিত পূৰ্ণমৰ পৰিয়ালৰ চিন্তা বৃদ্ধি পাই ।

ডি জি এম অ’ৰ সৈতে হোৱা আলোচনাত পূৰ্ণম কুমাৰৰ বিষয়টো উত্থাপন হ’ব বুলি আশা প্ৰকাশ কৰিছিল পূৰ্ণম কুমাৰৰ পত্নী ৰজনীয়ে । তেওঁ কৈছিল, ‘যেতিয়া ৩ মে’ত ভাৰতীয় সেনাই ৰাজস্থানত এজন পাকিস্তানী ৰেঞ্জাৰক আটক কৰি ৰাখিছিল, তেতিয়া এনে লাগিছিল যে হয়তো মোৰ স্বামীকো মুকলি কৰি দিয়া হ’ব । কিন্তু এনে নহ’ল । এতিয়া ডি জি এম অ’ৰ আলোচনাৰ পৰা নতুন আশাৰ সৃষ্টি হৈছে ।

ৰজনীয়ে লগতে কয় যে দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক ফোন কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । মুখ্যমন্ত্রীয়ে শহুৰেকৰ বাবে চিকিৎসা সাহায্যৰ কথাও উল্লেখ কৰে ৷

জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত তিনি লস্কৰ সন্ত্ৰাসবাদী… সেনাবাহিনীৰ ডাঙৰ সফলতা

পহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে আন এক বৃহৎ সফলতা লাভ কৰিছে । অপাৰেচন সিন্দুৰৰ পিছত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তিনি লস্কৰ সন্ত্ৰাসবাদীক হত্যা কৰিছে । মঙলবাৰে শ্বোপিয়াত সেনাই বৃহৎ অভিযান আৰম্ভ কৰি এই সফলতা অৰ্জন কৰে ।

তথ্য অনুসৰি মঙলবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়াৰ শুক্ৰু কেলৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । মঙলবাৰে পুৱাৰ ভাগত শ্বোপিয়ান জিলাত তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী কেইটাক ঘেৰাও কৰে ।

এই অভিযানত দুয়ো পক্ষৰ পৰা গুলীচালনাৰ সূত্ৰপাত হয় । প্ৰথম সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদীক হত্যা কৰে । কিছু সময়ৰ পাছত আৰু দুটা সন্ত্ৰাসবাদীক হত্যা কৰি সফলতা লাভ কৰে সেনাবাহিনীয়ে । উল্লেখ্য যে পহলগাম আক্ৰমণৰ লগত জড়িত পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে অভিযান চলাই আহিছে ।

এই অভিযানৰ অধীনত শ্বোপিয়ানৰ শুক্ৰু কেলৰ অঞ্চলত সন্ত্রাসবাদীক বিচাৰি অভিযান চলোৱা হৈছিল । এই সময়ছোৱাত নিৰাপত্তাৰক্ষীৰ লস্কৰ সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয় । অৱশ্যে এই এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী পহলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদী নহয় ।

ইতিমধ্যে নিহত দুটা সন্ত্ৰাসবাদীক শ্বাহিদ কুট্টাই আৰু আদনান শ্বাফি দাৰ বুলি চিনাক্ত কৰা হৈছে । শ্বাহিদ কুট্টাই ৮ এপ্ৰিলত ডেনিছ ৰিজ’ৰ্টত সংঘটিত হোৱা গুলীচালনাৰ কাণ্ডত জড়িত আছিল । ১৮ মে’ত শ্বোপিয়ানৰ হীৰপোৰাত বিজেপিৰ সৰ্পঞ্চক হত্যা কৰা ঘটনাৰ লগত জড়িত আছিল শ্বাহিদ কুট্টাই । আদনান শ্বাফি দাৰ ১৮ অক্টোবৰত শ্বোপিয়ানৰ ৱাচিত শ্ৰমিকক হত্যাৰ সৈতে জড়িত আছিল । বৰ্তমানেও ১টা সন্ত্ৰাসবাদী পৰিচয় উদ্ধাৰ হোৱা নাই ।

কি হয় টেৰিটৰিয়েল আৰ্মী… যুদ্ধৰ সময়ত তেওঁলোকৰ কাম কি ?

নিয়মীয়া ভাৰতীয় সেনাৰ পাছত দেশৰ নিৰাপত্তাৰ দ্বিতীয় লাইন হিচাপে কাম কৰা স্বেচ্ছাসেৱী বাহিনী হৈছে টেৰিটৰিয়েল আৰ্মী । এই সেনাবাহিনীৰ সদস্যসকল সাধাৰণ নাগৰিক, যিসকল বিভিন্ন পেছাত নিয়োজিত আৰু মাজে মাজে নিজৰ কামৰ পৰা সময় উলিয়াই সামৰিক প্ৰশিক্ষণ লয় ।

সামৰিক প্ৰশিক্ষণ লাভ কৰা এই সাধাৰণ নাগৰিকসকলক প্ৰয়োজন সাপেক্ষে দেশৰ সেৱা কৰিবলৈ আহ্বান জনোৱা হয় । তাৰ পিছত তেওঁলোকে নিজৰ কাম বা চাকৰি এৰি টেৰিটৰিয়েল আৰ্মীত সেৱা আগবঢ়ায় । এয়া এক প্ৰকাৰৰ সংৰক্ষিত বাহিনী । ইয়াৰ ভিতৰত ইতিমধ্যে চিকিৎসক, অভিযন্তা, ব্যৱসায়ী আদি অসামৰিক বৃত্তিত নিয়োজিত লোকসকলো অন্তৰ্ভুক্ত আচে । সকলোৱে আহ্বান কৰিলেই যিকোনো ইউনিফৰ্ম পিন্ধিবলৈ সাজু হৈ থাকে ।

টেৰিটৰিয়েল আৰ্মীৰ কাম কি-

টেৰিটৰিয়েল আৰ্মীৰ সদস্যসকলক সময়ে সময়ে সামৰিক প্ৰশিক্ষণ দিয়া হয় । যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা আন জৰুৰীকালীন অৱস্থাৰ সময়ত দেশৰ সুৰক্ষাত অৰিহণা যোগাবলৈ আহ্বান জনোৱা হয় । যুদ্ধৰ সময়ত স্থায়ী সৈনিকক সহায় কৰে তেওঁলোকে । লগতে, জৰুৰীকালীন অৱস্থাত তেওঁলোকে দেশৰ অভ্যন্তৰীণ অংশত অসামৰিক প্ৰশাসনক সহায় কৰে ।

এই অঞ্চলসমূহত সেনাবাহিনীক সহায় কৰে-

টেৰিটৰিয়েল আৰ্মীৰ কাম হ’ল কৌশলগত গুৰুত্বপূৰ্ণ স্থানত সেনাবাহিনীৰ দৰে সেৱা আগবঢ়োৱা আৰু নিয়মীয়া সেনাবাহিনীক সহায় কৰা । প্ৰয়োজনৰ সময়ত উপকূল অঞ্চলকো সুৰক্ষা দিয়ে । পদাতিক বাহিনী, ডাক আৰু টেলিগ্ৰাফ বিভাগ, ৰেলৱে ইউনিট, বন্দৰ, সেনাৰ চিকিৎসা, অভিযান্ত্ৰিক, পৰিবহণ আদি কামতো সহায় কৰে ।

যুদ্ধ বা জৰুৰীকালীন অৱস্থাত সেৱা আগবঢ়াওতে দিয়া হয় ভাট্টা-

এক প্ৰকাৰে টেৰিটৰিয়েল আৰ্মীয়ে সেনাবাহিনীৰ সৈতে অংশকালীনভাৱে কাম কৰে । ইয়াৰ বাবে স্বেচ্ছাসেৱকসকলে প্ৰতি বছৰে দুমাহৰ প্ৰশিক্ষণ লোৱাটো প্ৰয়োজনীয় । পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি টেৰিটৰিয়েল আৰ্মীৰ বিষয়া আৰু জোৱানসকলক প্ৰয়োজন হ’লে বৰ্ধিত সামৰিক সেৱাৰ বাবে মতা হয় । প্ৰশিক্ষণ বা সক্ৰিয় কৰ্তব্যৰ বাবে মাতিলে তেওঁলোকে নিয়মীয়া সেনা বিষয়াৰ দৰেই দৰমহা, ভাট্টা আৰু বিশেষাধিকাৰ লাভ কৰে ।

টেৰিটৰিয়েল আৰ্মীৰ ইতিহাস-

ব্ৰিটিছে ১৯২০ চনত টেৰিটৰিয়েল আৰ্মী গঠন কৰিছিল । কিন্তু, ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত টেৰিটৰিয়েল আৰ্মী আইন গৃহীত হয় । ইয়াৰ পিছত আনুষ্ঠানিকভাৱে টেৰিটৰিয়েল আৰ্মী প্ৰতিষ্ঠা কৰা হয় । ১৯৪৯ চনত ইয়াক প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চি ৰাজগোপালাচাৰীয়ে আৰম্ভ কৰিছিল ।

বহুসময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে-

গঠন হোৱাৰ পিছৰে পৰা টেৰিটৰিয়েল আৰ্মী বৃহৎ সামৰিক অভিযানত জড়িত হৈ আছে । ইয়াৰ ভিতৰত ১৯৬২, ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধ, শ্ৰীলংকাত অপাৰেচন পৱন আৰু পঞ্জাৱ, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবত বিদ্ৰোহ বিৰোধী অভিযান আদি অন্তৰ্ভুক্ত আছে । ভূমিকম্প আৰু ঘূৰ্ণীবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় কৰাৰ ক্ষেত্ৰতো টেৰিটৰিয়েল আৰ্মীৰ ইউনিটসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

সেনাবাহিনীক স্বতন্ত্ৰতা দিয়াৰ পিছত আজি  ডাঙৰ সিদ্ধান্ত ল’ব পাৰে প্ৰধানমন্ত্ৰীয়ে ! কি হ’ব চি চি এছৰ বৈঠকত ?

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক । আজি পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠক আহ্বান কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ আজি নিৰাপত্তা বিষয়ক সমিতি চি চি এছৰ বৈঠকো অনুষ্ঠিত হ’ব ।

যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটৰ কোনো বৈঠক অনুষ্ঠিত হোৱা নাছিল আৰু ২৩ এপ্ৰিলত কেৱল কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠকত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছিল । যোৱা বুধবাৰে চি চি এছৰ বৈঠকৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাকে ধৰি কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিছিল ।

সেনাক স্বতন্ত্ৰতা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে-

মঙলবাৰে (২৯ এপ্ৰিল) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শক্তিশালী আঘাত’ কৰিবলৈ তেওঁ সেনাক স্বতন্ত্ৰতা প্ৰদান কৰে । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ লগতে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলো উপস্থিত থাকে ।

বৈঠকত এই কথা কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে-

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ ওপৰত তীব্ৰ আক্ৰমণ আমাৰ ৰাষ্ট্ৰীয় সংকল্প । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওঁ কয় যে তেওঁলোকৰ হাতত “আমাৰ সঁহাৰিৰ পদ্ধতি, উদ্দেশ্য আৰু সময়ৰ বিষয়ে সিদ্ধান্ত ল’বলৈ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে । প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে কৈছে যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলে কল্পনা কৰিব নোৱৰা পৰিণতিৰ সন্মুখীন হ’ব ।”

পহলগাম আক্ৰমণৰ পিছত হাই এলাৰ্টত সেনা বাহিনী-

পহলগাম আক্ৰমণৰ পিছত সশস্ত্ৰ বাহিনীক হাই এলাৰ্টত ৰখা হৈছে, নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰ্দিষ্ট ইউনিটসমূহক অপাৰেচনেল ৰেডিনেছ মোডত ৰখা হৈছে । ড্ৰ’ন, চেটেলাইট ইমেজৰী আৰু ইলেক্ট্ৰনিক ইন্টাৰচেপ্টৰ জৰিয়তে পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী লঞ্চপেডসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি থকা হৈছে ।

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘন্টাও পাৰ নহওতেই বাৰামুল্লাত অনুপ্ৰৱেশৰ চেষ্টা কৰে সন্ত্ৰাসবাদীয়ে । কিন্তু ভাৰতীয় সেনাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰি অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে কয় যে বাৰামুল্লাৰ অ’ পি টিক্কাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় য’ত দুটা সন্ত্ৰাসবাদী নিহত হয় । চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছে । সন্ত্ৰাসবাদীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে । এতিয়াও অব্যাহত আছে সেনাৰ অভিযান ।

ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছৰ এক্স হেণ্ডেলৰ পৰা খবৰ পোৱা গৈছিল যে বাৰামুল্লাৰ উৰি নল্লাৰ সাধাৰণ এলেকা চাৰ্জিৱানৰ মাজেৰে প্ৰায় ২-৩টা অচিনাক্ত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । কিন্তু নিয়ন্ত্ৰণ ৰেখাত থকা সতৰ্ক টি পি এছে প্ৰত্যাহ্বান জনাই এই প্ৰচেষ্টা ব্যৰ্থ কৰে । ইয়াৰ পিছত দুয়ো পক্ষৰ মাজত গুলীচালনা হয় । এতিয়া এটা নতুন টুইটত সেনাই এই হেণ্ডেলৰ জৰিয়তে জনাইছে যে এই গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছে ।

উল্লেখযোগ্য যে পহলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু অঞ্চলক হাই এলাৰ্টত ৰখা হৈছে । আক্ৰমণৰ লগে লগে ভাৰতীয় সেনাই সন্ত্রাসবাদীক বিচাৰি উলিয়াবলৈ আৰু নিঃশেষ কৰিবলৈ সক্ৰিয় হৈ পৰে । পৰ্যটকৰ ওপৰত কৰা নৃশংস আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ অনন্তনাগৰ পহলগামৰ বৈশ্ৰণত যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে ।

পৃথিৱীৰ এই ৫ খন দেশৰ নাই নিজা সেনাবাহিনী…যুদ্ধ হ’লে নিৰ্ভৰ কৰিব লাগিব আনৰ ওপৰত !

বৰ্তমান সময়ত যিকোনো দেশৰ শক্তিৰ বিচাৰ হয় দেশখনৰ সৈন্যবাহিনীৰ দ্বাৰা । আধুনিক আৰু শক্তিশালী সামৰিক শক্তিয়ে যিকোনো দেশৰ নিৰাপত্তা আৰু পৃথিৱীত ইয়াৰ স্থান নিৰ্ধাৰণ কৰে । কিন্তু আপুনি জানেনে যে আজিও কিছুমান দেশ আছে যিবোৰৰ নিজা সেনাবাহিনী নাই । এই দেশসমূহে কোনো জৰুৰীকালীন বা যুদ্ধ পৰিস্থিতিত নিজকে সুৰক্ষিত কৰিব নোৱাৰে আৰু আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । গতিকে এনে কিছুমান দেশৰ বিষয়ে জানক ।

কোষ্টা ৰিকা (Costa Rica)-

১৯৪৯ চনত কোষ্টা ৰিকাই নিজৰ সেনাবাহিনী সম্পূৰ্ণৰূপে বিলুপ্ত কৰে । ১৯৪৮ চনত গৃহযুদ্ধৰ পিছত দেশখনে সামৰিক বাহিনী বিলুপ্ত কৰাৰ সিদ্ধান্ত লয় । বৰ্তমান দেশখনৰ নিৰাপত্তাৰ দায়িত্ব আৰক্ষী বাহিনীৰ ওপৰত নিহিত হৈ আছে, যিয়ে আভ্যন্তৰীণ বিষয় চম্ভালাৰ উপৰিও বাহ্যিক নিৰাপত্তাৰ যত্নও লয় ।

পানামা (Panama)-

১৯৯০ চনৰ পৰা পানামাত কোনো সেনাবাহিনী নাই । কিন্তু ইয়াৰ নিৰাপত্তাৰ বাবে এই দেশখনে ‘পানামা পাব্লিক ফৰ্চ’ নামেৰে এটা নিৰাপত্তা সংস্থা গঠন কৰিছে, যিয়ে আভ্যন্তৰীণ কাম-কাজ চম্ভালে আৰু সীমান্ত ৰক্ষা কৰে । কিন্তু যদি কেতিয়াবা ডাঙৰ বিপদৰ সৃষ্টি হয়, তেন্তে বাহ্যিক সহায় বিচাৰিব লাগিব দেশখনে ।

মৰিচাছ (Mauritius)-

বিখ্যাত দ্বীপ দেশ মৰিচাছতো কোনো স্থায়ী সেনাবাহিনী নাই । ইয়াত প্ৰায় ১০ হাজাৰ আৰক্ষীৰ নিৰাপত্তা বাহিনীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা বজাই ৰখাৰ কাম কৰে ।

ভেটিকান চিটি (Vatican City)-

ভেটিকান চিটি বিশ্বৰ আটাইতকৈ সৰু দেশ, ইয়াৰ জনসংখ্যা মাত্ৰ প্ৰায় ৪৮০ জন । ইয়াৰ উপৰিও ই কেথলিক গীৰ্জাৰ মুখ্য কাৰ্যালয় । এই দেশখনত কোনো স্থায়ী সেনাবাহিনী নাই যদিও ইয়াৰ নিৰাপত্তাৰ দায়িত্ব ‘জেণ্ডাৰমেৰী’ নামৰ আৰক্ষী বাহিনী আৰু ‘ছুইছ গাৰ্ড’ৰ, যিয়ে পোপ আৰু তেওঁৰ বাসস্থানক ৰক্ষা কৰে ।

চামোয়া (Samoa)-

চামোয়া প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা দেশখনত কোনো সেনাবাহিনী নাছিল । ১৯৬২ চনত যেতিয়া নিউজীলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰিছিল তেতিয়া দুয়োখন দেশৰ মাজত চুক্তি হৈছিল যে ছামোয়াই নিজাকৈ সেনাবাহিনী গঠন নকৰে আৰু প্ৰয়োজন সাপেক্ষে নিউজীলেণ্ডৰ পৰা নিৰাপত্তা সাহায্য বিচাৰিব ।

ভয়ংকৰ দুৰ্ঘটনাঃ ৩৫০ ফুট গভীৰ খাৱৈত পৰিল সেনাৰ বাহন, শ্বহীদ ৫ জোৱান

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । সেনাৰ জোৱান কঢ়িয়াই অনা এখন বাহন গভীৰ খাৱৈত বাগৰি পৰাত সংঘটিত হয় এই দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৫জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন ৫জন জোৱান আহত হয় । আটাইকেইজন গুৰুতৰভাৱে আহত হয় । আহত জোৱান কেইজনক পুঞ্চৰ ফিল্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে । জোৱানকেইজনৰ পৰিচয় এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ১১ মাৰাঠা লাইট ইনফেণ্ট্ৰিৰ ৬খন বাহনৰ কনভয় ১০জন জোৱানক লৈ অপাৰেচনেল ডিউটিত গৈ আছিল । এই জোৱানসকল নিয়ন্ত্ৰণ ৰেখাত থকা বানয়ৰ ঘোডা পোষ্টলৈ গৈ আছিল । ইফালে, বিয়লি প্ৰায় ৫:২০ বজাত ঘৰুৱাৰ সমীপত ডেৰ টন ওজনৰ এখন বাহনৰ চালকে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু ফলত প্ৰায় ৩৫০ ফুট গভীৰ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে সেনা-আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

সেনাবাহিনীৰ শ্ৰদ্ধাঞ্জলি-

সামাজিক মাধ্যম এক্সত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পে লিখিছে যে অপাৰেচনেল কৰ্তব্যৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা । পাঁচজন সাহসী সৈনিকৰ কৰুণ মৃত্যুত হোৱাইট নাইট কৰ্পছৰ সকলো ৰেংকে গভীৰ শোক প্ৰকাশ কৰিছে । উদ্ধাৰ অভিযান অব্যাহত আছে আৰু আহত জোৱানসকলে চিকিৎসা সেৱা লাভ কৰি আছে ।

ইয়াৰ পূৰ্বেও দুৰ্ঘটনা সংঘটিত হৈছে-

ইয়াৰ পূৰ্বেও জম্মু-কাশ্মীৰত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে । যোৱা বছৰৰ ২৯ এপ্ৰিলত ৰাজৌৰীৰ ২০০ ফুট গভীৰ খাৱৈত সেনাবাহিনীৰ এখন এম্বুলেন্স বাগৰি পৰে । এই দুৰ্ঘটনাত দুজন জোৱান শ্বহীদ হয় । ইয়াৰ পিছত ২০২৩ চনৰ ১৯ ​​আগষ্টত সেনাৰ এখন বাহন ৬০ ফুট গভীৰ খাৱৈত পৰাত ৯ জন জোৱান শ্বহীদ হৈছিল ।