ভাৰতীয় দলৰ পৰৱৰ্তী মেচ কেতিয়া ?
ভাৰত আৰু ইংলেণ্ডৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পিছত ভাৰতৰ বাংলাদেশ ভ্ৰমণ ২০২৬ চনলৈ পিছুৱাই দিয়াৰ লগে লগে বৰ্তমানৰ পৰিস্থিতি অনুসৰি আগষ্ট মাহত ভাৰতীয় দলটোৱে আৰু ক্ৰিকেট নেখেলে । ভাৰতীয় দলটোৰ পৰৱৰ্তী প্ৰতিযোগি হ’ব ২০২৫ চনৰ এছিয়া কাপ, যিখন সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’ব । টেষ্ট ক্ৰিকেটত ভাৰতীয় দলক পৰৱৰ্তী সময়ত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা দুখন মেচৰ শৃংখলা খেলা দেখা যাব ।
দুয়োখন টেষ্ট শৃংখলাৰ মাজত দলটোৱে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । ভাৰতে টি-২০ বিশ্বকাপৰ পূৰ্বে দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে দুয়োখন হোৱাইট বল ফৰ্মেটতে ঘৰুৱা শৃংখলা খেলিব ।
২০২৬ চনৰ টি-২০ বিশ্বকাপলৈ ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক খেলসমূহৰ সম্পূৰ্ণ সূচী-
এছিয়া কাপ ৯-২৮ ছেপ্টেম্বৰ, ২০২৫ টি২০ ফৰ্মেটত ইউ এ ইত অনুষ্ঠিত হ’ব ।
ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ২-১৪ অক্টোবৰ, ২০২৫, ২ খন টেষ্ট মেচ ভাৰতত অনুষ্ঠিত হ’ব ।
ভাৰত বনাম অষ্ট্ৰেলিয়া ১৯ অক্টোবৰ-৮ নৱেম্বৰ, ২০২৫, ৩ এদিনীয়া, ৫ খন টি-২০ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ।
ভাৰত বনাম দক্ষিণ আফ্ৰিকা ১৪ নৱেম্বৰ-১৯ ডিচেম্বৰ, ২০২৫, ২ খন টেষ্ট, ৩ খন এদিনীয়া, ৫ খন টি-২০ ভাৰতত অনুষ্ঠিত হ’ব ।
ভাৰত বনাম নিউজীলেণ্ড ১১-৩১ জানুৱাৰী, ২০২৬ ৩ খন এদিনীয়া, ৫ খন টি-২০ ভাৰতত অনুষ্ঠিত হ’ব ।
টি-২০ বিশ্বকাপ ২০২৬ ফেব্ৰুৱাৰী-মাৰ্চ ২০২৬ টি-২০ ফৰ্মেটত ভাৰত/শ্ৰীলংকাত অনুষ্ঠিত হ’ব ।
অ’ভেল টেষ্টত ভাৰতৰ জয়লাভ-
কেনিংটন অ’ভেলত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত ভাৰতে ৬ ৰানত জয়লাভ কৰে । পঞ্চমখন টেষ্টত জয়লাভ কৰি টিম ইণ্ডিয়াই ২-২ ব্যৱধানত শৃংখলা সমাপ্ত কৰে । টছ হেৰুৱাই বেটিং কৰিবলৈ ওলাই অহাৰ পাছত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ২২৪ ৰানহে কৰিবলৈ সক্ষম হৈছিল । এই ইনিংছত কৰুণ নায়াৰে ৫৭ ৰান সংগ্ৰহ কৰে যদিও দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যাব নোৱাৰিলে । ইংলেণ্ডৰ হৈ এই ইনিংছত গাছ এটকিনছনে সৰ্বাধিক ৫টা উইকেট দখল কৰাৰ বিপৰীতে জোছ টংগে তিনিটা উইকেট দখল কৰে ।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডে প্ৰথম ইনিংছত ২৪৭ ৰান সংগ্ৰহ কৰি ২৩ ৰানত সামান্য অগ্ৰগতি লাভ কৰে । ইংলেণ্ডৰ হৈ জেক ক্ৰ’লিয়ে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হেৰী ব্ৰুকে দলৰ একাউণ্টত ৫৩ ৰানৰ অৰিহণা যোগায় । ভাৰতৰ হৈ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে আকাশ দীপে এটা উইকেট দখল কৰে ।
লগতে পঢ়ক : কোটি কোটি ভাৰতীয় অনুৰাগীৰ বাবে সুখবৰ; খেলপথাৰত নামিবলৈ সাজু বিৰাট কোহলী