আজি ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল
চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল
আজি ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ ফলাফল । পুৱা ১১ বজাত এই ফলাফল ঘোষণা কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে । এই ফলাফলৰ জৰিয়তে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৫,০২৩ টা চতুৰ্থ বৰ্গৰ পদ পূৰণ কৰা হ’ব ।
পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে www.sebaonline.org আৰু www.assam.gov.in এই দুটা ৱেবচাইটযোগে ১১ বজাৰ পৰা ফলাফল উপলব্ধ হ’ব । প্ৰাৰ্থীসকলে নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড প্ৰদান কৰি নিজৰ নিজৰ ফলাফল চাব পাৰিব ।
লগতে পঢ়ক : ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল