বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তমিম ইকবালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঢাকা প্ৰিমিয়াৰ লীগ (ডি পি এল) ২০২৫ৰ এখন মেচত ফিল্ডিং কৰাৰ সময়ত বুকুৰ বিষৰ অভিযোগ উত্থাপন কৰে তামিমে । ২৪ মাৰ্চ সোমবাৰে মহম্মদ স্প’ৰ্টিং ক্লাব আৰু শ্বিনপুকুৰ ক্ৰিকেট ক্লাবৰ মাজত হোৱা খেলৰ সময়ত সংঘটিত হয় এই ঘটনা । সূত্ৰই জনোৱা মতে, বাওঁহতীয়া বেটছমেনগৰাকীৰ অৱস্থা গুৰুতৰ । এই খেলখনত তামিমে মহম্মদ স্প’ৰ্টিং ক্লাবৰ অধিনায়কত্ব কৰিছিল ।
৩৬ বছৰীয়া তামিমে টছৰ বাবে ওলাই আহিছিল যদিও শ্বিনপুকুৰৰ ইনিংছৰ সময়ত ফিল্ডিং কৰাৰ সময়ত অস্বস্তি অনুভৱ কৰিছিল । ইয়াৰ পিছতে চিকিৎসাৰ বাবে চিকিৎসাৰ দল উপস্থিত হোৱাৰ লগতে তেওঁক ঢাকালৈ নিবলৈ এখন হেলিকপ্টাৰো অনা হয় । অৱশ্যে তামিমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে হেলিকপ্টাৰত উঠিব পৰা অৱস্থা নাছিল । এনে পৰিস্থিতিত তেওঁক ঢাকাৰ সলনি স্থানীয় ফাজিল টানেছ হাস্পতাললৈ লৈ যোৱা হয় । ঢাকা সংমণ্ডলৰ অন্তৰ্গত ছাভাৰ চহৰত অৱস্থিত ফাজিল টানেছ হাস্পতাল ।
মহম্মদন স্প’ৰ্টছ ক্লাবৰ বিষয়া তাৰিকুল ইছলামে জনোৱা মতে, “তামিম বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তেওঁৰ অৱস্থা ইমানো ভাল নহয় যে তেওঁক বিমানেৰে ঢাকালৈ লৈ যোৱা হ’ব ।” ঢাকা প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত তামিম অতি উত্তম ফৰ্মত আছে আৰু এই ছিজনত তেওঁ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৭খন মেচত গড়ে ৭৩.৬০ আৰু ১০২.৫০ ষ্ট্ৰাইক ৰেটত ৩৬৮ ৰান সংগ্ৰহ কৰিছে, য’ত দুটা শতক অন্তৰ্ভুক্ত হৈছে ।