ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘোষণা ট্ৰাম্পৰ
মধ্য প্ৰাচ্যৰ উত্তেজনাৰ মাজতে ইৰাণৰ আকাশমাৰ্গত আমেৰিকাই সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কয় যে ইৰাণৰ বায়ু প্ৰতিৰক্ষা আমেৰিকাত নিৰ্মিত সামৰিক প্ৰযুক্তিৰ সন্মুখত একো নহয় । তেওঁ ছ’চিয়েল মিডিয়াত এটা পোষ্টত আমেৰিকাৰ প্ৰতিৰক্ষা ক্ষমতাৰ শ্ৰেষ্ঠত্বৰ প্ৰশংসা কৰে ।
ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত ট্ৰাম্পে লিখিছে, “ইৰাণত ভাল স্কাই ট্ৰেকাৰ আৰু অন্যান্য প্ৰতিৰক্ষামূলক সঁজুলি বহুত আছিল, কিন্তু ইয়াৰ তুলনা আমেৰিকাই নিৰ্মাণ কৰা ‘বস্তু’ৰ সৈতে নহয় । আমেৰিকাতকৈ ভাল কোনেও কৰিব নোৱাৰে ।”
ইয়াৰ পূৰ্বে ট্ৰাম্পে আন এক প্ৰৰোচনামূলক বক্তব্য আগবঢ়াইছিল য’ত তেওঁ কয় যে আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে জানে যে বৰ্তমান খোমেইনী ক’ত আছে ।
টাইমছ অৱ ইজৰাইলৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণ-ইজৰাইল যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বান কৰিছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “বিনাচৰ্তে আত্মসমৰ্পণ !” ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষৰ পিছত মধ্যপ্ৰাচ্যত অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে ।
ট্ৰাম্পে কয়, “আমি সঠিকভাৱে জানো তথাকথিত ‘সৰ্বোচ্চ নেতা’জন ক’ত লুকাই আছে । তেওঁ সহজ লক্ষ্য, কিন্তু তেওঁ তাত নিৰাপদ । আমি তেওঁক নিৰ্মূল কৰিবলৈ যোৱা নাই । অন্ততঃ এতিয়াৰ বাবে নহয় ।”
ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়াই দি কয় যে, “কিন্তু আমি নিবিচাৰো যে সাধাৰণ নাগৰিক বা আমেৰিকান সৈনিকৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হওক । আমাৰ ধৈৰ্য্য শেষ হৈ গৈ আছে ।”
লগতে পঢ়ক : মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