হিন্দী বক্স অফিচতো নিজৰ ছাপ ৰাখিলে পুষ্পা ২ য়ে;  মাত্ৰ ১৫ দিনৰ ভিতৰতে হৈ পৰিল আটাইতকৈ ডাঙৰ ছবি

২০২১ বৰ্ষত যেতিয়া আল্লু অৰ্জুনৰ প্ৰথম সৰ্বভাৰতীয় চলচ্চিত্ৰ ‘পুষ্পা ১: দ্য ৰাইজ’  ছবিগৃহত মুক্তি পাইছিল, হিন্দীত তেলেগু তাৰকাৰ চলচ্চিত্ৰখনৰ উন্মাদনা দেখি বহুতো লোক আচৰিত হৈছিল।

যিসকলে আচৰিত হৈছিল তেওঁলোকৰ সম্ভৱতঃ কোনো ধাৰণা নাছিল যে আল্লু অৰ্জুনৰ তেলেগু চলচ্চিত্ৰৰ হিন্দী ডাবিংয়ে টেলিভিচনৰ জৰিয়তে হিন্দী দৰ্শকৰ মাজত কিমান জনপ্ৰিয় কৰি তুলিছিল। কিন্তু এতিয়া, ‘পুষ্পা ২: দ্য ৰুল’ৰ সৈতে, আল্লু অৰ্জুনৰ ষ্টাৰডম হিন্দী বজাৰতো স্থায়ীভাৱে মোহৰ লগাইছে।

প্ৰথম দিনাৰ পৰাই ‘পুষ্পা ২’য়ে দৰ্শকসকলক যথেষ্ট মনোৰঞ্জন দি আহিছে আৰু এতিয়া হিন্দী বক্স অফিচত মাত্ৰ ১৫ টা দিনতে আটাইতকৈ বেছি উপাৰ্জন কৰা ছবি হৈ পৰিছে।

আল্লু অৰ্জুনে অৰ্জন কৰা এই কৃতিত্বৰে দ্বিতীয় দক্ষিণ তাৰকা হৈ পৰিছে।তেওঁৰ পূৰ্বে, প্ৰভাসৰ ‘বাহুবলী ২’য়ে হিন্দীত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল।

প্ৰথম দিনাৰ পৰাই, ছবিগৃহত ধামাকা কৰি থকা আল্লু অৰ্জুনৰ ছবিখনে ইতিমধ্যে ইয়াৰ সম্ভাৱনা প্ৰদৰ্শন দেখুৱাইছিল যে ছবিখন সঁচাকৈয়ে বক্স অফিচৰ জুই।

পুষ্পা ২’ৰ হিন্দী সংস্কৰণৰ মুঠ সংগ্ৰহ ৬১৮ কোটি অতিক্ৰম কৰিছে।মাত্ৰ ১৫ টা দিনতে হিন্দী সংস্কৰণত ইমান উপাৰ্জন কৰা শীৰ্ষ ছবিখন হৈ পৰিল পুষ্পা ২।

থিয়েটাৰত আঘাতপ্ৰাপ্ত শিশুটিক সাক্ষাৎ কৰিলে আল্লু অৰ্জুনৰ পিতৃয়ে; চিকিৎসালয়ত উপস্থিত হৈ ললে খবৰ

পুষ্পা ২ৰ অভিনেতা আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে আজি ৪ ডিচেম্বৰত পদপিষ্ট হৈ আহত হোৱা শিশুটোক লগ কৰিবলৈ যায়। অৰ্জুনৰ পিতৃয়ে দৰিদ্ৰ পৰিয়ালটোৰ সৈতে সাক্ষাৎ কৰিছিল আৰু শিশুটোৰ অৱস্থাৰ বুজ লয়।

 তেলেংগানাৰ স্বাস্থ্য সচিব ক্ৰিষ্টিনা জে চোংথু আৰু হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি আনন্দো ৪ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা শিশুটোৰ অৱস্থা পৰীক্ষা কৰিবলৈ উপস্থিত হৈছিল।

আৰক্ষী আয়ুক্ত চি.ভি. আনন্দে কৈছিল যে আঘাতটোৱে শিশুটোৰ মগজুত বিৰূপ প্ৰভাৱ পেলাইছে। তেওঁ কৈছিল, ‘যেতিয়া তেওঁ পদপৃষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া তেওঁৰ মগজুত অক্সিজেন পোৱা নাছিল, আৰু ইয়াৰ ফলত তেওঁৰ অৱস্থাত নেতিবাচক প্ৰভাৱ পৰিছিল।’

