সূৰ্য্য নুমাই গ’লে অন্ত পৰিব নেকি সৌৰজগতৰ ?
কেতিয়াবা বাৰু আপোনাৰ মনলৈ আহিছেনে যে, সদায় জ্বলি থকা, আমাক পোহৰ দি থকা সূৰ্য্যটো যদি এদিন হঠাৎ নুমাই যায় তেন্তে কি হ’ব ? এই প্ৰশ্নটো আচৰিত যেন লাগে, কিন্তু যদি সঁচায়ে এনেকুৱা হয় তেন্তে সকলো শেষ হৈ যাব নেকি ? পৃথিৱীখন ধ্বংস হৈ যাব নেকি ? মহাকাশত থকা মহাকাশচাৰীসকল জীয়াই থাকিব পাৰিবনে ? লগতে আমাৰ সমগ্ৰ সৌৰজগতখন চিৰদিনৰ বাবে শেষ হৈ যাব নেকি ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাইভ চাইন্সৰ এক প্ৰতিবেদনত দিয়া হৈছে, যি জনাৰ পাছত আচৰিত হৈ পৰিব আপুনি ।
সূৰ্য্য কেৱল পোহৰ আৰু তাপ প্ৰদান কৰা নক্ষত্ৰ নহয় । ই সৌৰজগতৰ কেন্দ্ৰ আৰু ইয়াৰ মহাকৰ্ষণ বলে পৃথিৱীকে ধৰি সকলো গ্ৰহকে নিজৰ কক্ষপথত ৰাখে । ৪.৬ বিলিয়ন বছৰ ধৰি সূৰ্য্য জ্বলি আছে আৰু প্ৰায় ৫ বিলিয়ন বছৰ ধৰি সূৰ্য্য জ্বলি থাকিব । কিন্তু এদিন যেতিয়া ইয়াৰ ইন্ধন অৰ্থাৎ হাইড্ৰজেন শেষ হ’ব, তেতিয়া সৌৰজগতৰ ধ্বংস আৰম্ভ হ’ব ।
সূৰ্য্য নুমাই গ’লে কি হ’ব ?
সূৰ্য্য নুমাই যোৱাৰ প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হ’ব । প্ৰথমে ই ৰঙা দৈত্যলৈ পৰিণত হ’ব আৰু ইয়াৰ পৰিসৰৰ বুধ আৰু শুক্ৰৰ দৰে গ্ৰহ গিলি পেলাব । পৃথিৱীখনো ই গিলি পেলোৱাৰ সম্ভাৱনা আছে । গিলি নেপেলালেও পৃথিৱীৰ পৃষ্ঠৰ পৰা জীৱন নোহোৱা হৈ যাব । গৰম নাথাকিব, পোহৰ নাথাকিব, মাথোঁ বৰফ আৰু আন্ধাৰ বাকী থাকিব ।
তিনিটা স্তৰত হ’ব ধ্বংস-
সূৰ্য্যৰ অবিহনে তাপমাত্ৰা শূণ্যৰ পৰা শ শ ডিগ্ৰী তললৈ নামি যাব । সাগৰবোৰ বৰফ হৈ পৰিব, বতাহ বন্ধ হৈ যাব আৰু জীৱন সম্পূৰ্ণৰূপে ধ্বংস হ’ব ।
মহাকাশচাৰীসকল যিকোনো মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থাকিব । তাত শক্তি আৰু অক্সিজেনৰ অভাৱত তেওঁলোকৰ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব ।
সূৰ্য্যৰ মাধ্যাকৰ্ষণ শক্তি শেষ হোৱাৰ লগে লগে সকলো গ্ৰহ নিজৰ কক্ষপথ এৰি যাব । বিশ্বব্ৰহ্মাণ্ডত সংঘৰ্ষ আৰু টুকুৰা-টুকুৰ বিভাজনৰ পৰিঘটনা বৃদ্ধি পাব ।
ইয়াৰ পিছত কি হ’ব ?
অৱশেষত সূৰ্য্যটো এটা সৰু কিন্তু অতি ঘন আৰু ঠাণ্ডা গোলকলৈ পৰিণত হ’ব । তেতিয়ালৈকে সৌৰজগতখন বৰফৰ কবৰস্থান হৈ পৰিব । যদিও বৃহস্পতিৰ দৰে গেছৰ দৈত্য আৰু অ’ৰ্ট ক্লাউডৰ বস্তুৱে এতিয়াও ইয়াক প্ৰদক্ষিণ কৰিব । কিন্তু জীৱন হৈ পৰিব ইতিহাস ।
জ্যোতিৰ্বিজ্ঞানী এলান ষ্টাৰনৰ মতে এক প্ৰকাৰে এইটোৱেই হৈছে সৌৰজগতৰ অন্ত । কিন্তু তথাপিও কাৰিকৰীভাৱে ই সম্পূৰ্ণৰূপে শেষ নহ’ব কাৰণ বিশ্বব্ৰহ্মাণ্ডত শেষ হোৱাটো কোনো স্থায়ী অৱস্থা নহয়, বৰঞ্চ এক প্ৰক্ৰিয়াহে । যদি আমি কোটি কোটি বছৰ অপেক্ষা কৰো, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ বিৰল পৰিঘটনা যেনে ছুপাৰন’ভা পাৰ হৈ যোৱা, বা আন এটা তৰাৰ মাধ্যাকৰ্ষণ শক্তিয়ে সৌৰজগতখন টুকুৰা টুকুৰ কৰি পেলোৱা ইত্যাদিও সম্ভৱ । কেৱল এয়াই নহয়, একাংশ বিজ্ঞানীৰ মতে এদিন বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ স্থিৰ কণা প্ৰ’টনবোৰো ধ্বংস হ’ব, অৰ্থাৎ সেইবোৰ নিজাববীয়াকৈ ধ্বংস হ’ব ।
মানুহৰ কি হ’ব ?
সত্যটো হ’ল সূৰ্য্যৰ মৃত্যুৰ বহু আগতেই মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব । হয়তো আমি আন কোনো গ্ৰহত থাকিব পাৰোঁ বা হয়তো আমি একেবাৰেই নাথাকিম । কিন্তু কোনো মানৱ বংশই যদি সেই ঠাণ্ডা অন্ধকাৰ সৌৰজগতলৈ চায় তেন্তে তেওঁলোকে কেৱল ইতিহাসহে দেখিব । দেখা যাব কেৱল জ্বলি থকা সূৰ্য্যৰ ছাই আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা কিছুমান জীয়াই থকা গ্ৰহ ।
লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !