১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস
১৭ বছৰীয়া আয়ুষ মাহাত্ৰেৰ নেতৃত্বত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলটো ইংলেণ্ড ভ্ৰমণত আছে, য’ত ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে ৫খন এদিনীয়া আৰু ২খন মাল্টি ডে মেচ খেলিছে দলটোৱে । ৫ জুলাই ৱৰ্চেষ্টাৰত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন মেচত বৈভৱ সূৰ্য্যবংশীয়ে বিস্ফোৰক শতক অৰ্জন কৰে ।
এই মেচখনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ হৈ বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৫২টা বলত শতক সম্পূৰ্ণ কৰে, এয়া আছিল যুৱ এদিনীয়াত যিকোনো বেটছমেনৰ দ্ৰুততম শতক । বৈভৱ সূৰ্যবংশীয়ে ৭৮টা বলত ১৪৩ ৰান সংগ্ৰহ কৰে, য’ত ১০টা ছয় আৰু ১৩টা চাৰি আছিল । ১৯ বছৰ অনুৰ্ধৰ এদিনীয়া মেচত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয়গৰাকী হৈছে বৈভৱ সূৰ্যবংশী । তেওঁ নিজৰ অভিলেখ উন্নত কৰে ।
ইয়াৰ পূৰ্বে বৈভৱ সূৰ্যবংশীয়ে ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয়খন এদিনীয়া খেলত মাত্ৰ ৩১টা বলত ৮৬ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত সূৰ্যবংশীয়ে ছটা চাৰি আৰু ৯টা ছয় কোবাই । ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ১৪ বছৰীয়া বৈভৱে ।
ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে বৈভৱৰ স্ক’ৰ-
১ম এদিনীয়া – ৪৮ ৰান
২য় এদিনীয়া – ৪৫ ৰান
৩য় এদিনীয়া – ৮৬ ৰান
৪ৰ্থ এদিনীয়া – ১৪৩ ৰান
ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দল : আয়ুষ মাহাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (সহ-অধিনায়ক/উইকেটকীপাৰ), হৰবংশ সিং পাংগলিয়া (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, হেনিল পেটেল, কনিষ্ক চৌহান, মৌল্যৰাজসিং চাৱদা, যুধজীত গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ এনান, আনমোলজিৎ সিং, নমন পুষ্পক, দীপেশ দেৱেন্দ্ৰন ।
লগতে পঢ়ক : পুনৰ গৰজিল শুভমন গীলৰ বেটে; দ্বি শতকৰ পাছত পুনৰ খেলিলে শতকীয় ইনিংছ