হামাছৰ মুৰব্বী ইয়াহ্যা সিনোৱাৰক ইজৰাইলে হত্যা কৰাৰ পিছতেই প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে হামাছ। হামাছেও এই কথা নিশ্চিত কৰিছে যে, হামাছৰ মুৰব্বীক ইজৰাইলে হত্যা কৰে। ইয়াহ্যাৰ মৃত্যুৰ পিছতেই বৰ্তমান সময়ত হামাছে নতুন মুৰব্বী নিৰ্বাচিত কৰিছে। হামাছে নিজৰ ভেঁটি শক্তিশালী কৰাৰ বাবে খলিল আল-হায়াক নতুন মুৰব্বী হিচাপে নিৰ্বাচিত কৰিছে।
খলিল আল-হায়া পেলেষ্টাইনী ৰাজনীতিবিদ যিয়ে ২০২৪ চনৰ আগষ্ট মাহৰ পৰা ছালেহ আল-আৰৌৰীৰ পিছত হামাছ পলিটিকেল ব্যুৰোৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০০৬ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ গাজা চহৰৰ প্ৰতিনিধি হিচাপে পেলেষ্টাইন বিধান পৰিষদলৈও নিৰ্বাচিত হৈছিল।
যুদ্ধবিৰতিৰ ইচ্ছা প্ৰকাশ কৰিছে-
সাম্প্ৰতিক সংঘাতত হামাছৰ শীৰ্ষ নেতৃত্বৰ বহু সদস্যৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত সিনোৱাৰৰ উত্তৰাধিকাৰীক লৈ কিছুমান নাম চৰ্চা চলিছিল। খালিদ মেছালৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে হামাছে খলিল আল-হায়াক নেতা হিচাপে বাছি লৈছিল। ২০০৭ চনত গাজাত ইজৰাইলী বিমান আক্ৰমণৰ সময়ত তেওঁৰ সমগ্ৰ পৰিয়াল নিহত হৈছিল।
চলিত বৰ্ষৰ এপ্ৰিল মাহত যুদ্ধবিৰতি আলোচনাত অচলাৱস্থাৰ মাজতে আল-হায়াই ইজৰাইলৰ সৈতে পাঁচ বছৰ বা তাতকৈ অধিক সময়ৰ বাবে যুদ্ধবিৰতিৰ বাবে সন্মতি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। এছ’চিয়েটেড প্ৰেছৰ তথ্য অনুসৰি তেওঁ কয় যে যদিহে এখ