চিকিৎসকৰ দলটোৱে কৈছে যে তেওঁৰ আৰোগ্য হ’বলৈ সময় লাগিব। শিশুটো বৰ্তমান ভেণ্টিলেটৰত আছে আৰু নিৰন্তৰ পৰীক্ষা চলি আছে।

শিশুটিৰ লগতে আল্লু অৰ্জুনৰ পিতৃয়ে ভুক্তভোগীৰ দেউতাক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে ৪ ডিচেম্বৰত পুষ্পা ২ ৰ প্ৰদৰ্শনৰ সময়ত হায়দৰাবাদত এটা ডাঙৰ ঘটনা সংঘটিত হৈছিল। আল্লু অৰ্জুন থিয়েটাৰৰ পৰা ওলাই অহাৰ লগে লগে হঠাতে হাজাৰ হাজাৰ লোকৰ ভিৰ হ’ল।

এই ভিৰৰ মাজত, মানুহে আল্লু অৰ্জুনক লগ কৰিবলৈ জঁপিয়াই পৰিছিল, যাৰ ফলত মাটিত পৰিছিল এগৰাকী মহিলা আৰু তেওঁৰ  শিশুটি।

পদপৃষ্ট হৈ মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ক্ষেত্ৰত, হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনকো গ্ৰেপ্তাৰো কৰিছিল।

আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰে প্ৰভাৱ পেলালে নেকি পুষ্পা ২ৰ উপাৰ্জনত ?  সংগ্ৰহ ১৪০০ কোটি অতিক্ৰম

আল্লু অৰ্জুন অভিনীত পুষ্পা ২: দ্য ৰুলে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে, অভিলেখ ভংগকাৰী উপাৰ্জন কৰিছে ছবিখনে । মুক্তিৰ দ্বিতীয় সপ্তাহৰ শেষৰ ফালে পুষ্পা ২ৰ বিশ্বব্যাপী সংগ্ৰহে ১৪০০ কোটি টকা অতিক্ৰম কৰিলে । ইয়াৰ মাজতে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ ফলত ছবিখনৰ উপাৰ্জনত যথেষ্ট প্ৰভাৱ পৰিছে বুলি বিশ্বাস কৰা হৈছে ।

১৩ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰৰ বাহিৰত ব্যাপক সমাগমত পদপিষ্ট হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ গোচৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল । অৱশ্যে কিছু সময়ৰ পাছত জামিনত তেওঁক মুকলি কৰি দিয়া হয় । ইয়াৰ ফলত ছবিখনৰ উপাৰ্জন হ্ৰাস পাব বুলি বিশ্বাস কৰা হৈছিল যদিও পৰিসংখ্যা আছিল ইয়াৰ বিপৰীত । আল্লুক গ্ৰেপ্তাৰ আৰু মুক্তিৰ পিছত অহা নতুন তথ্য অনুসৰি এই ঘটনাৰ পৰা ছবিখনে আৰু অধিক লাভৱান হোৱা বুলি কোৱা হৈছে । ছবিখনৰ খামোছ ঢিলা হোৱা নাই, ব্পৰীতে শক্তিশালী হৈ পৰিছে ।

বিতৰ্কৰ মাজতো বিশেষজ্ঞসকলে নিশ্চিত কৰিছে যে পুষ্পা ২ য়ে দৰ্শকৰ আৱেগৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই । কিন্তু আল্লুৰ প্ৰতি মানুহৰ বহুত সহানুভূতি আছে । যিহেতু ছবিখনে ইতিমধ্যে বহু টকা উপাৰ্জন কৰিছে, গতিকে গ্ৰেপ্তাৰৰ ঘটনাই ইয়াক লাভান্বিত কৰিছে বুলি ক’লে ভুল কোৱা নহ’ব ।

তৃতীয় সপ্তাহৰ শেষৰ ফালে মুফাছাৰ সৈতে প্ৰতিযোগিতা-

ট্ৰেড এক্সপাৰ্টৰ মতে, প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰা ভাৰতীয় চিনেমাত ছবিখনৰ ৰান ৰেট সৰ্বাধিক দ্ৰুত । এতিয়া যি সংগ্ৰহ আছে, সেয়া বোনাছ । এইটো স্পষ্ট যে ছবিখনক সমগ্ৰ বিশ্বৰ দৰ্শকে সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিছে । পুষ্পা ২ তৃতীয় উইকেণ্ডত প্ৰৱেশ কৰিছে, য’ত মুফাছা: দ্য লায়ন কিংৰ সৈতে সংঘৰ্ষ হ’ব, যাৰ বাবে শ্বাহৰুখ খানে নিজৰ কণ্ঠ দিছে, অনুৰাগীসকলে ইয়াৰ বাবে অপেক্ষা কৰি আছে । কিন্তু মুফাছা মুক্তিৰ সময়লৈকে পুষ্পা ২এ দুসপ্তাহ সম্পূৰ্ণ কৰিব ।

কাৰাগাৰৰ পৰা ঘৰলৈ উভতিল আল্লু অৰ্জুন…সাক্ষাৎ কৰিবলৈ আহিল ‘পুষ্পা ২’ৰ পৰিচালক, তাৰকাৰ ভিৰ

‘পুষ্পা ২’ৰ অভিনেতা আল্লু অৰ্জুন কাৰামুক্ত হৈ ঘৰলৈ উভতিছে । হায়দৰাবাদৰ চাঞ্চলগুডা কেন্দ্ৰীয় কাৰাগাৰত নিশা কটাই ঘৰলৈ উভতি আহিছে অভিনেতাগৰাকী । ইয়াৰ পিছতে তেওঁ পত্নী স্নেহা ৰেড্ডী আৰু সন্তানক সাক্ষাৎ কৰে । এতিয়া অভিনেতাজনৰ ঘৰত দক্ষিণৰ তাৰকাৰ সোঁত দেখা গৈছে । নাগা চৈতন্য, ৰাণা দগ্গুবতীকে ধৰি বহু তাৰকাই আল্লু অৰ্জুনক তেওঁৰ জুবলী হিলছৰ ঘৰত সাক্ষাৎ কৰিবলৈ অহা পৰিলক্ষিত হৈছে ।

আল্লু অৰ্জুনক সাক্ষাৎ কৰিবলৈ আহিল বহুতো তাৰকা-

আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’ৰ পৰিচালক সুকুমাৰ তেওঁক লগ কৰিবলৈ অহা পৰিলক্ষিত হয় । ছবিখনৰ প্ৰযোজক ৱাই ৰবি শংকৰ আৰু নবীন য়েৰ্নেনীও এই সময়ত তেওঁৰ লগত আছিল । অভিনেতা আৰু পৰিচালকজনৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁলোকে বাৰ্তালাপ কৰা দেখা গৈছে । অভিনেতা নাগা চৈতন্য, ৰাণা দগ্গুবাটি আৰু বিজয় দেৱেৰাকোণ্ডাও আল্লু অৰ্জুনক সাক্ষাৎ কৰিবলৈ আহে । সকলোৱে সাৱটি ধৰি তেওঁৰ অৱস্থাৰ বিষয়ে সোধে । ছুপাৰষ্টাৰ চিৰঞ্জীৱীৰ পত্নী সুৰেখা কনিডেলেও আল্লু অৰ্জুনক সাক্ষাৎ কৰে ।

ঘটনাতো কি ?

মুক্তিৰ পূৰ্বে ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২’ৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল । ছবিখনৰ প্ৰদৰ্শনীৰ সময়তে আল্লু অৰ্জুনো উপস্থিত হৈছিল । এই সময়ছোৱাতে এগৰাকী মহিলাই ব্যাপক ভিৰৰ মাজত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল । মহিলাগৰাকীৰ পৰিয়ালে আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু থিয়েটাৰ পৰিচালনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই গোচৰত ১৩ ডিচেম্বৰৰ পুৱা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল । নিম্ন আদালতত শুনানি গ্ৰহণ কৰি আল্লু অৰ্জুনক ১৪ দিনৰ কাৰাদণ্ড বিহা হয় । ইয়াৰ পিছতে বিষয়টো তেলেংগানা উচ্চ ন্যায়ালয় পাইগৈ, য’ত তেওঁক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হয় ।

জেলৰ পৰা ওলাই কি ক’লে আল্লু অৰ্জুনে ?

