পাৰ্ল হাৰ্বাৰ আক্ৰমণ
দেওবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তিনি বছৰীয়া যুদ্ধই শেহতীয়াকৈ নতুন আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইউক্ৰেইনে ৰাছিয়াত প্ৰৱেশ কৰি দেশখনৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ‘অপাৰেচন স্পাইডাৰ ৱেব’ চলাইছিল, য’ত ৰাছিয়াৰ কেইবাখনো বোমাৰু বিমান সম্পূৰ্ণৰূপে ধ্বংস হয় । ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থা এছ বি ইউয়ে ট্ৰাকত লুকুৱাই থোৱা ড্ৰোনৰ জৰিয়তে এই আক্ৰমণ চলাইছিল । ট্ৰাকসমূহ খোলাৰ লগে লগে ড্ৰোনসমূহ উৰি গৈ ৰাছিয়াৰ মাটিত ধ্বংসলীলাৰ সৃষ্টি কৰে ।
এই আক্ৰমণে এতিয়া সকলোকে ইতিহাসৰ এটা অন্ধকাৰ অধ্যায়ৰ কথা মনত পেলাই দিছে আৰু এই আক্ৰমণক সেই ঘটনাৰ সৈতে জড়িত কৰা হৈছে । ১৯৪১ চনত জাপানে আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত আক্ৰমণ চলাইছিল । সেই সময়ত আমেৰিকাত যেনেকৈ আকাশৰ পৰা হঠাতে ধ্বংসলীলাৰ সৃষ্টি হৈছিল, একেদৰে ৰাছিয়াও এতিয়া নিজৰ সীমাৰ ভিতৰত ইউক্ৰেইনৰ মাৰাত্মক ড্ৰোন আক্ৰমণৰ সন্মুখীন হৈছে । গতিকে জানক পাৰ্ল হাৰ্বাৰত এনে কি হৈছিল যিয়ে ৮০ বছৰতকৈয়ো অধিক সময়ৰ পাছতো যিকোনো ‘ছাৰপ্ৰাইজ এটেক’ অথবা আকস্মিক আক্ৰমণৰ প্ৰেক্ষাপটক পুনৰ চৰ্চালৈ আনিছে ।
কি আছিল পাৰ্ল হাৰ্বাৰ আক্ৰমণ-
১৯৪১ চনৰ ৭ ডিচেম্বৰৰ পুৱা হাৱাইৰ অ’আহুত থকা আমেৰিকাৰ নৌসেনাৰ পাৰ্ল হাৰ্বাৰ ঘাটিত সকলো স্বাভাৱিক আছিল । সাগৰৰ মাজত চাৰিওফালে সূৰ্য্যৰ ৰশ্মি জিলিকি উঠিছিল । সৈনিকসকলেও নিজৰ নিজৰ দৈনন্দিন কৰ্তব্যত ব্যস্ত আছিল । কিন্তু পুৱা ঠিক ৭:৪৮ বজাত আকাশৰ পৰা হঠাৎ আৰম্ভ হৈছিল মৃত্যুৰ তাণ্ডৱ ।
জাপানৰ ইম্পেৰিয়েল নেভিৰ ১৭৭খন যুদ্ধ বিমানে হঠাতে পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰে । এনে এক ভয়ংকৰ আক্ৰমণ হ’ব বুলি কাৰো ধাৰণা নাছিল । জাপানী বিমানবোৰে দুটা ভাগত বিভক্ত হৈ আক্ৰমণ চলাইছিল । কোনোৱে বিমানপথ আৰু ৰখাই থোৱা বিমানক লক্ষ্য কৰি লোৱাৰ বিপৰীতে একাংশই বন্দৰত থকা বিশাল যুদ্ধজাহাজবোৰত টৰ্পেডো আৰু বোমা বৰ্ষণ কৰিবলৈ আৰম্ভ কৰে ।
পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ প্ৰথম পাঁচ মিনিটত আমেৰিকাৰ চাৰিখন যুদ্ধ জাহাজৰ বেয়াকৈ ক্ষতিসাধন হয় । প্ৰথম লক্ষ্য আছিল ইউ এছ এছ ওকলাহোমা আৰু ইউ এছ এছ এৰিজোনা । কেইমিনিটমানৰ পাছত এৰিজোনাৰ যিটো অংশত বাৰুদ ৰখা হৈছিল, সেই অংশটো বোমাৰ প্ৰত্যক্ষ আঘাতৰ বলি হয় । এটা বিশাল বিস্ফোৰণ ঘটি কিছু মুহূৰ্তৰ ভিতৰতে জাহাজখন সাগৰত ডুব যায় । এই এটা আক্ৰমণত ১,১৭৭ জন নৌসেনাৰ জোৱান নিহত হয় ।
প্ৰায় এঘণ্টাৰ পাছত প্ৰায় ১৬৩খন জাপানী বিমানে দ্বিতীয়বাৰৰ বাবে পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰে । এই আক্ৰমণো আছিল অত্যন্ত সঠিক আৰু বিপজ্জনক । প্ৰায় দুঘণ্টাৰ ভিতৰতে ২১খন আমেৰিকাৰ জাহাজ ডুব যায় বা বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ১৮৮খন সামৰিক বিমান ধ্বংস হয় আৰু ২৪০৩জন আমেৰিকান সৈনিক আৰু বিষয়াই এই আক্ৰমণত প্ৰাণ হেৰুৱায় ।
