জঈছ-ঈ-মহম্মদৰে জড়িত ৯ মৌলবাদীক গ্ৰেপ্তাৰক লৈ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা ডাঙৰ মন্তব্য । জঈছ-ঈ-মহম্মদৰ ৭ জনেই অসমৰ গোৱালপাৰাৰ। এই ঘটনাই প্ৰমাণ কৰিছে অসমত মৌলবাদীৰ ঘাটি সক্ৰিয় হৈ আছে । তেওঁ লগতে কয় যে মৌলবাদীৰ পৰা যে প্ৰত্যাহ্বান আহিছে ই সত্য।গোৱালপাৰাৰ এই ঘটনাই দীৰ্ঘদিনৰ পৰা অসমত মৌলবাদী থকা বুলি কৈ অহা কথাটো প্ৰমাণিত হ’ল। NIA ৰাষ্ট্ৰজুৰি অভিযান চলালেই অসমৰ মৌলবাদী ধৰা পৰে । কিন্তু অসমবাসীয়ে মৌলবাদীৰ পৰা সাৱধানে থকাৰ প্ৰয়োজন আছে । সোণাপুৰৰ উচ্ছেদৰ সময়ত যিসমূহ শ্লোগান দিয়া হৈছিল তাৰ পৰা প্ৰমাণ হয় অসমৰ কৰবাত নহয় কৰবাত মৌলবাদী প্ৰশিক্ষণ চলি আছে। কচুতলীৰ ঘটনাইও প্ৰমাণ কৰিছে অসমত অনাগত ১০-১৫ বছৰত খিলঞ্জীয়া জীয়াই থাকিবলৈ চিন্তা হ’ব। খিলঞ্জীয়া লোকসকলে গভীৰ অনিশ্চয়তাত জীৱন যাপন কৰিব লাগিব।