ট্ৰাম্পৰ শুল্ক ধমকি
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপলৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে।ট্ৰাম্পে কয় যে যদি আমেৰিকাত বিক্ৰী হোৱা আইফোনসমূহ আমেৰিকাত নিৰ্মিত নহয়, তেন্তে কোম্পানী সমূহে ২৫ শতাংশ শুল্ক দিব লাগিব। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বৃদ্ধি পাব নেকি আইফোনৰ দাম।
জানিব পৰা মতে যদি ডনাল্ড ট্ৰাম্পে ২৫ শতাংশ শুল্ক বৃদ্ধিও কৰে তথাপিও ভাৰতত নিৰ্মিত আইফোন আমেৰিকাৰ বজাৰত সুলভ হৈ থাকিব।
ভাৰতত নিৰ্মিত আইফোনৰ ওপৰত যদি ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়, তেতিয়াও আমেৰিকাত নিৰ্মিত আইফোনতকৈ উৎপাদন খৰচ কম হ’ব।
এই ফোনসমূহৰ ওপৰত শুল্ক আৰোপ কৰিলেও ভাৰতত উৎপাদন অৰ্থনৈতিকভাৱে লাভজনক হ’ব।ইয়াৰ বাবে প্ৰতিবেদনত আইফোনৰ মূল্য শৃংখল ভাঙি পেলোৱা হৈছে।
১০০০ ডলাৰৰ আইফোনত এপলৰ মাৰ্জিন সৰ্বাধিক। ইয়াৰে কোম্পানীটোৱে ৪৫০ ডলাৰ লাভ কৰে।
কোৱালকম আৰু বৰ্ডকমৰ দৰে আমেৰিকান কম্পোনেণ্ট নিৰ্মাতাই প্ৰতিটো ফোনত ৮০ ডলাৰ লয়, আনহাতে টাইৱানৰ চিপ নিৰ্মাতাসকলে ১৫০ ডলাৰ লয়।
যদিও চীন আৰু ভাৰত আইফোন নিৰ্মাণৰ ক্ষেত্ৰত ডাঙৰ খেলুৱৈ, তথাপিও তেওঁলোকৰ উপাৰ্জন প্ৰতি ইউনিটত প্ৰায় ৩০ ডলাৰ।
অৰ্থাৎ ভাৰত আৰু চীনে আইফোনৰ মুঠ মূল্যৰ মাত্ৰ ৩ শতাংশহে লাভ কৰে।এই ভিত্তিতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত নিৰ্মিত আইফোনত শুল্ক আৰোপ কৰা হ’লেও সেয়া সুলভ হ’ব।
লগতে পঢ়ক: বলীউডত কান্দোনৰ ৰোল; অভিনেতা মুকুল দেৱ আৰু নাই