জেলৰ পৰা ওলাই অহাৰ পিছত আল্লু অৰ্জুনে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ কয়- কোনো চিন্তা নাই । মই ঠিকে আছো । মই আইনত বিশ্বাস কৰোঁ । এই গোচৰটো আদালতত চলি আছে গতিকে মাজত কোনো মন্তব্য নকৰো । মই এজন আইন পালনকাৰী নাগৰিক । আৰক্ষীক সহযোগ কৰিম ।

অৱশেষত মুৰ তল কৰিব লগা হ’ল পুষ্পা খ্যাত আল্লু অৰ্জুন ;  গ্ৰেপ্তাৰ হ’ল আল্লু অৰ্জুনক

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক লৈ আহিছে এটা ডাঙৰ খবৰ। হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুষ্পা-২ৰ খ্যাত আল্লু অৰ্জুনক।

উল্লেখ্য যে ৪ ডিচেম্বৰত দিনা ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত সন্ধ্যা থিয়েটাৰত উপস্থিত হৈছিল অভিনেতা গৰাকী। সেই সময়তে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

সেই সময়তে পদপৃস্থ হৈ এগৰাকী ৩৫ বছৰীয়া মহিলা নিহত হয়। তাৰ পিছতেই বহু দল সংগঠনে অভিনেতা গৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল।

সেই গোচৰৰ ভিত্তিতেই হায়দৰাবাদ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিলে অভিনেতা গৰাকীক।  

নতুন অভিলেখ গঢ়িলে পুষ্পা ২ য়ে ; বিশ্বজুৰি উপাৰ্জন কৰিলে ১০০০ টকা

দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনে এনে এক কৃতিত্বটো কৰিলে, যি বহুতো ডাঙৰ অভিনেতাই তেওঁলোকৰ নিজৰ জীৱন কৰিব বিচাৰে।

দৰাচলতে আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’য়ে প্ৰতিটো ভাষা, ৰাজ্য আৰু দেশত অভিলেখ ভংগ কৰিছে। পুষ্পাৰ যাদু প্ৰতিখন থিয়েটাৰত এনেদৰে চলি আছে যে তাৰ বাহিৰে আন কোনো চিনেমা দৰ্শকে চাব নিবিচাৰে। 

শেহতীয়াকৈ, ‘পুষ্পা ২’য়ে হলিউডৰ বিখ্যাত পৰিচালক ক্ৰিষ্টোফাৰ নোলানৰ ছবি ‘ইণ্টাৰষ্টেলাৰ’কো পিছ পেলাইছে। চলচ্চিত্ৰখন ছবিগৃহত পুনৰ মুক্তি দিয়া হৈছিল, কিন্তু পুষ্পাৰ আগত আৰু কোনো চিনেমা চোৱাৰ পৰিকল্পনা কৰা নাছিল।এতিয়া চিনেমাখনে আন এটা অভিলেখৰ দিশে আগবাঢ়িছে।  

আল্লু অৰ্জুনৰ ছবিখন মুক্তি পোৱাৰ ছয় দিন হ’ল। ছবিখনে হিন্দী, তেলেগু, তামিল, মালায়ালম আৰু কানাড়াত ভাল প্ৰদৰ্শন কৰিছে।

চলচ্চিত্ৰখনে হিন্দীত প্ৰতিখন চলচ্চিত্ৰৰ অভিলেখ ভংগ কৰিছে, যাক কোনেও ভাঙিব বুলি আশা কৰা নাছিল। ছবিখনে ছয় দিনত ভাৰতত মুঠ ৬৪৫ কোটি টকা সংগ্ৰহ কৰিছে, যি এতিয়ালৈকে যিকোনো চলচ্চিত্ৰই কৰিব পৰা নাই।  

১ হাজাৰ কোটি টকাৰ দ্ৰুততম মুঠ সংগ্ৰহ কৰা ‘পুষ্পা ২’ ভাৰতৰ প্ৰথম খন ছবি হ’বলৈ গৈ আছে।চলচ্চিত্ৰখনে এতিয়ালৈকে ছয় দিনত বিশ্বজুৰি ৯৪৭.৪ কোটি টকাৰ মুঠ সংগ্ৰহ কৰিছে।

চলচ্চিত্ৰখনে ইয়াৰ প্ৰথম সপ্তাহ শেষ হোৱাৰ পূৰ্বেই ১০০০ কোটিৰ সীমা স্পৰ্শ কৰিব পাৰে, যি কোনো ডাঙৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে সৰ্বাধিক।

