সমগ্ৰ বিশ্বতে চৰ্চা ভাৰতীয় মূলৰ যুৱকৰ; যিয়ে ডিজাইন কৰিছে আটাইতকৈ পাতল iPhone Air

ডিজাইন কৰিছে আটাইতকৈ পাতল iPhone Air

Apple এ এই বছৰত মুকলি কৰিছে আটাইতকৈ পাতল iPhone Air। এপলৰ এই আইফোনটো মাত্ৰ ৫.৬মিমি ডাঠ। এপলে ইয়াত প্ৰ’ মডেলৰ বহু বৈশিষ্ট্য প্ৰদান কৰিছে, যাৰ বাবেই ই হৈ পৰে শক্তিশালী আইফোন। এপলৰ এই আইফোনটোৰ আৰম্ভণিৰ মূল্য ১,১৯,৯০০ টকা।

iPhone Air ডিজাইন কৰা ভাৰতীয় মূলৰ ডিজাইনাৰগৰাকীক লৈ বহু চৰ্চা চলি আছে। তেওঁৰ নাম অবিদুৰ চৌধুৰী, যি টেক জায়ান্ট এপলৰ এজন ঔদ্যোগিক ডিজাইনাৰ।

তেওঁ কোম্পানীটোৰ আইফোন এয়াৰক আঁতৰাই ৰাখিবলৈ অত্যন্ত পাতল আৰু টাইটানিয়াম বডিৰে নিৰ্মিত, যাৰ বাবে এই ফোনটোও ওজনত অতি লঘু হৈ পৰিছে।

অবিদুৰ চৌধুৰীৰ জন্ম লণ্ডনত।অৱশ্যে বৰ্তমান তেওঁ আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত থাকে আৰু এপলত ডিজাইনাৰ হিচাপে কাম কৰি আছে।

অবিদুৰ চৌধুৰীয়ে ল’ফব’ৰ’ বিশ্ববিদ্যালয়ৰ পৰা প্ৰডাক্ট ডিজাইনত ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰিছে। পঢ়াৰ সময়ছোৱাত তেওঁ 3D Hubs Students Grand, Kenwood Appliances Award আদি ডাঙৰ ডাঙৰ বঁটা লাভ কৰিছে।

২০১৬ চনত অবিদুৰে প্লেন এণ্ড প্লে ডিজাইনৰ বাবে ৰেড ডট ডিজাইন বঁটাও লাভ কৰে।এপলৰ এই পাতল আইফোনটোৰ ডিজাইনৰ বিষয়ে বহু চৰ্চিত হৈছে।

এই ৫.৬ মিমি পাতল আইফোনত আছে এক অনন্য কেমেৰা মডিউল।এই আইফোনটো ফিজিকেল চিম কাৰ্ড অবিহনে আহে, অৰ্থাৎ ই কেৱল ইচিম সমৰ্থন কৰে।

ইয়াৰ উপৰিও উচ্চ ক্ষমতাসম্পন্ন বেটাৰীটো ফোনটোৰ অতি কম ঠাইত ফিট কৰা হৈছে,যিয়ে এপলৰ এই উদ্ভাৱনী সামগ্ৰীটোক বিশেষ কৰি তুলিছে।

লগতে পঢ়ক: ২০৩৫ৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ, মানৱ মহাকাশ উৰণৰ বাবে সাজু দেশ… ইছৰোৰ মুৰব্বী

IPHONE ব্যৱহাৰকাৰীৰ বাবে সতৰ্কবাণী; ৩০ ছেপ্টেম্বৰৰ পৰা বন্ধ হ’ব…

IPHONE ব্যৱহাৰকাৰীৰ বাবে সতৰ্কবাণী

Truecaller এ ঘোষণা কৰিছে যে তেওঁলোকৰ জনপ্ৰিয় কল ৰেকৰ্ডিং সুবিধা ৩০ ছেপ্টেম্বৰৰ পৰা IPHONE ত বন্ধ হৈ যাব।

এপলে নতুন iOS সংস্কৰণত নিজাকৈ কল ৰেকৰ্ডিং ক্ষমতা প্ৰৱৰ্তন কৰাৰ পিছত এই সিদ্ধান্ত লৈছে, যাৰ বাবে Truecaller ৰ কল ৰেকৰ্ডিং সুবিধা অসাৰ হৈ পৰিছে।

এই নতুন আপডেটৰ বাবে, Truecaller এতিয়া ইয়াৰ মূল ফিচাৰ সমূহ যেনে Live Caller ID আৰু স্বয়ংক্ৰিয় স্পেম কল ব্লক উন্নত কৰাত গুৰুত্ব দিব। উল্লেখ্য যে, Truecaller ৰ কল ৰেকৰ্ডিংৰ সুবিধাও অলপ ব্যয়বহুল আছিল।

IPHONE ত ট্ৰুকলাৰৰ কল ৰেকৰ্ডিং ফিচাৰটো এণ্ড্ৰইড ডিভাইচৰ তুলনাত যথেষ্ট পৃথক আছিল, ইয়াৰ মূল কাৰণ আছিল এপলৰ iOS প্লেটফৰ্মৰ সীমাবদ্ধতা।

যদিও ই আকাংক্ষিত কাৰ্য্যক্ষমতা প্ৰদান কৰিছিল, কিন্তু এই জটিল ৰূপায়ণৰ বাবেই Truecaller ৰ বাবে কাৰ্য্যকৰী খৰচ বেছি আছিল, যিটো আন মোবাইল অপাৰেটিং চিষ্টেমত উপলব্ধ সহজ ৰেকৰ্ডিং পদ্ধতিৰ তুলনাত ব্যয়বহুল আছিল।

ইয়াৰ বাবে সাধাৰণতে ব্যৱহাৰকাৰীয়ে এটা চলি থকা কলটো Truecaller ৰ ৰেকৰ্ডিং লাইনৰ সৈতে একত্ৰিত কৰিব লাগিছিল, যিটো আছিল iOS ৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ এটা ৱৰ্কআৰউণ্ড আছিল।

এতিয়া যেতিয়া নেটিভ কল ৰেকৰ্ডিং উপলব্ধ হৈছে, Truecaller ৰ বাবে নিজৰ ব্যয়বহুল সমাধান বজাই ৰখাৰ কোনো যুক্তি নাই।

ট্ৰুকলাৰে সকলো আইফোনৰ ব্যৱহাৰকাৰীক পৰামৰ্শ দিছে যে তেওঁলোকে যদি কল ৰেকৰ্ডিং বৈশিষ্ট্য ব্যৱহাৰ কৰি আছে তেন্তে ৩০ ছেপ্টেম্বৰৰ সময়সীমাৰ পূৰ্বে নিজৰ বৰ্তমানৰ ৰেকৰ্ডিংসমূহ বেকআপ লোৱাটো নিশ্চিত কৰক, কাৰণ ইয়াৰ পিছত সকলো ডাটা স্থায়ীভাৱে ডিলিট হৈ যাব।

লগতে পঢ়ক: ChatGPT ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ!লিক হ’ল ব্যক্তিগত মেছেজ

ভাৰতত নিৰ্মিত I Phone ত কিমান প্ৰভাৱ পেলাব ট্ৰাম্পৰ শুল্কই? টিম কুকে কৰিলে প্ৰকাশ

ভাৰতত নিৰ্মিত I Phone ত কিমান প্ৰভাৱ পেলাব ট্ৰাম্পৰ শুল্কই?

I Phone নিৰ্মাতা কোম্পানী এপলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক (এপ্ৰিল-জুন)ৰ ফলাফল ঘোষণা কৰিছে।

এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ ৯৪.০৪ বিলিয়ন ডলাৰ (প্ৰায় ৮.২১ লাখ কোটি টকা), যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১০ শতাংশ বেছি।

আনহাতে, ৱাল ষ্ট্ৰীটৰ ৰাজহ প্ৰায় ৮৯ বিলিয়ন ডলাৰ (প্ৰায় ৭.৭৭ লাখ কোটি টকা) বুলি অনুমান কৰা হৈছিল।

২০২১ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোম্পানীটোৰ ৰাজহ ইমানেই বৃদ্ধি পাইছে, যিয়ে ইয়াৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ ইংগিত দিয়ে।

অৱশ্যে ইয়াৰ মাজতে এপলৰ চিইঅ’ টিম কুকে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে নিৰ্মাণ কৰি থকা ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্কৰ হেঁচা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে।

কোম্পানীটোৰ ত্ৰিমাসিক ফলাফল ঘোষণা কৰি তেওঁ কয় আমেৰিকাত বিক্ৰী হোৱা আইফোনৰ অধিকাংশই ভাৰতত নিৰ্মিত।

এনে পৰিস্থিতিত আমেৰিকাৰ বাণিজ্য নীতিৰ নতুন ঢৌৱে সৃষ্টি কৰা আৰ্থিক হেঁচাতো এপল পিছ হুহুকি যোৱা নাই।

কোম্পানীটোৰ চিইঅ’ গৰাকীয়ে লগতে কয় যে, “I Phone ৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰসমূহৰ ভিতৰত ভাৰত অন্যতম। এপলৰ অধিকাংশ সামগ্ৰীও ধাৰা ২৩২ৰ অধীনত তদন্তৰ পৰিসৰৰ অন্তৰ্গত।

লগতে কেৱল চতুৰ্থ ত্ৰৈমাসিকত ১১ বিলিয়ন ডলাৰৰ শুল্কৰ সন্মুখীন হ’ব পাৰে। যদিও এপলে আইফোন উৎপাদনৰ এক বৃহৎ অংশ ভাৰতলৈ স্থানান্তৰিত কৰিছে, কিন্তু শুল্কৰ বোজা এতিয়াও আছে, বিশেষকৈ চীনক লক্ষ্য কৰি জাপি দিয়া IEEPA (আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন) শুল্কৰ কাৰণে।”

লগতে পঢ়ক: ‘শুনিছোঁ ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে, ভাল কথা’; ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

ডনাল্ড ট্ৰাম্পৰ শুল্ক ধমকি; ভাৰতত বৃদ্ধি হ’ব নেকি IPhone ৰ দাম

ট্ৰাম্পৰ শুল্ক ধমকি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপলৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে।ট্ৰাম্পে কয় যে যদি আমেৰিকাত বিক্ৰী হোৱা আইফোনসমূহ আমেৰিকাত নিৰ্মিত নহয়, তেন্তে কোম্পানী সমূহে ২৫ শতাংশ শুল্ক দিব লাগিব। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বৃদ্ধি পাব নেকি আইফোনৰ দাম।

জানিব পৰা মতে যদি ডনাল্ড ট্ৰাম্পে ২৫ শতাংশ শুল্ক বৃদ্ধিও কৰে তথাপিও ভাৰতত নিৰ্মিত আইফোন আমেৰিকাৰ বজাৰত সুলভ হৈ থাকিব।

ভাৰতত নিৰ্মিত আইফোনৰ ওপৰত যদি ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়, তেতিয়াও আমেৰিকাত নিৰ্মিত আইফোনতকৈ উৎপাদন খৰচ কম হ’ব।

এই ফোনসমূহৰ ওপৰত শুল্ক আৰোপ কৰিলেও ভাৰতত উৎপাদন অৰ্থনৈতিকভাৱে লাভজনক হ’ব।ইয়াৰ বাবে প্ৰতিবেদনত আইফোনৰ মূল্য শৃংখল ভাঙি পেলোৱা হৈছে।

১০০০ ডলাৰৰ আইফোনত এপলৰ মাৰ্জিন সৰ্বাধিক। ইয়াৰে কোম্পানীটোৱে ৪৫০ ডলাৰ লাভ কৰে।

কোৱালকম আৰু বৰ্ডকমৰ দৰে আমেৰিকান কম্পোনেণ্ট নিৰ্মাতাই প্ৰতিটো ফোনত ৮০ ডলাৰ লয়, আনহাতে টাইৱানৰ চিপ নিৰ্মাতাসকলে ১৫০ ডলাৰ লয়।

যদিও চীন আৰু ভাৰত আইফোন নিৰ্মাণৰ ক্ষেত্ৰত ডাঙৰ খেলুৱৈ, তথাপিও তেওঁলোকৰ উপাৰ্জন প্ৰতি ইউনিটত প্ৰায় ৩০ ডলাৰ।

অৰ্থাৎ ভাৰত আৰু চীনে আইফোনৰ মুঠ মূল্যৰ মাত্ৰ ৩ শতাংশহে লাভ কৰে।এই ভিত্তিতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত নিৰ্মিত আইফোনত শুল্ক আৰোপ কৰা হ’লেও সেয়া সুলভ হ’ব।

লগতে পঢ়ক: বলীউডত কান্দোনৰ ৰোল; অভিনেতা মুকুল দেৱ আৰু নাই

Tech কোম্পানীসমূহৰ ওপৰত ট্ৰাম্পৰ মোক্ষম আঘাত; আমেৰিকাৰ বাহিৰত নিৰ্মিত আইফোনত ২৫% শুল্ক আৰোপ

