কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল ঘোষণা কৰে । প্ৰয়াগৰাজৰ শক্তি ডুবেই এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে । এইবাৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আৰু অন্যান্য কেন্দ্ৰীয় সেৱা (গ্ৰুপ এ আৰু বি)ৰ বাবে মুঠ ১০০৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছে ।
শক্তি ডুবেই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডংগ্ৰে আৰ্চিত পৰাগে তৃতীয় স্থান দখল কৰে । শীৰ্ষ দহৰ ভিতৰত আছে শ্বাহ মাৰ্ঘী চিৰাগ (৪), আকাশ গাৰ্গ (৫), কোমল পুনিয়া (৬), আয়ুষী বানচাল (৭), ৰাজ কৃষণ ঝা (৮), আদিত্য বিক্ৰম আগৰৱাল (৯) আৰু মায়ংক ত্ৰিপাঠী (১০) । ইয়াৰ ভিতৰত ৩৩৫ জন সাধাৰণ শ্ৰেণী, ১০৯ জন ই ডব্লিউ এছ, ৩১৮ জন অ বি চি, ১৬০ জন এছ চি, ৮৭ জন এছ টি আৰু ৪৫ জন দিব্যাংগ (পি ডব্লিউ বি ডি) প্ৰাৰ্থী । ২৪১ গৰাকী প্ৰাৰ্থীৰ ফলাফল অস্থায়ী ৰখা হৈছে ।
ইউ পি এছ চিয়ে ২৩০ জন প্ৰাৰ্থীৰ একত্ৰিত সংৰক্ষিত তালিকাও প্ৰকাশ কৰিছে, য’ত আছে ১১৫ জন জেনেৰেল, ৩৫ জন ই ডব্লিউ এছ, ৫৯ জন অ’ বি চি, ১৪ জন এছ চি, ৬ জন এছ টি আৰু ১ জন পি ডব্লিউ বি ডি প্ৰাৰ্থী । ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ প্ৰাৰম্ভিক পৰীক্ষা ২০২৪ চনৰ ১৬ জুনত, মূল পৰীক্ষা ২০-২৯ ছেপ্টেম্বৰ ২০২৪ আৰু সাক্ষাৎকাৰ (ব্যক্তিত্ব পৰীক্ষা) ৭ জানুৱাৰীৰ পৰা ১৭ এপ্ৰিল ২০২৫লৈ অনুষ্ঠিত হৈছিল । মুঠ ৫-৬ লাখ পৰীক্ষাৰ্থীয়ে প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ২,৮৪৫ গৰাকীয়ে সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ।