ইজৰাইল আৰু হিজবুল্লাহৰ মাজত তীব্ৰতৰ হৈ পৰিছে যুদ্ধ। দেওবাৰে দুয়োপক্ষৰ ফালৰ পৰা সংঘটিত হয় আক্ৰমণৰ ঘটনা। এফালে হিজবুল্লাহৰ আক্ৰমণত ইজৰাইলৰ চাৰিজন জোৱান নিহত হোৱাৰ বিপৰীতে আনফালে ৬১জন লোক আহত হয়।
এই আক্ৰমণৰ পিছত ক্ষুব্ধ হৈ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয়, এতিয়া লেবাননত মাৰাত্মক আক্ৰমণ সংঘটিত হ’ব।
ইজৰাইল আৰু লেবাননৰ মাজত যুদ্ধ চলি আছে। এফালে হিজবুল্লাই ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে, আনহাতে আনফালে দক্ষিণ লেবাননত ইজৰাইলৰ সেনাইও আক্ৰমণ সংঘটিত কৰিছে। শেহতীয়া আক্ৰমণত হিজবুল্লাই ড্ৰোন আক্ৰমণত ইজৰাইলৰ ৪জন জোৱানক হত্যা কৰে। ইয়াৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু ক্ষোভিত হৈ পৰে। হিজবুল্লাই ইয়াৰ মূল্য দিব লাগিব বুলিও তেওঁ কয়। এতিয়া লেবাননত সংঘটিত হ’ব মাৰাত্মক আক্ৰমণ।
দেওবাৰে নিশা হিজবুল্লাহৰ ড্ৰোন আক্ৰমণৰ পিছত সামৰিক ঘাটি পৰিদৰ্শন কৰাৰ সময়ত তেওঁ কয় “আমি বেইৰুটকে ধৰি লেবাননৰ সকলো ঠাইতে হিজবুল্লাহক আক্ৰমণ কৰি যাম। অনাগত দিনত আমি আমাৰ প্ৰতিশ্ৰুতি প্ৰমাণ কৰি যাম।” উত্তৰ ইজৰাইলৰ হাইফাৰ পৰা ৩৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত বিন্যামিনৰ সমীপৰ বেছ কেম্পত ড্ৰোন আক্ৰমণত ৪জন জোৱান নিহত, আনহাতে ইজৰাইলৰ এম্বুলেন্স সেৱাৰ MDAয়ে কয় যে, এই আক্ৰমণত ৬১জন লোক আহত হৈছে। ইয়াৰে ৩৭ জন আহতক হেলিকপ্টাৰেৰে ৮খন আঞ্চলিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এই আক্ৰমণ সংঘটিত হৈছে বৃহস্পতিবাৰে বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণ দুটাৰ প্ৰতিশোধৰ বাবে । ইয়াৰ ফলত ২২জন লেবাননৰ সাধাৰণ নাগৰিক নিহত হয়। ইজৰাইলে লেবাননত প্ৰায় ১১৫টা ৰকেট নিক্ষেপ কৰিছে। এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে লেবাননে ইজৰাইলৰ ওপৰত ইমান বৃহৎ পৰিসৰৰ বিমান আক্ৰমণ চলাইছে।
আনহাতে ইজৰাইলৰ সেনাই লেবাননত প্ৰৱেশ কৰি আক্ৰমণ চলাইছে। দেওবাৰে ইজৰাইলৰ বাহিনীয়ে দক্ষিণ লেবাননৰ হিজবুল্লাহৰ সুৰংগত উপস্থিত হয়। যিটো ৰাষ্ট্ৰসংঘৰ পোষ্টৰ পৰা ২০০ মিটাৰ দূৰত। সেই ঠাই পৰা সেনাই হিজবুল্লাহৰ বহু ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰে। আনহাতে, গাজাতো ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। আনকি দেওবাৰে নিশাও ইজৰাইল সেনাই নুসিৰাটৰ এখন বিদ্যালয়ত ব্যাপক আক্ৰমণ চলায় আৰু সেই আক্ৰমণত কমেও ২০জন পেলেষ্টাইনী নিহত হয়।