শুল্ক আৰোপ

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ বাণিজ্য যুদ্ধৰ জল্পনা-কল্পনাত ইন্ধন যোগাইছে । তেওঁ ১ জুনৰ পৰা ইউৰোপীয় সংঘৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । লগতে আমেৰিকাত নিৰ্মাণ নোহোৱা সকলো স্মাৰ্টফোনৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছে, য’ত এপলৰ আইফোনো অন্তৰ্ভুক্ত ।তেওঁৰ এই বক্তব্যই বিশ্বৰ বজাৰত আলোড়নৰ সৃষ্টি কৰিছে ।

ছ’চিয়েল মিডিয়াত দিয়া এটা বাৰ্তাত ড’নাল্ড ট্ৰাম্পে ইউৰোপীয় ইউনিয়নক লক্ষ্য কৰি কয় যে, বাণিজ্যিক আলোচনা স্থবিৰ হৈ পৰিছে ।

তেওঁলোকৰ সৈতে আমাৰ আলোচনা কোনো সিদ্ধান্তত উপনীত হোৱা নাই । ইউৰোপীয় ইউনিয়নে অন্যায় আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ইউৰোপত আমেৰিকাৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ জোৰ দিয়ে ।

ট্ৰাম্পে এপলক ঘৰুৱাভাৱে আইফোন উৎপাদন কৰিব লাগিব বুলিও সকীয়াই দিয়ে । অন্যথা কোম্পানীটো নতুন শুল্কৰ সন্মুখীন হ’ব লাগিব ।

ট্ৰাম্পে কয় যে তেওঁ বহু আগতেই এপলৰ চিইঅ’ টিম কুকক কৈছিল যে আইফোন আমেৰিকাত উৎপাদন হ’ব লাগে ।

ডনাল্ড ট্ৰাম্পে কয় যে ‘টিম কুকে ভাৰতত এটা প্লাণ্ট নিৰ্মাণ কৰিবলৈ ওলাইছে।মই কলো ভাৰতলৈ যোৱাটো ঠিকেই আছে, কিন্তু ইয়াত টেৰিফ নোহোৱাকৈ বিক্ৰী নকৰিবা’।

‘যদি তেওঁলোকে আমেৰিকাত আইফোন বিক্ৰী কৰিবলৈ গৈ আছে তেন্তে মই বিচাৰো যে ইয়াক আমেৰিকাত নিৰ্মাণ কৰা হওক’।

বৰ্তমান এপলে চীনৰ শুল্ক এৰাই চলিবলৈ আইফোন এছেম্বলীৰ বহুখিনি ভাৰতলৈ স্থানান্তৰিত কৰিছে, কিন্তু উৎপাদন আমেৰিকালৈ হস্তান্তৰ কৰাৰ কোনো ৰাজহুৱা পৰিকল্পনা নাই ।

বিশ্লেষকসকলে কয় যে আমেৰিকাত আইফোন নিৰ্মাণ কৰিলে দাম শৰ পৰা হাজাৰ হাজাৰ ডলাৰ বৃদ্ধি পাব ।

পিছত ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে জুন মাহৰ শেষৰ ফালে এপল, চেমচাং আৰু যিকোনো বিদেশী ফোনত এই স্মাৰ্টফোন শুল্ক আৰোপ কৰা হ’ব ।

লগতে পঢ়ক: ‘শিৱসেনাৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰা হ’ব যদিহে..’; ৰাজ থাকৰেৰ দলৰ ডাঙৰ বক্তব্য

আইফোন ৰপ্তানিৰ কেন্দ্ৰ হৈ পৰিল ভাৰত… এবছৰত ২ লাখ কোটি টকাৰ স্মাৰ্টফোন বিক্ৰী

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ২ লাখ কোটি টকাৰো অধিক মূল্যৰ অভিলেখ সংখ্যক স্মাৰ্টফোন ৰপ্তানি কৰিছে । ২০২৩-২৪ চনৰ তুলনাত এই সংখ্যা ৫৪ শতাংশ বেছি । ইয়াত কেৱল এপলৰ অংশ ১.৫০ লাখ কোটি টকা । কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে যে প্ৰডাকচন লিংকড ইনচেন্টিভ (পি এল আই) আঁচনিৰ বাবেই এয়া সম্ভৱ হৈছে ।

মঙলবাৰে আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়াত লিখিছে, ৰপ্তানি বৃদ্ধিয়ে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে । ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এম এছ এম ই সমূহ বিশ্বব্যাপী যোগান নেটৱৰ্কৰ অংশ হৈ পৰিছে । ইয়াৰ ফলত স্থানীয় ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশ তন্ত্ৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষৰ মাত্ৰ ১১ মাহত (এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীলৈকে) ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি ১.৭৫ লাখ কোটি টকা অতিক্ৰম কৰিছিল ।

বৈষ্ণৱে কয়, বৰ্তমান কেৱল দেশৰ ইলেক্ট্ৰনিকছ ৰপ্তানি বৃদ্ধি হোৱাই নহয়, দেশত ব্যৱহৃত ফোনসমূহৰ ৯৯ শতাংশ ভাৰতত নিৰ্মাণ কৰা হৈছে । ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত এপলৰ অৱদান সৰ্বাধিক । মুঠ ৰপ্তানিত আইফোনৰ অংশ প্ৰায় ৭০ শতাংশ । কেৱল তামিলনাডুৰ ফক্সকন উদ্যোগটোৱে ৰপ্তানিৰ ৫০ শতাংশ অৰিহণা যোগাইছিল ।

এপলে ভাৰতৰ পৰা আমেৰিকালৈ অধিক আইফোন ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ আঁৰৰ কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক বুলি ধাৰণা কৰা হৈছে । চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ বৰ্ধিত ব্যয় হ্ৰাস কৰাৰ বাবে এই পদক্ষেপক অস্থায়ী সমাধান হিচাপে বিবেচনা কৰিছে কোম্পানীটোৱে ।

১০ বছৰত ছয়গুণতকৈও অধিক বৃদ্ধি পালে ৰপ্তানি-

বৈষ্ণৱে কয় যে, যোৱা ১০ বছৰত দেশত ইলেক্ট্ৰনিকছ উৎপাদন পাঁচগুণতকৈ অধিক বৃদ্ধি পাইছে আৰু ৰপ্তানি ছয়গুণতকৈও অধিক বৃদ্ধি পাইছে । চৰকাৰে নিষ্ক্রিয় উপাদান পৰিকল্পনাৰ বাবে এক খচৰা বিজ্ঞপ্তি প্ৰকাশ কৰিছে, যি প্ৰায় দুটা সপ্তাপ পৰ্যন্ত পৰামৰ্শৰ বাবে খোলা থাকিব ।

মন্ত্ৰীগৰাকীয়ে পেচিভ কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনি আৰু গাইডলাইনৰ কথাও ঘোষণা কৰে । ২২,৯১৯ কোটি টকাৰ প্ৰহোতসন প্ৰদানৰ ব্যৱস্থা আছে, যাৰ ফলত প্ৰায় এক লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হ’ব আৰু সম্পূৰ্ণ সামগ্ৰীৰ মূল্য সংযোজনৰ প্ৰসাৰ ঘটিব । ইয়াত ৪০০ৰো অধিক সৰু-ডাঙৰ উৎপাদন ইউনিট আছে, যিয়ে বিভিন্ন ধৰণৰ অংশ নিৰ্মাণ কৰে ।

ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনিৰ অধীনত এই সুবিধাসমূহ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰি ছবছৰৰ বাবে প্ৰদান কৰা হ’ব বুলিও তেওঁ কয় । টাৰ্ণঅভাৰ সংযুক্ত প্ৰহোতসনৰ বাবে কোম্পানীসমূহে ১০ কোটিৰ পৰা ১০০০ কোটি টকাৰ ভিতৰত বিনিয়োগ কৰিব লাগিব আৰু প্ৰহোতসন ১ৰ পৰা ১০ শতাংশৰ ভিতৰত হ’ব । এই আঁচনিৰ অধীনত প্ৰিণ্টেড চাৰ্কিট বৰ্ড আৰু এছএমডি পেচিভ কম্পোনেণ্টৰ বাবে ২৫ শতাংশ পৰ্যন্ত মূলধনী ব্যয়ৰ প্ৰসোতসনৰ লগতে টাৰ্ণঅভাৰ লিংকড প্ৰহোতসন প্ৰদান কৰা হ’ব ।