‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বৃহস্পতিবাৰে ঘোষণা কৰে যে মধ্য আমেৰিকাৰ একাংশ নাগৰিকৰ ওপৰত নতুন ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ইচ্ছাকৃতভাৱে চীনৰ কমিউনিষ্ট পাৰ্টিৰ হৈ কাম কৰি অঞ্চলটোৰ আইন শাসনক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোনো ব্যক্তিৰ নাম বা দেশৰ কথা উল্লেখ কৰা হোৱা নাই।
কিন্তু ৰুবিঅ’ই ক’লে যে যিসকল লোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব,পৰিয়ালৰ লগতে তেওঁলোকক আৰু আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
ৰুবিঅ’ই কৈছে যে,‘আমেৰিকাই মধ্য আমেৰিকাত চীনৰ দুৰ্নীতিগ্ৰস্ত প্ৰভাৱ প্ৰতিহত কৰিবলৈ কাম কৰি আছে আৰু নিজৰ আইন দুৰ্বল কৰাৰ প্ৰচেষ্টা বিফল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
এই কাৰণেই এতিয়া এনে ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালক আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হ’ব’ ৷এই পদক্ষেপ ইমিগ্ৰেচন আৰু জাতীয়তা আইনৰ ২১২(ক)(৩)(গ) ধাৰাত গ্ৰহণ কৰা হৈছে।
ইয়াৰ অধীনত ইচ্ছাকৃতভাৱে এনে কাম-কাজ চলোৱাসকলৰ ওপৰত বাধা আৰোপ কৰা হ’ব যিয়ে অঞ্চলটোৰ গণতান্ত্ৰিক গাঁথনি দুৰ্বল কৰি তোলে।
ৰুবিঅ’ই লগতে কয় যে এই সিদ্ধান্তই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে,যিসকলে আমেৰিকাৰ অৰ্থনৈতিক সমৃদ্ধি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ ল’ব বিচাৰে।
ৰুবিঅ’ৰ মতে, এই নতুন পদক্ষেপে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ৱাশ্বিংটন অঞ্চলৰ নিৰাপত্তা আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ উপলব্ধ প্ৰতিটো উপায় ব্যৱহাৰ কৰিব।
লগতে পঢ়ক: নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