“বেইজিং ভ্ৰমণ এতিয়া বহু দূৰত নহয়”
আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক এতিয়া পুনৰ ভাললৈ আহিছে।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিছে।
ড’নাল্ড ট্ৰাম্পে মঙলবাৰে ইংগিত দিছিল যে হয়টো অতি সোনকালেই তেওঁৰ চীন ভ্ৰমণ হ’ব পাৰে, যিয়ে এইটো দেখুৱাইছে যে বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতি আমেৰিকা আৰু চীনে পাৰস্পৰিক বাণিজ্যিক উত্তেজনা লাঘৱ কৰাৰ পিছত সম্পৰ্কটোক পুনৰ শুদ্ধ পথলৈ অনাৰ দিশত আগবাঢ়িছে।ইফালে, ট্ৰাম্পে উল্লেখ কৰিছে যে “বেইজিং ভ্ৰমণ বহু দূৰত নহয়”।
ট্ৰাম্পে হয়তো চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ইংগিত দিছে।কিন্তু ট্ৰাম্পৰ মেজাজ কেতিয়া সলনি হ’য়, সেই বিষয়ে একো ক’ব নোৱাৰি।বৰ্তমান চীনৰ সৈতে বাণিজ্যিক চুক্তি কৰাৰ পিছত ট্ৰাম্পে বন্ধুত্বৰ কথা আৰম্ভ কৰিছে।
ট্ৰাম্পে এই মন্তব্য হোৱাইট হাউছত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰৰ সৈতে হোৱা বৈঠকত কৰিছিল।
তেওঁ কৈছিল যে, “বেইজিং ভ্ৰমণ এতিয়া হয়তো বেছি দূৰত নহয়। আমি চীনৰ সৈতে বহুত ভাল সমন্বয় স্থাপন কৰি আছো।আমাৰ সম্পৰ্ক সঁচাকৈয়ে ভাল।”
এই মন্তব্যটো এনে সময়ত আহিছে যি সময়ত আমেৰিকাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ মাজত ভাৰসাম্য ৰক্ষাৰ ৰণনীতিত কাম কৰি আছে, আৰু ফিলিপাইনছৰ দৰে অংশীদাৰ দেশসমূহৰ সৈতে সামৰিক সহযোগিতা শক্তিশালী কৰা। ফিলিপাইনছৰ সৈতে হোৱা “কল্পনাতীত সামৰিক সম্পৰ্ক”কো ট্ৰাম্পে প্ৰশংসা কৰে।
যোৱা কেইবছৰমানৰ পৰা আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধ চলি আহিছে, য’ত দুয়োখন দেশে ইজনে সিজনৰ সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছিল।
কিন্তু শেহতীয়াকৈ জেনেভা আৰু লণ্ডনত অনুষ্ঠিত হোৱা দুখন উচ্চ পৰ্যায়ৰ আলোচনাৰ পিছত দুয়োপক্ষই শুল্ক শিথিল আৰু বাণিজ্যিক বাধা হ্ৰাসৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে।
ট্ৰাম্পে কৈছিল যে, চীনে এতিয়া পুনৰ আমেৰিকাক আপুৰুগীয়া মাটিৰ ধাতুৰে নিৰ্মিত চুম্বক যোগান ধৰিবলৈ আৰম্ভ কৰিছে, যিবোৰ আইফোন, বৈদ্যুতিক বাহন, ৰবট আৰু সামৰিক সঁজুলিত ব্যৱহাৰ কৰা হয়।
ট্ৰাম্পে হোয়াইট হাউছলৈ ঘূৰি অহাৰ পিছৰে পৰা শীঘ্ৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক লগ পাব পাৰে বুলি জল্পনা-কল্পনা বাঢ়িছে।সাময়িকভাৱে হ’লেও এই সন্মিলনে দুয়োখন দেশৰ মাজত আস্থা ঘূৰাই অনাত সহায় কৰিব পাৰে।