প্লাষ্টিক মুক্ত পৃথিৱীৰ সপোন; আজি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস

প্লাষ্টিক মুক্ত পৃথিৱীৰ সপোন

গোলকীয় উষ্ণতা বৃদ্ধি, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, বিলুপ্তপ্ৰায় প্ৰাণী আৰু চৰাইৰ সংখ্যাৰ পৰা পৰিৱেশ সংৰক্ষণ কিমান গুৰুত্বপূৰ্ণ সেয়া অনুমান কৰিব পাৰি । পৰিবেশ সংৰক্ষণ নকৰিলে পৃথিৱীত জীৱন কষ্টকৰ হৈ পৰিব । সেইবাবেই প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ।

পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ বাবে আৰু প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ বাবে মানুহক অনুপ্ৰাণিত কৰিবলৈ প্ৰতিবছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । ১৯৭২ চনৰ পৰা ৰাষ্ট্ৰসংঘই এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি অহা হৈছে । এই বিশেষ দিনটো প্ৰতি বছৰে এটা বিশেষ বিষয়বস্তুৰে পালন কৰা হয়, য’ত পৰিৱেশৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয় ।

বিশ্ব পৰিৱেশ দিৱস ২০২৫ৰ বিষয়বস্তু-

২০২৫ চনৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱা’ (End Plastic Pollution) । প্লাষ্টিক মুক্ত পৃথিৱীৰ সপোনৰ দিশত এখোজ আগুৱাবলৈ এই বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এই বিষয়বস্তুটো বাছনি কৰা হৈছে কাৰণ প্লাষ্টিক প্ৰদূষণ আজি বিশ্বৰ অন্যতম বৃহৎ পৰিৱেশজনিত সমস্যা হৈ পৰিছে । প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধিয়ে আমাৰ পৰিৱেশ বিপদত পেলাইছে । ইয়াৰ বাবে জীৱ-জন্তুৱেও বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু মাইক্ৰ’প্লাষ্টিক মানুহৰ স্বাস্থ্যৰ বাবেও মাৰাত্মক বুলি প্ৰমাণিত হৈছে ।

প্ৰতি বছৰে কেইবা নিযুত টন প্লাষ্টিক ব্যৱহাৰ কৰা হয়, যাৰ অতি সৰু অংশহে পুনঃব্যৱহাৰ কৰা হয় । লগতে প্লাষ্টিকৰ অৱক্ষয় নহয়, অৰ্থাৎ ই পচি নাযায় আৰু মাটিত মিহলি হৈ নাযায় । যাৰ বাবে প্লাষ্টিক প্ৰদূষণ দ্ৰুতগতিত বৃদ্ধি পাইছে । সাগৰত বহু প্লাষ্টিক পেলাই দিয়া হৈছে, যাৰ ফলত সাগৰীয় প্ৰাণীৰ সমস্যাৰ সৃষ্টি হৈছে । গতিকে প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় । লগতে ভৱিষ্যত প্ৰজন্মক এখন প্লাষ্টিক মুক্ত পৃথিৱী দি থৈ যোৱাটো আমাৰ সকলোৰে কৰ্তব্য ।

৫ জুনত কিয় পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ?

৫ জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে বাছনি কৰা হৈছিল কাৰণ ১৯৭২ চনৰ এই দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় প্ৰথমখন বিশ্ব সন্মিলনৰ আয়োজন কৰিছিল, যাক ষ্টকহ’ম সন্মিলন বুলি জনা যায় । এই সন্মিলনত বহু দেশে অংশগ্ৰহণ কৰি পৰিৱেশৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে । ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP) প্ৰতিষ্ঠা কৰা হয় আৰু ৫ জুন তাৰিখটোক বিশ্ব পৰিবেশ দিৱস হিচাপে ঘোষণা কৰা হয় ।

লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়; জানক ইয়াৰ ইতিহাস আৰু এইবাৰৰ বিষয়বস্তু

বৰষুণ আৰু শিলাবৃষ্টিৰ বিধ্বংসী ৰূপ… ২ জনৰ মৃত্যু, ৬৭ জন আহত; ক্ষতিগ্ৰস্ত ছশৰো অধিক ঘৰ

বিগত ২৪ ঘণ্টাত ওড়িশাত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিয়ে বহু জিলাত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ফলত দুজন লোক নিহত হোৱাৰ বিপৰীতে ৬৭ জন আহত হয় । একে সময়তে ছশৰো অধিক ঘৰৰ ক্ষতিসাধন হৈছে ।

বজ্ৰপাতৰ ফলত দুজন নিহত, আহত কেইবাজনো-

শনিবাৰে গঞ্জাম আৰু পুৰী জিলাত বজ্ৰপাতৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে । একে সময়তে ময়ুৰভঞ্জ জিলাত শিলাবৃষ্টিৰ ফলত ৬৭ জন লোক আহত হয় । ইয়াৰে ৭ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

গঞ্জাম জিলাৰ পাত্ৰপুৰ ব্লকৰ নাৰায়ণপুৰ গাঁৱত বজ্ৰপাতৰ ফলত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয় । ঘৰলৈ উভতি আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । পুৰী জিলাৰ গোবৰধনপুৰ গাঁৱত বজ্ৰপাতৰ খুন্দাত ২৩ বছৰীয়া এজন লোকৰো মৃত্যু হয় । মাক-দেউতাকৰ লগত পথাৰৰ পৰা পানী উলিয়াবলৈ যোৱাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হয় ।

শিলাবৃষ্টিৰ ধুমুহাৰ বিধ্বংসী ৰূপ-

ময়ুৰভঞ্জ জিলাত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত ছশৰো অধিক ঘৰৰ ক্ষতিসাধন হয় । জিলা প্ৰশাসনে কয় যে বিছয় আৰু বাংগীৰিপোছি ব্লকত ৩৫০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ২৫০টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । বিছয়ৰ ১৮খন গাঁও আৰু বাংগীৰিপোছিৰ ৩৯খন গাঁও এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

সাহায্যৰ কাম আৰম্ভ, শীঘ্ৰেই দিয়া হ’ব ক্ষতিপূৰণ-

ময়ূৰভঞ্জৰ জিলা উপায়ুক্ত হেমা কান্ত ছায়ে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰ্বাসন অভিযান আৰম্ভ কৰা হৈছে । ক্ষতিগ্ৰস্ত পৰিয়ালক তিৰপাল, ৰন্ধা আৰু শুকান খাদ্য যোগান ধৰা হৈছে ।