অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষমা কৰিলে নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময় ।
কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADR পৰীক্ষাৰ ফলাফল । ADRৰ মৌখিক পৰীক্ষাৰ বাবে এটা পদৰ বিপৰীতে দুজনক বাচনি কৰা হ’ব । আনহাতে ১০ মে’ত ৩৫ হাজাৰ নিবনুৱাই নিয়োগ পত্ৰ লাভ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে প্ৰতিশ্ৰুতি অনুসৰি মে’ মাহত ADRE 3.0ৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।