উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ
উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে । লগে লগে দ্ৰুতগতিত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ।
বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত অধিক বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে । ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে বান আৰু ভূমিস্খলনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন ব্যাহত কৰিছে ।
ভূমিস্খলনত ৫জনৰ মৃত্যু-
গুৱাহাটীত ভূমিস্খলনৰ ফলত বহু কেইটা বাসগৃহৰ ক্ষতি হয় । এই ঘটনাত একেটা পৰিয়ালৰ তিনিজন সদস্যকে ধৰি ৫জন লোকৰ মৃত্যু হয় । ঘটনাৰ পিছতে অঞ্চলটোত নতুন সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে । ইয়াৰ উপৰিও গোলাঘাট জিলাত বানত উটি যোৱাৰ ফলত দুজন আৰু লখিমপুৰত এজন লোকৰ মৃত্যু হয় ।
অৰুণাচল প্ৰদেশ : ৭ জন নিহত
অৰুণাচল প্ৰদেশত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এখন বাহন উটুৱাই নিয়াৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । আন এক ঘটনাত দুজন লোক পানীত ডুব যায় । ৰাজ্যখনত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে ।
মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়: ২৪ ঘন্টাত ৮ জনৰ মৃত্যু
বিগত ২৪ ঘন্টাত মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ত ৮ জন লোকৰ মৃত্যু হৈছে । হঠাৎ অহা বান আৰু ভূমিস্খলনৰ ফলত এই লোকসকলৰ মৃত্যু হৈছে ।
মণিপুৰ : ইম্ফলত স্থবিৰ হৈ পৰিছে জন-জীৱন
মণিপুৰৰ ৰাজধানী ইম্ফলত তিনিদিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণে সম্পূৰ্ণৰূপে বিঘ্নিত কৰিছে স্বাভাৱিক জীৱন । চহৰৰ বহু ঠাইত পানী জমা হোৱাত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ইম্ফল নদীৰ পাৰৰ অঞ্চলসমূহত বসবাস কৰা লোকসকলক অনতিপলমে সুৰক্ষিত স্থানলৈ যাবলৈ প্ৰশাসনে আহ্বান জনাইছে । বানপানীৰ সতৰ্কবাণীও জাৰি কৰা হৈছে ।
উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ-
আগন্তুক দিনতো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি সকীয়াই দিছে বতৰ বিজ্ঞান বিভাগে । বিভাগটোৱে অসমৰ বহু প্ৰান্তৰ বাবে ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । আনহাতে উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহৰ বাবে অৰেঞ্জ আৰু য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।
ইফালে অসমৰ ১৭খন জিলা বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৭৮ হাজাৰৰো অধিক লোক । ১২০০ৰো অধিক লোকক ৫টা ভিন্ন সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে । লখিমপুৰ জিলা বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত ৪১,৬০০ৰো অধিক লোক বিপদত পৰিছে । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়ে আছে ।
লগতে পঢ়ক : এফালে ভূমিস্খলন আৰু আনফালে তিস্তাৰ ভয়াৱহ ৰূপ… ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