সেই সময়লৈকে আমেৰিকা দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল । দেশখনে কেৱল লেণ্ড-লীজ চুক্তিৰ অধীনত মিত্ৰশক্তিৰ দেশসমূহক অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী যোগান ধৰিছিল যদিও পাৰ্ল হাৰ্বাৰ আক্ৰমণে আমেৰিকাৰ দিশ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰে । ১৯৪১ চনৰ ৮ ডিচেম্বৰত অৰ্থাৎ আক্ৰমণৰ ঠিক পিছদিনা ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে আমেৰিকাৰ সংসদত জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
তাৰ পিছতেই আমেৰিকাই সম্পূৰ্ণৰূপে দ্বিতীয় বিশ্বযুদ্ধত জঁপিয়াই পৰে । এই আক্ৰমণটোৱেই হৈ পৰিল আমেৰিকাক একত্ৰিত কৰা আৰু ইয়াৰ সামৰিক শক্তিক জাগ্ৰত কৰা এক মুহূৰ্ত । এই দিনটোক আমেৰিকাত প্ৰতি বছৰে “পাৰ্ল হাৰ্বাৰ স্মৃতি দিৱস” হিচাপে স্মৰণ কৰা হয় । জাহাজখন ডুব যোৱা ঠাইত এতিয়াও অৱস্থিত ইউ এছ এছ এৰিজোনা মেম’ৰিয়েলত সেইদিনা নিহত হোৱা সৈনিকসকলৰ সাক্ষ্য এতিয়াও আছে । আজিও সেই জাহাজখনৰ পৰা পানীৰ তলত তেলৰ টোপাল লিক হয়, যাক মানুহে “এৰিজোনাৰ ক’লা চকুলো” বুলি কয় ।
ৰাছিয়াই চলাব নেকি পাৰমাণৱিক আক্ৰমণ ?
চাৰি বছৰীয়া সংঘাতৰ সময়ছোৱাত ৰাছিয়াই এবাৰৰ বাবে হ’লেও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি দিছে । ১ জুনত হোৱা এই আক্ৰমণ এটা ডাঙৰ সমস্যা কাৰণ ইয়াত ৰাছিয়াৰ কৌশলগত বোমাৰু বিমানৰ বহৰক লক্ষ্য কৰি লোৱা হৈছিল । অৰ্থাৎ যুদ্ধৰ ক্ষেত্ৰত এতিয়া ৰাছিয়াত পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰিবলৈ পূৰ্বতকৈ কম বিমান আছে । ১ জুনত ইউক্ৰেইনৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ ভাবুকি দিছে ৰাছিয়ান সেনাই । আক্ৰমণৰ কিছু সময়ৰ পিছতে ১ জুনত ৰাছিয়াই ইউক্ৰেইনক লক্ষ্য কৰি ৪০০ৰো অধিক ড্ৰোন নিক্ষেপ কৰে ।
যিহেতু ইউক্ৰেইনৰ এই ভয়ংকৰ আক্ৰমণক পাৰ্ল হাৰ্বাৰৰ দৰে বুলি আখ্যা দিয়া হৈছে য়িয়ে গতি সলনি কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ । তাৰ পিছতেই বিশ্বত বহুতেই এতিয়া তৃতীয় বিশ্বযুদ্ধ প্ৰকট হোৱাৰ আশাংকা ব্যক্ত কৰিছে । পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ পিছত আমেৰিকাই যুদ্ধত সক্ৰিয়ভাৱে অংশ লৈ জাপানৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাইছিল । অৱশেষত জাপানক আত্মসমৰ্পণৰ বাবে বাধ্য কৰাবলৈ তথা দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলাবলৈ ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত আমেৰিকাই ক্ৰমে হিৰোছিমা আৰু নাগাছাকিত মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰমাণু বোমা নিক্ষেপ কৰে । ইয়াৰ পাছতে জাপানে আত্মসমৰ্পণ কৰে আৰু লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে ।
ইউক্ৰেইনৰ এই আক্ৰমণৰ পিছতেই এতিয়া মহাশক্তিধৰ ৰাছিয়াই পৰমাণু বোমা ব্যৱহাৰ কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে একাংশই ।
লগতে পঢ়ক : ৰাছিয়াৰ বিমানঘাটিত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ; ৪০খন বোমাৰু বিমান ধ্বংস কৰাৰ দাবী