আল্লু অৰ্জুন, ৰশ্মিকা মন্দনা আৰু ফাহাধ ফাচিলৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ এই বছৰৰ অন্যতম বহু প্ৰত্যাশিত ছবি । ৫ ডিচেম্বৰ, বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি পোৱা ছবিখনে মুক্তি পোৱাৰ লগে লগে বক্স অফিচত খলকনি সৃষ্টি কৰাৰ লগতে প্ৰথম দিনাই বিপুল পৰিমাণৰ উপাৰ্জনেৰে দ্বিতীয় দিনা বক্স অফিচত ইতিহাস ৰচনা কৰে । এই ছবিখনে মুক্তিৰ দুদিনৰ ভিতৰতে বহু ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰে । এই তালিকাত কেৱল এখন বা দুখন নহয়, বহু ছবিৰ নাম সন্নিবিষ্ট হৈছে ।
‘পুষ্পা ২’এ ভংগ কৰিলে বহু ছবিৰ অভিলেখ-
২০২৪ চনৰ ৫ ডিচেম্বৰত মুক্তি পালে ‘পুষ্পা ২: দ্য ৰুল’এ । এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰে । প্ৰথম দিনাই এই ছবিখনে ২৯৪ কোটি টকাৰ ব্যৱসায় কৰিছিল, তাৰ পিছত ভাৰতীয় চিনেমাৰ সৰ্ববৃহৎ অপেনিং ছবি হিচাপে পৰিগণিত হয় । দ্বিতীয় দিনা ছবিখনে ৯০.১০ কোটি টকা উপাৰ্জন কৰে আৰু এইদৰে দুদিনত মুঠ ভাৰতীয় সংগ্ৰহ ২৬৫ কোটি টকা হয় । লগতে ছবিখনে দুদিনৰ ভিতৰতে বিশ্বজুৰি ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰে । লগতে এই ছবিখনে বহু হাই অ’পেনিং ছবিৰ অভিলেখ ভংগ কৰে ।
বাহুবলী-২
২০১৭ চনত মুক্তি পোৱা প্ৰভাস আৰু অনুষ্কা শ্বেট্টীৰ ব্লকবাষ্টাৰ ছবি ‘বাহুবলী ২’ৰ নাম প্ৰথমে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । এই ছবিখনেই আছিল প্ৰথম দিনাই ১২১ কোটি টকা উপাৰ্জন কৰা সৰ্ববৃহৎ ভাৰতীয় অ’পেনাৰ, কিন্ত ‘পুষ্পা ২’ ছবিখনে এই ছবিখনৰ এই আচৰিত অভিলেখ ভংগ কৰি প্ৰথম দিনাই ২৯৪ কোটি টকা উপাৰ্জন কৰে । তাৰ পিছত এই ছবিখন ভাৰতৰ আটাইতকৈ ডাঙৰ অ’পেনিং ছবি হিচাপে পৰিগণিত হয়, যিয়ে ভাৰতীয় চিনেমাত এক নতুন ইতিহাসৰ সৃষ্টি কৰে ।
কে জি এফ-২
দ্বিতীয় স্থানত আছে কানাড়া ছুপাৰষ্টাৰ য়শৰ ছবি ‘কে জি এফ ২’ । ২০২২ চনত মুক্তি পোৱা এই ছবিখনে প্ৰথম দিনাই ১৩৪.৫ কোটি আৰু দ্বিতীয় দিনা ১১৫ কোটি টকা উপাৰ্জন কৰিছিল । অৰ্থাৎ ছবিখনে দুদিনত ২৭৫ কোটি টকা উপাৰ্জন কৰিছিল । কিন্তু ‘পুষ্পা ২’এ এই ছবিখনৰ অভিলেখ ভংগ কৰি দুদিনৰ ভিতৰতে বিশ্বজুৰি ৩৮৪ কোটি টকা উপাৰ্জন কৰি ইতিহাস ৰচনা কৰে ।
আৰ আৰ আৰ(RRR)-
২০২২ চনৰ একে বছৰতে মুক্তি পোৱা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰৰ ছবি ‘আৰ আৰ আৰ’ ছবিখনো সেই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল, যাৰ বাম্পাৰ অপেনিং আছিল আৰু ২২৩ কোটি টকা । কিন্তু এই ছবিখনৰ অভিলেখ ভংগ কৰি আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাৰ ছবি ‘পুষ্পা ২’ ভাৰতৰ আটাইতকৈ ডাঙৰ অ’পেনিং হিচাপে পৰিগণিত হৈছে । লগতে বক্স অফিচত ই অহৰহ বহুত টকা উপাৰ্জন কৰি আছে ।
পাঠান-
শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি ‘পাঠান’এ যোৱা বছৰ সমগ্ৰ বিশ্বৰ চিনেমাগৃহত অভিলেখ ভংগ কৰিছিল । ‘পুষ্পা ২’য়েও হিন্দী ভাষাত নন-হলিডেৰ সৰ্ববৃহৎ অপেনিঙৰ অভিলেখ ভংগ কৰে । যিটো আগতে পাঠানৰ নামত আছিল । এই ছবিখনে প্ৰথম দিনাই ৫৫.৭৫ কোটি টকা উপাৰ্জন কৰিছিল যদিও ‘পুষ্পা ২’এ এই ছবিখনক অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িলে, যিটো হিন্দী ছবিৰ বাবে এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হয় ।
জৱান-
শ্বাহৰুখ খান আৰু নয়নতৰা অভিনীত একচন ছবি ‘জৱান’ৰ উন্মাদনা ‘পুষ্পা ২’ৰ দৰেই আছিল । কিন্তু মুক্তিৰ প্ৰথম দিনাই ৬৪ কোটি টকা উপাৰ্জন কৰা হিন্দী ভাষাত সৰ্বাধিক অপেনিং কৰি ‘জৱান’ৰ অভিলেখো ভংগ কৰে পুষ্পা-২ এ । ছবিখনে ডাঙৰ পৰ্দাত এক সুন্দৰ আত্মপ্ৰকাশ কৰাৰ লগতে দৰ্শকৰ পৰাও যথেষ্ট সঁহাৰি লাভ কৰে । বক্স অফিচত প্ৰচণ্ড উপাৰ্জনেৰে আগবাঢ়িছে এই ছবিখন ।