‘পুষ্পা ২: দ্য ৰুল’য়ে হিন্দী ভাষাত সৰ্বাধিক উপাৰ্জন কৰিছে। ছবিখনে ছয় দিনত ৩৬৮.১ কোটি টকা সংগ্ৰহ কৰিছে ।ছবিখনত আল্লু অৰ্জুনৰ সৈতে ৰশ্মিকা মান্দন্না আৰু ফাহাদ ফাচিলেও অভিনয় কৰিছে।    

বক্স অফিচত ‘পুষ্পা ২’ৰ খলকনি… বিশ্বজুৰি উপাৰ্জন ৯০০ কোটি টকা…

বক্স অফিচত খলকনি তুলিছে পাৱাৰ ষ্টাৰ আল্লু অৰ্জুনৰ ছবি পুষ্পা ২এ । এই চিনেমাখনে যোৱা ৫ দিনৰ পৰা অভিলেখ সংখ্যক সংগ্ৰহ কৰি আছে । ভাৰত আৰু বিশ্ব বজাৰত প্ৰতিদিনে পুষ্পাৰ উপাৰ্জনৰ গ্ৰাফ উৰ্ধমুখী হৈছে । আল্লু অৰ্জুনৰ এই ছবিখনে ভাৰতত ৬০০ কোটি টকা উপাৰ্জনৰ দিশত আগবাঢ়িছে । ইফালে বিশ্বজুৰি ইয়াৰ উপাৰ্জন হৈছে ৯০০ কোটি টকা ।

Sacnilk ৰ মতে, ছবিখনে ডাবল ডিজিট লাভ কৰি মনডে টেষ্টত সম্পূৰ্ণ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । ভাৰতত সোমবাৰে পুষ্পা ২এ ৬৪ কোটি টকা সংগ্ৰহ কৰিছে । ইয়াৰ হিন্দী সংস্কৰণে ৪৬ কোটি টকা উপাৰ্জন কৰি এক অভিলেখ স্থাপন কৰিছে । য’ত আন ডাঙৰ ডাঙৰ ছবিবোৰ প্ৰথম সোমবাৰে একক সংখ্যাত ৰৈ যায় । আনহাতে পুষ্পা ২এ বিপুল উপাৰ্জন কৰিছে । সোমবাৰে পুষ্পা ২ৰ তেলেগু সংস্কৰণে ১৪ কোটি টকা উপাৰ্জন কৰিছে । সৰ্বোচ্চ সংগ্ৰহ হিন্দী ভাষাত হৈছে । উত্তৰ ভাৰতত পুষ্পা সন্দৰ্ভত মানুহৰ মাজত এনে উন্মাদনা দেখি আল্লু অৰ্জুনৰ জনপ্ৰিয়তাৰ অনুমান কৰিব পাৰি । ভাৰতত পুষ্পা ২এ ৫ দিনত ৫৯৩ কোটি টকাৰ ব্যৱসায় কৰিছে, হিন্দীত ৩৩১ কোটি টকা উপাৰ্জন কৰিছে ।

ট্ৰেড এনালিষ্ট তৰণ আদৰ্শৰ মতে, বৰ্ধিত প্ৰথম সপ্তাহত ছবিখনে ৪২৫ কোটি টকাৰ ব্যৱসায় কৰিব । বক্স অফিচত ইতিহাস সৃষ্টি কৰিছে ছবিখনে । সপ্তাহৰ দিনতো বৃদ্ধি পাইছে ছবিখনৰ উপাৰ্জন । দ্ৰুততমভাৱে ৪০০ কোটি টকা উপাৰ্জন কৰা চিনেমা হ’বলৈ গৈ আছে পুষ্পা ২ ।

বিশ্বজুৰি উপাৰ্জন কৰিলে ৯০০ কোটি টকা-

ট্ৰেড বিশ্লেষক ৰমেশ বালাই এক্সত জনোৱা মতে, পঞ্চম দিনত ছবিখনে বিশ্বৰ বজাৰত ৯০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । পুষ্পাৰ জনপ্ৰিয়তা সকলোতে আছে বুলি ক’লে ভুল কোৱা নহ’ব । অনুৰাগীসকলে সঁচাকৈয়ে চিনেমাখনৰ অভিনেতাসকলৰ একচন, গীত আৰু অভিনয় ভাল পাইছে । ছবিখনৰ সফলতাৰ বাবে আল্লু আৰু তেওঁৰ সমগ্ৰ দলটোৱে অনুৰাগীসকলক ধন্যবাদ জনাইছে । আল্লুৰ উপৰিও ফহাধ ফাচিল আৰু ৰশ্মিকা মন্দনাক পুষ্পা ২ ত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

পঞ্চম দিনত শ্বাহৰুখ খান-ৰণবীৰ কাপুৰৰ বক্স অফিচৰ অভিলেখ ভংগ ‘পুষ্পা ২’ৰ, বিপদত ‘স্ত্ৰী ২’ৰ উপাৰ্জন…

আল্লু অৰ্জুন-ৰশ্মিকা মন্দনাৰ ছবি পুষ্পা ২ মুক্তিৰ পঞ্চম দিনত ভৰি দিছে । এই কেইটামান দিনৰ ভিতৰতে ছবিখন ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে । প্ৰথম দিনাই ১৬৪.২৫ কোটি টকাৰ দৰ্শনীয় উপাৰ্জনেৰে বৃহৎ অপেনিং লোৱা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হয় ‘পুষ্পা ২’ ।

মুক্তিৰ পঞ্চম দিনাও ছবিখন চাবলৈ দৰ্শকৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে । ছবিখনৰ বক্স অফিচ সংগ্ৰহৰ সৈতে জড়িত প্ৰাৰম্ভিক পৰিসংখ্যায়ো একেই কথা কৈছে ।

পুষ্পা ২ বক্স অফিচ সংগ্ৰহ-

মুক্তিৰ এদিন পূৰ্বে অৰ্থাৎ ৪ ডিচেম্বৰত পেইড প্ৰিভিউৰ পৰা পুষ্পাই ১০.৬৫ কোটি টকা উপাৰ্জন কৰিছিল । ইয়াৰ পিছত প্ৰথম আৰু দ্বিতীয় দিনত ১৬৪.২৫ কোটি আৰু ৯৩.৮ কোটি টকা উপাৰ্জন কৰে । তৃতীয় দিনা ছবিখনে ১১৯.২৫ কোটি টকা সংগ্ৰহ কৰে ।

চতুৰ্থ দিনৰ উপাৰ্জন প্ৰথম দিনাতকৈ কিছু কম হয় । চতুৰ্থ দিনা ছবিখনে ১৪১.০৫ কোটি টকা উপাৰ্জন কৰে । এতিয়া পঞ্চম দিনৰ ছবিখনৰ উপাৰ্জনৰ সৈতে জড়িত প্ৰাৰম্ভিক পৰিসংখ্যা অনুসৰি পুষ্পা ২এ বিয়লি ৩:৪৫ বজালৈকে ১৮.৮৮ কোটি টকা সংগ্ৰহ কৰি মুঠ ৫৪৭.৮৮ কোটি টকা উপাৰ্জন কৰিছে । এই সকলোবোৰ তথ্য চূড়ান্ত নহয় আৰু ইয়াত হয়তো এতিয়া পৰিৱৰ্তন দেখা যাব পাৰে ।

পঞ্চম দিনত শ্বাহৰুখ খান আৰু ৰণবীৰ কাপুৰৰ অভিলেখ ভংগ কৰিলে পুষ্পা ২এ-

পুষ্পা ২এ ভাৰতৰ সৰ্বকালৰ শীৰ্ষ ২০ খন ব্লকবাষ্টাৰ ছবি যেনে গদৰ ২, বাহুবলী, ডংগল, চালাৰ আৰু সঞ্জুৰ অভিলেখ ভংগ কৰাই নহয়, আজি ই পাঠান (৫৪৩.০৯)ৰ লাইফ টাইম কালেকশ্যনো অতিক্ৰম কৰিছে । ইয়াতেই ক্ষান্ত নাথাকি পুষ্পা ২এ ২০২৩ চনত মুক্তি পোৱা ৰণবীৰ কাপুৰৰ ছবি এনিমেল (৫৫৩.৮৭)ৰ অভিলেখো ভংগ কৰিছে ।

