চেম্পিয়ন ট্ৰফী ২০২৫ সন্দৰ্ভত পাকিস্তান ক্ৰিকেট বৰ্ডক ICCএ ললে এক ডাঙৰ সিদ্ধান্ত। চেম্পিয়নছ ট্ৰফী ২০২৫ অনুষ্ঠিত হ’ব পাকিস্তানত আৰু পাকিস্তান ক্ৰিকেট বৰ্ডে চেম্পিয়নছ ট্ৰফী POKত আয়োজন কৰিব বিচাৰিছিল। কিন্তু এই ক্ষেত্ৰত ICCএ পাকিস্তানক দিলে ডাঙৰ আঘাত।
চেম্পিয়ন ট্ৰফী ২০২৫ৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে ।কিন্তু এই টুৰ্নামেন্টৰ কাৰণে পাকিস্তানলৈ যাবলৈ স্পষ্টভাৱে নাকচ কৰিলে BCCIএ। বিচিচি এ আইচিচি ক জনাইছিল যে ভাৰতীয় দলটো কোনো কাৰণতে পাকিস্তানলৈ নাযায়। তেতিয়াৰ পৰাই পাকিস্তান ক্ৰিকেট বৰ্ডে ICCৰ পৰা ইয়াৰ কাৰণ উল্লেখ কৰাৰ দাবী উত্থাপন কৰি আহিছিল।
ইতিমধ্যে BCCIএ ইয়াৰ কাৰণ উল্লেখ কৰিছে, য’ত নিৰাপত্তাৰ কথা কোৱা হৈছে। ইফালে পাকিস্তানে POKৰ ৩খন চহৰত চেম্পিয়ন ট্ৰফী আয়োজন কৰাৰ কথা আছিল যদিও বৰ্তমান ICCএ তেঁওলোকৰ এই প্ৰস্তাৱ স্পষ্টভাৱে নাকচ কৰিছে।
১৪ নৱেম্বৰৰ সন্ধিয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰিছিল যে বৃহস্পতিবাৰে ইছলামবাগত চেম্পিয়নছ ট্ৰফীটো উপস্থিত হয়। ইয়াৰ পিছত ১৬ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ টেম্পিয়ন ট্ৰফীটো সমগ্ৰ পাকিস্তানলৈ লৈ যোৱা হ’ব।
পাকিস্তানে এই কথা ঘোষণা কৰাৰ লগে লগে BCCI-এ আপত্তি দৰ্শালে আৰু ICC-এ এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডক কোনো বিবাদিত স্থানলৈ ট্ৰফী নিয়াত নিষেধাজ্ঞা আৰোপ কৰে।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এই কাৰ্যই ভাৰতকে ধৰি টীম ইণ্ডিয়াৰ অনুৰাগীসকলক উত্তেজিত কৰি তুলিছে, কিন্তু বিচিচিআইয়ে সময়মতে আইচিচিক অৱগত কৰিছে আৰু পাকিস্তানক এনে কৰাত বাধা দিছে।