৩ অক্টোবৰৰ আৰম্ভ হ’ল আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৪। ৰাজনৈতিক অস্থিৰতাৰ বাবে এই বৃহৎ প্ৰতিযোগিতাখন বাংলাদেশৰ পৰা ইউ এ ই-লৈ স্থানান্তৰিত কৰা হ’ল । ভাৰতীয় দলটোৱে আজি (৪ অক্টোবৰ) প্ৰতিযোগিতাখনত অভিযান আৰম্ভ কৰিব । হৰমনপ্ৰাত কৌৰৰ নেতৃত্বত দলটোৱে আজিৰ প্ৰথমখন মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব । ইফালে ৬ অক্টোবৰত (দেওবাৰ) ডুবাইত ভাৰতৰ মুখামুখি হ’ব পাকিস্তান ।

ইংলেণ্ড, অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজৰ উপৰিও ভাৰতীয় দলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে যে দলটোৱে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন জিকিবলৈ চেষ্টা কৰিব । ভাৰতীয় দলটোক এইবাৰ প্ৰতিযোগিতাখনত জয়লাভৰ বাবে ফেভাৰিট দল হিচাপে গণ্য কৰা হৈছে ।
ইফালে শ্বাৰজাহত ৩ অক্টোবৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ উদ্বোধনী মেচখনত বাংলাদেশে প্ৰতিযোগিতাখনৰ নৱাগত দল স্কটলেণ্ডক ১৬ ৰাণত পৰাস্ত কৰে । গ্ৰুপ এ আৰু গ্ৰুপ বি-ত বিভক্ত মুঠ ১০ টা দলে নৱম সংস্কৰণৰ মহিলা টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছে । ১৮ দিনত ২৩ খন মেচ হ’ব আৰু ফাইনেল মেচ ২০ অক্টোবৰত অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমটো বিজয়ী দল আছিল ইংলেণ্ড, যিয়ে ২০০৯ চনত এই খিতাপ দখল কৰিছিল । আনহাতে অষ্ট্ৰেলিয়াই ২০১০, ২০১২, ২০১৪, ২০১৮, ২০২০, ২০২৩ চনত সৰ্বাধিকবাৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে । আনহাতে ২০১৬ চনত ৱেষ্ট ইণ্ডিজে খিতাপ দখল কৰিছিল । টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন ২০২০ চনত আছিল, যেতিয়া ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল । য’ত অষ্ট্ৰেলিয়াই ৮৫ ৰানত দলটোক পৰাস্ত কৰিছিল ।