প্লাষ্টিক মুক্ত পৃথিৱীৰ সপোন
গোলকীয় উষ্ণতা বৃদ্ধি, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, বিলুপ্তপ্ৰায় প্ৰাণী আৰু চৰাইৰ সংখ্যাৰ পৰা পৰিৱেশ সংৰক্ষণ কিমান গুৰুত্বপূৰ্ণ সেয়া অনুমান কৰিব পাৰি । পৰিবেশ সংৰক্ষণ নকৰিলে পৃথিৱীত জীৱন কষ্টকৰ হৈ পৰিব । সেইবাবেই প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ।
পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ বাবে আৰু প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ বাবে মানুহক অনুপ্ৰাণিত কৰিবলৈ প্ৰতিবছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । ১৯৭২ চনৰ পৰা ৰাষ্ট্ৰসংঘই এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি অহা হৈছে । এই বিশেষ দিনটো প্ৰতি বছৰে এটা বিশেষ বিষয়বস্তুৰে পালন কৰা হয়, য’ত পৰিৱেশৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয় ।
বিশ্ব পৰিৱেশ দিৱস ২০২৫ৰ বিষয়বস্তু-
২০২৫ চনৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱা’ (End Plastic Pollution) । প্লাষ্টিক মুক্ত পৃথিৱীৰ সপোনৰ দিশত এখোজ আগুৱাবলৈ এই বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এই বিষয়বস্তুটো বাছনি কৰা হৈছে কাৰণ প্লাষ্টিক প্ৰদূষণ আজি বিশ্বৰ অন্যতম বৃহৎ পৰিৱেশজনিত সমস্যা হৈ পৰিছে । প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধিয়ে আমাৰ পৰিৱেশ বিপদত পেলাইছে । ইয়াৰ বাবে জীৱ-জন্তুৱেও বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু মাইক্ৰ’প্লাষ্টিক মানুহৰ স্বাস্থ্যৰ বাবেও মাৰাত্মক বুলি প্ৰমাণিত হৈছে ।
প্ৰতি বছৰে কেইবা নিযুত টন প্লাষ্টিক ব্যৱহাৰ কৰা হয়, যাৰ অতি সৰু অংশহে পুনঃব্যৱহাৰ কৰা হয় । লগতে প্লাষ্টিকৰ অৱক্ষয় নহয়, অৰ্থাৎ ই পচি নাযায় আৰু মাটিত মিহলি হৈ নাযায় । যাৰ বাবে প্লাষ্টিক প্ৰদূষণ দ্ৰুতগতিত বৃদ্ধি পাইছে । সাগৰত বহু প্লাষ্টিক পেলাই দিয়া হৈছে, যাৰ ফলত সাগৰীয় প্ৰাণীৰ সমস্যাৰ সৃষ্টি হৈছে । গতিকে প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় । লগতে ভৱিষ্যত প্ৰজন্মক এখন প্লাষ্টিক মুক্ত পৃথিৱী দি থৈ যোৱাটো আমাৰ সকলোৰে কৰ্তব্য ।
৫ জুনত কিয় পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ?
৫ জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে বাছনি কৰা হৈছিল কাৰণ ১৯৭২ চনৰ এই দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় প্ৰথমখন বিশ্ব সন্মিলনৰ আয়োজন কৰিছিল, যাক ষ্টকহ’ম সন্মিলন বুলি জনা যায় । এই সন্মিলনত বহু দেশে অংশগ্ৰহণ কৰি পৰিৱেশৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে । ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP) প্ৰতিষ্ঠা কৰা হয় আৰু ৫ জুন তাৰিখটোক বিশ্ব পৰিবেশ দিৱস হিচাপে ঘোষণা কৰা হয় ।
লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়; জানক ইয়াৰ ইতিহাস আৰু এইবাৰৰ বিষয়বস্তু