ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে অভিযোগ উত্থাপন কৰি কয় যে ইষ্টাৰৰ দিনত যুদ্ধবিৰতিৰ আহ্বান জনোৱা পিছতো ৰাছিয়াৰ আক্ৰমণ কমি যোৱা নাই । ইফালে ৰাছিয়াই নিজেই যুদ্ধবিৰতিৰ আহ্বান জনাইছে । জেলেনস্কিয়ে কয় যে কেইবাটাও সীমান্ত অঞ্চলত ৰাছিয়াৰ আক্ৰমণাত্মক অভিযান অব্যাহত আছে । তেওঁ কয় যে ৰাছিয়াৰ কথাক ‘বিশ্বাস’ কৰিব নোৱাৰি ।
এক্সৰ এটা পোষ্টত জেলেনস্কিয়ে কয় যে, ‘ৰাছিয়াৰ আগ্ৰাসন অভিযান কেইবাটাও সীমান্ত অঞ্চলত অব্যাহত আছে । ৰাছিয়াৰ আৰ্টিলাৰীৰ গোলাবৰ্ষণ হ্ৰাস পোৱা নাই । গতিকে ৰাছিয়াৰ পৰা অহা কথাবোৰৰ ওপৰত কোনো আস্থা নাই । মস্কোৱে কেনেকৈ হেতালি খেলে আমি ভালদৰে জানো । আমি যিকোনো কামৰ বাবে সাজু ।‘
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আশ্বাস দিয়ে যে প্ৰতিৰক্ষা বাহিনীয়ে যুক্তিসংগতভাৱে কাম কৰিব । ৰাছিয়াৰ প্ৰতিটো আক্ৰমণৰ উপযুক্ত সঁহাৰি দিয়া হ’ব বুলিও তেওঁ কয় । জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই ৩০ দিনৰ সম্পূৰ্ণ আৰু নিঃচৰ্ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে । তেওঁ কয় যে ইষ্টাৰৰ ৩০ ঘণ্টীয়া যুদ্ধবিৰতি ‘প্ৰকৃত আস্থা’ গঢ়ি তুলিবলৈ অপৰ্যাপ্ত ।
ইষ্টাৰৰ দিনা পুটিনে ঘোষণা কৰিলে ৩০ ঘণ্টীয়া যুদ্ধবিৰতি-
ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইষ্টাৰ উপলক্ষে ৩০ ঘণ্টাৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল । পুটিনৰ এই ঘোষণাৰ ভিডিঅ’টো ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত প্ৰকাশ কৰে, য’ত ৰাষ্ট্ৰপতি পুটিনে কয় যে, ‘আজি সন্ধিয়া ০৬:০০ বজাৰ পৰা সোমবাৰে পুৱা ০০:০০ বজালৈকে ৰাছিয়াই ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰে । মানৱীয় কাৰণত এই ঘোষণা কৰা হৈছে । এই সময়ছোৱাৰ বাবে সকলো সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ দিছো ।’