‘স্ত্ৰী ২’ৰ লাইফটাইম কালেকশ্যনো বিপদত-

এতিয়া পুষ্পা ২ৰ বক্স অফিচ উপাৰ্জনে অতি সোনকালে ৰাজকুমাৰ ৰাও-শ্ৰদ্ধা কাপুৰ অভিনীত ছবি স্ত্ৰী ২ৰ বক্স অফিচৰ ফিগাৰ স্পৰ্শ কৰিবলৈ ওলাইছে । চলিত বৰ্ষত মুক্তি পোৱা স্ত্ৰী ২ এ ৫৯৭.৯৯ কোটি টকা উপাৰ্জন কৰিছিল, যাৰ পৰা পুষ্পা ২ এতিয়া মাত্ৰ কেইখোজমান দূৰত ।

বক্স অফিচত ‘পুষ্পা ২’ৰ ধুমুহা, ‘বাহুবলী’-‘জৱান’ক অতিক্ৰম কৰি ৬০০ কোটিৰ ক্লাবত যোগদান

আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা ২: দ্য ৰুল’এ সমগ্ৰ বিশ্বতে বক্স অফিচত শাসন চলাইছে । ৫ ডিচেম্বৰত মুক্তি পোৱা ছবিখনক লৈ দৰ্শকৰ উন্মাদনা শীৰ্ষত । এনে পৰিস্থিতিত বক্স অফিচত বিপুল মুনাফা লাভ কৰিছে ‘পুষ্পা ২: দ্য ৰুলে’ । বিশ্বব্যাপী বক্স অফিচত ৬০০ কোটি টকাৰ ক্লাবত যোগদান কৰিছে ছবিখনে ।

‘পুষ্পা ২: দ্য ৰুল’এ বিশ্বজুৰি মুঠ ৬২১ কোটি টকা উপাৰ্জন কৰিছে । ‘পুষ্পা ২: দ্য ৰুলে’ সৰ্বনিম্ন সময়ৰ ভিতৰতে বিশ্বব্যাপী বক্স অফিচত ৬০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰা ভাৰতীয় ছবিৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

তিনিদিনত উপাৰ্জন কৰিলে ৬২১ কোটি-

‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰডাকচন হাউচ মিথ্ৰি অফিচিয়েলে ছবিখনৰ তিনিদিনীয়া বিশ্বব্যাপী সংগ্ৰহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে কেপচনত লিখা আছিল – মই ‘পুষ্পা ২: দ্য ৰুল’ৰ সৈতে বক্স অফিচৰ ইতিহাস চাই আছো । ৱাইল্ডফায়াৰৰ ব্লকবাষ্টাৰ ছবিখনে মাত্ৰ ৩ দিনতে বিশ্বজুৰি ৬২১ কোটি টকা উপাৰ্জন কৰি বহু অভিলেখ ভংগ কৰে ।

এই ছবিবোৰক অতিক্ৰম কৰে-

উল্লেখ্য যে ‘পুষ্পা ২: দ্য ৰুলে’ মাত্ৰ তিনিদিনতে ৬০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰি ‘বাহুবলী ২’, ‘আৰ আৰ আৰ’, ‘জৱান’ আৰু ‘কে জি এফ ২’ক অতিক্ৰম কৰিছে । প্ৰভাসৰ ছবি ‘বাহুবলী: দ্য কনক্লুচন’ ৪ দিনত বিশ্বব্যাপী ৬০০ কোটি টকাৰ ক্লাবৰ অংশ হৈ পৰিছিল । ‘আৰ আৰ আৰ’ আৰু ‘কে জি এফ ২’এ ৫ দিনত এই সংখ্যা অতিক্ৰম কৰিছিল । আনহাতে ‘জৱান’ ৬ দিনত ৬০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছিল ।

হিন্দী সংস্কৰণে সৰ্বোচ্চ সংগ্ৰহ কৰিছে-

সুকমাৰৰ পৰিচালনাত নিৰ্মিত ছবি ‘পুষ্পা ২: দ্য ৰুল’ ২০২১ চনৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’ৰ ছিকুৱেল । ইয়াৰ জৰিয়তে আল্লু অৰ্জুনে পুনৰবাৰ পুষ্পৰাজ আৰু ৰশ্মিকা মন্দনা শ্ৰীৱল্লীৰ চৰিত্ৰত ঘূৰি আহিছে । আনহাতে ফাহাধ ফাচিলে তেওঁৰ খলনায়ক অৱতাৰত লাভ কৰিছে উচ্চ প্ৰসংশা । পাঁচটা ভাষাত – হিন্দী, তেলেগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পোৱা ছবিখনে হিন্দী ভাষাত সৰ্বোচ্চ উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে ।