ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী
শনিবাৰে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ লেমীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত তেওঁলোকে সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শনিবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত উপস্থিত হয় লেমী । ব্ৰিটিছ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত তেওঁৰ দেশ ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে । লগতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে লেমীয়ে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ সফল সম্পাদনত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই মাইলৰ খুঁটিত উপনীত হ’বলৈ দুয়োপক্ষৰ গঠনমূলক সহযোগিতাৰ শলাগ লয় । বিবৃতিটোত কোৱা হৈছে যে দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে । লেমীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, উদ্ভাৱন আৰু স্বচ্ছ শক্তিকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আৰু অধিক বৃদ্ধিৰ বাবে ব্ৰিটেইনৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰে ।
এফ টি এয়ে দুয়োখন দেশৰ বাবে নতুন অৰ্থনৈতিক সুযোগ মুকলি কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে । বিবৃতিটোত আৰু কোৱা হৈছে যে দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত মত বিনিময় কৰে । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হয় লেমী । জয়শংকৰে কয়, ভাৰতে আশা কৰিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতি ব্ৰিটেইনে বুজিব ।
ব্ৰিটিছ উচ্চায়ুক্তত দিয়া এক সাক্ষাৎকাৰত ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰী লেমীয়ে কয় যে যোৱা মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা সম্পূৰ্ণ হৈছে । আমাৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে অতি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰি মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী । দুয়োখন দেশে একেলগে বহু কাম কৰিব পাৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে বিশ্বৰ পঞ্চম আৰু ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ মাজত ব্যৱসায়ৰ প্ৰসাৰৰ বিষয়েও আলোচনা কৰা হয় ।